Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:48 pm

Home » আঞ্চলিক » শ্বিলঙত এনইচিৰ বৈঠকত কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

শ্বিলঙত এনইচিৰ বৈঠকত কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিং


উন্নত-শান্তিপূর্ণ ‘নিউ নর্থ ইষ্ট’ৰ জৰিয়তেহে ‘নিউ ইণ্ডিয়া’ গঢ়ি উঠিব
শ্বিলং ঃ উন্নত আৰু শান্তি পূর্ণ নিউ নর্থ-ইষ্টৰ বিকাশত গুৰুত্ব আৰু গৃহমন্ত্ৰীৰ জৰিয়তেহে ‘নিউ ইণ্ডিয়া’ গঢ়ি উপস্থিতিতে পেট্রল বােমা তােলাটো সম্ভৱপৰ নিউ নর্থ-ইষ্টৰ দৃষ্টিভংগীয়েহে নিউ উন্নত-শান্তিপূর্ণ ‘নিউ নর্থ-ইষ্ট’ৰ জৰিয়তেহে ‘নিউ ইণ্ডিয়া’ ইণ্ডিয়াৰ সপােন সাকাৰ কৰিব। —এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। শ্বিলঙত মঙ্গলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ-পূব পৰিষদ (এন ই চি)ৰ পূৰ্ণাংগ অধিৱেশনৰ সামৰণী অনুষ্ঠানত সম্বােধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে ২০২২ চনৰ ভিতৰত নিউ ইণ্ডিয়া গঢ়ি তােলাৰ সপােন দেখিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নেহে এই সপােন সফল কৰিব বুলি উল্লেখ কৰি তেওঁ কয়- “পথ যােগাযােগ আৰু তথ্য-প্রযুক্তিৰ উন্নত সাসুবিধাইহে নিউ নর্থ-ইষ্ট গঠনত সহায় কৰিব। 
উত্তৰ-পূৰ্বাঞ্চলৰ পথ ব্যৱস্থা অধিক উন্নত কৰিব লাগিব। ইয়াৰ বাবে শেহতীয়াভাৱে কিছু অঞ্চলত বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে। এই অঞ্চলটোৰ অর্থনৈতিক সম্ভাৱনীয়তা উন্নত যােগাযােগ ব্যৱস্থাৰ দ্বাৰাহে বাস্তৱ কৰাটো সম্ভৱপৰ। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন সমস্যা সমাধানৰ লগতে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সৃষ্টি হােৱা জটিলতা দূৰ কৰাৰ বাবে পূর্ণাংগ অধিৱেশনত বিশদভাৱে আলােচনা কৰা হয়। কেন্দ্রীয় গৃহমন্ত্রী সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকি সংশ্লিষ্ট ৰাজ্যসমূহৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰৰ সহায়-সহযােগিতা কামনা কৰে। কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা অধিৱেশনখনৰ সামৰণী অনুষ্ঠানত কেন্দ্রই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত কোনাে আপােচ নকৰে বুলি উল্লেখ কৰি সিঙে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ব্রডবেণ্ড সেৱাৰ মান উন্নত হলে স্থানীয় যুৱক-যুৱতীসকলে ঘৰতে নিয়ােজনৰ সাসুবিধা তথা সুযােগৰ বিষয়ে অৱগত হ’ব পাৰিব। 
ইয়াৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলৰ অন্যান্য দূৰণিবটীয়া অঞ্চললৈ প্ৰব্ৰজনৰ ক্ষেত্ৰত সীমাবদ্ধতা আনিব। একে সময়তে দক্ষতা বিকাশৰ ক্ষেত্ৰত আই টি আই আৰু পলিটেকনিক প্রতিষ্ঠানসমূহক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাই সিঙে কয় যে উত্তৰ-পূব পৰিষদে আঞ্চলিক দক্ষতা বিকাশ প্রতিষ্ঠান স্থাপনৰ বিষয়টো বিবেচনা কৰা উচিত। ইপিনে, ব্যক্তিগত বিনিয়ােগৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে এটা পৰিৱেশ গঢ়াটো উচিত বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়- ‘নিয়ােগ আৰু উপার্জন সুষ্টিকাৰী পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ উগ্রবাদীৰ দৰে সমস্যা হাস কৰিব। ইয়াত বিনিয়ােগৰ বাবে যাতে ব্যক্তিগত বিনিয়ােগকাৰীসকলে সুৰক্ষিত অনুভৱ কৰে, তাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব। বিনিয়ােগকাৰীসকলৰ সমস্যা সমাধান কৰিলে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়ােগক এক নতুন মাত্রা দিব। লক্ষণীয় যে দেশৰ কৃষকসকলৰ উপার্জন ২০২২ চনৰ ভিতৰত দুগুণ কৰিবলৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে লক্ষ্য বান্ধি লৈছে। 
প্রধানমন্ত্রীৰ এই লক্ষ্য পূৰণৰ বাবে কৃষিখণ্ডৰ বিকাশৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাই কেন্দ্রীয় গৃহমন্ত্রী সিঙে উত্তৰ-পূর্বাঞ্চল আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড (এন ই আৰ এ এম এ চি) পুনৰ উজ্জীৱিতকৰণৰ পােষকতা কৰে। ইয়াৰ জৰিয়তে উত্তৰ-পূর্বাঞ্চলত উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিপণন কৰিবলৈ আহ্বান জনাই তেওঁ কয়— কম উৎপাদিত কিন্তু উচ্চ মূল্যৰ শস্য ৰপ্তানিৰ ক্ষেত্ৰত আমি গুৰুত্ব দিয়া উচিত। কিৱি আৰু ফুলৰ দৰে উদ্যান শস্য তথা পচনীয় ৰপ্তানিৰ ক্ষেত্ৰত ৰেল মন্ত্রালয়ে ছপাৰ ফাষ্ট এ চি বাগনৰ জৰিয়তে সহায় কৰিব পাৰে। তদুপৰি উত্তৰ-পূর্বাঞ্চল আঞ্চলিক সামূহিক সম্পদ ব্যৱস্থাপনা প্রকল্পৰ জৰিয়তে আত্মসহায়ক গােটসমূহক সহায় কৰি এই অঞ্চলৰ উপাৰ্জন আৰু নিয়ােজনৰ সুবিধা বৃদ্ধি কৰিব পাৰি। 
আনহাতে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আটাইকেইখন জিলাৰ আৰক্ষীৰ আন্তঃগাঁথনি উন্নয়ন কেন্দ্রীয় চৰকাৰে সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়াব বুলি অধিৱেশনত তেওঁ ঘােষণা কৰে। শাসন ব্যৱস্থাৰ সুৰুঙা প্ৰতিৰােধ কৰি সম্পূর্ণ নিকা এক ব্যৱস্থা নিশ্চিত কৰাবলৈ আটাইকেইজন মুখ্যমন্ত্রীক আহ্বান জনাই তেওঁ কয়— “উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ সম্ভাৱনীয়তা আছে। সেয়েহে সমস্যাজৰ্জৰ অঞ্চলসমূহ চিনাক্ত কৰি নতুন পৰিকল্পনা যুগুত কৰিব লাগিব। এই পৰিকল্পনাসমূহ সময় নির্ধাৰিতভাৱে ৰূপায়ণ কৰিব লাগিব। পূর্ণাংগ অধিৱেশনৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি ডনাৰ মন্ত্রী জিতেন্দ্র সিঙে কয় যে অধিৱেশনখনত উত্থাপিত বিভিন্ন বিষয়ে পৰৱৰ্তী সময়ত অঞ্চলটোক লাভান্বিত কৰিব। বিশেষকৈ উত্তৰ-পূবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সুৰক্ষাজনিত সমস্যা দীঘলীয়া সময়ৰ বাবে অধিৱেশনত আলােচনা হােৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটো উপকৃত হ’ব বুলি তেওঁ উল্লেখ কৰে। এই অধিৱেশনখনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপালৰ উপৰি মুখ্যমন্ত্ৰীসকলে বিভিন্ন বিষয় উত্থাপন কৰে। বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড় চাংমাই উত্তৰ-পূব পৰিষদক অধিক স্বতন্ত্রতা আৰু ক্ষমতা প্রদান কৰিবলৈ আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি