Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:55 am

Home » ক্ৰীড়া » ইতিহাস ৰচি ফিফা বিশ্বকাপৰ ফাইনেলত ক্ৰৱেচিয়া

ইতিহাস ৰচি ফিফা বিশ্বকাপৰ ফাইনেলত ক্ৰৱেচিয়া


মস্কোঃ সােণালী ইতিহাস ৰচি ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে ক্ৰৱেচিয়াই। বুধবাৰে মস্কোত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত ১৯৬৬ চনৰ চেম্পিয়ন ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে ক্ৰৱেচিয়াই। সুদীর্ঘ ৫২ বছৰৰ পাছত ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে খেলা ইংলেণ্ড এইবাৰ ছেমি ফাইনেলৰ পৰাই বিদায় লয়। ৰাছিয়াৰ লুজনিকি ষ্টেডিয়ামত অনুষ্ঠিত আক্রমণপ্রত্যক্রমণেৰে ভৰা মেছখনত খেলৰ পঞ্চম মিনিটতে কিনে ট্রপিয়েৰে এটা দৃষ্টিনন্দন ফ্রী কিকেৰে ইংলেণ্ডক ১-০ৰ অগ্রগতি দিয়ে। এটা গলত পিছ পৰি ক্ৰৱেচিয়াৰ দলটো হঠাতে কিংকর্তব্যবিমূঢ় হৈ পৰে আৰু তাৰ সুযােগ গ্রহণ কৰি যুর ইংলেণ্ড কেইবাটাও আক্রমণ চলায় যদিও গ’ল কৰাত ব্যর্থ হয়। প্রথমার্ধ ০-১ গ’লত পিছ পৰি থাকে যদিও দ্বিতীয়ার্ধত লােকা মড্রিচ আৰু ইভান ৰাকিটিচৰ সু-পৰিচালিত ৰণকৌশলেৰে খেলৰ মাজলৈ উভতি আহে ক্ৰৱেচিয়া। 
খেলৰ ৬৮ মিনিটত ক্ৰৱেচিয়াৰ ইভান পেৰিছিচে ইংলেণ্ডৰ গ’লৰক্ষক পিকফ’র্ডক পৰাভূত কৰি মেছত ১-১ সমতা স্থাপন কৰে। দুয়ােটা দলেই অগ্রগতি লােৱাৰ কেইবাটাও সুযােগ পায়াে সফল নহয়। নির্ধাৰিত ৯০ মিনিটত খেলৰ ফলাফল নােলােৱাত অতিৰিক্ত সময়ৰ সহায় ল’ব লগা হয়। অতিৰিক্ত সময়ত খেলৰ ১০৯ মিনিটত পেৰিছিচৰ এটা হেডাৰত অভিজ্ঞ স্ট্রাইকাৰ মাৰিঅ’ মজুকিচে বিজয়সূচক গ’লটো দি ফিফা বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিলে। উল্লেখ্য যে ১৯৯১ চনত স্বাধীনতা লাভ কৰা দেশখনে ১৯৯৮ চনত প্রথমবাৰ বিশ্বকাপ খেলিয়েই তৃতীয় স্থান লাভ কৰিছিল। ইফালে দুর্ভাগ্যই লগ নেৰা ইংলেণ্ড ১৯৬৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্রকট কৰিছিল যদিও সেই আশা নির্বাপিত হয়। অহা ১৫ জুলাইত মস্কোত খিতাপ দখলৰ যুঁজত ফ্ৰান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ক্ৰৱেচিয়া। আনহাতে, তৃতীয় স্থান দখলৰ বাবে ১৪ জুলাইত বেলজিয়ামৰ সৈতে যুঁজিব ইংলেণ্ড।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি