Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 3:35 am

Home » আঞ্চলিক » কাজিৰঙা অর্কিড উদ্যান উচেছদৰ আঁৰত ষড়যন্ত্র আছে

কাজিৰঙা অর্কিড উদ্যান উচেছদৰ আঁৰত ষড়যন্ত্র আছে


কাজিৰঙাঃ  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সমীপৱর্তী দুর্গাপুৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত সমবায় ভিত্তিত গঢ় লৈ উঠা কাজিৰঙা জাতীয় অর্কিড উদ্যানৰ দখলত থকা প্রায় ৬ বিঘা ভূমিত উচেছদ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে মঙ্গলবাৰে জাঙুৰ খাই উঠে ৰাজ্যৰ বুদ্ধিজীৱী সমাজ৷
বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ নেতৃত্বত  বুদ্ধিজীৱী সমাজে কৃষক নেতা অখিল গগৈয়ে চৰকাৰৰ অন্যায় কাম-কাজৰ প্রতিৰোধ কৰাৰ বাবে চৰকাৰে প্রতিশোধমূলকভাৱে এই উচেছদ কৰাৰ পদক্ষেপ লোৱা বুলি সমালোচনা কৰে৷
জাতীয় জনজীৱনৰ অমূল্য সম্পদ সংৰক্ষণৰ বাবে সমবায় ভিত্তিত প্রতিষ্ঠা কৰা এই উদ্যানখনৰ প্রতি লোৱা আক্রোশমূলক পদক্ষেপৰ তীব্র গৰিহণা দিয়ে বুদ্ধিজীৱী আৰু চিন্তাবিদ সমাজে৷ ড০ গোহঁায়ে কয় যে এই উদ্যানখনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ আকর্ষণ বৃদ্ধিহে কৰিছে৷
উদ্যানখনৰ উচেছদ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত শুদ্ধ নহয়৷ চৰকাৰে এই উদ্যানখন উচ্ছেদ কৰাতকৈ প্রসাৰ আৰু প্রচাৰহে কৰিব লাগে বুলিও তেওঁ সদৰী কৰে৷ পর্যটকৰ বাবে অর্কিড উদ্যানখন আকর্ষণৰ অন্যতম কেন্দ্রবিন্দু হৈ পৰিছে বুলিও প্রকাশ কৰি তেওঁ এই উচেছদৰ আঁৰত ষড়যন্ত্র থকাটো নিশ্চিত বুলি কয়৷
চৰকাৰে ৰামদেৱৰ দৰে লোকক হাজাৰ হাজাৰ বিঘা ভূমি আবণ্টন দিছে৷ কাজিৰঙাৰ অন্য প্রান্তত বহু বেদখলো চলি আছে৷ চৰকাৰে সেইবোৰৰ প্রতি চকু নিদি উদ্যানখন ধবংস কৰাৰ কু-অভিপ্রায় কৰা বুলিও বিশিষ্ট বুদ্ধিজীৱীজনে অভিযোগ কৰে৷ চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষা নিজেও নকৰে আৰু আনকো কৰিব নিদিয়ে বুলিও তেওঁ সমালোচনা কৰে৷ উদ্যানখনৰ উচেছদৰ নির্দেশ দি চৰকাৰে জাতিদ্রোহীৰ পৰিচয় দিয়া বুলিও সমালোচনা কৰে৷
তেওঁ কয় যে চৰকাৰে উদ্যানখনৰ সকলো দিশ চালি-জাৰি নাচাই উচেছদ কৰিলে তেওঁলোকৰ স্বেচছাচাৰী ৰূপটো ওলাই পৰিব আৰু ই চৰকাৰখনক জাতিদ্রোহী হিচাপে পৰিগণিত কৰিব৷ ইফালে কাজিৰঙা অর্কিড উদ্যানে বহু স্থানীয় নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে অসমৰ আপুৰুগীয়া সম্পদবোৰ সংৰক্ষণ কৰা বুলি সদৰী কৰি বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালীয়ে উদ্যানখনৰ অনিষ্ট কৰিলে সমগ্র জাতিটোৰে লোকচান হ’ব বুলি কয়৷
তেওঁ উদ্যানখন উদ্বোধন কৰাৰ সময়ত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰা বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে এতিয়া দায়িত্ব লৈ থকা কাকতখনৰ মালিক পক্ষত থকা ৰাজ্যৰ বিত্ত মন্ত্রীজনে ইমানদিনে এই দখলৰ কথা গম পোৱা নাছিল নেকি বুলিও প্রশ্ন কৰে৷ এই উদ্যানখন পৰিচালনা কৰা সমবায় ব্যৱস্থাটোৰ প্রশংসা কৰি তেওঁ কয় যে ইয়াতকৈ ভাল সমবায় আন্দোলন আৰু ক’ত হ’ব পাৰে?
আনহাতে, উদ্যানখনৰ ভূমি সমবায়ৰ নামত পঞ্জীয়ন কৰিবৰ বাবে আগতেই আৱেদন কৰি থোৱাৰ পাছতো চৰকাৰে পঞ্জীয়ন নকৰি উচেছদ চলাবলৈ বিচৰা কার্যহে কৰা বুলিও তেওঁ গৰিহণা দিয়ে৷ প্রাক্তন প্রশাসনিক বিষয়া তথা বুদ্ধিজীৱী জ্যোতি প্রসাদ শইকীয়াই মাটিৰ ক্ষেত্রত বেদখলৰ ন্যায্যতা থকা বুলি সদৰী কৰি কয় যে চৰকাৰীভাৱে ভূমিৰ ভোগদখলৰ ব্যৱস্থা থকা অৱস্থাত উদ্যানখনৰ ক্ষেত্রত উচেছদৰ কথা অহা উচিত হোৱা নাই৷
এয়া দুর্ভাগ্যজনক আখ্যা দি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক উদ্যোগ হিচাপে গঢ় দিবলৈ ব্যক্তিগত আৰু সমবায় ভিত্তিত অংশ থাকিব লাগিব বুলি কয়৷ সাংবাদিক দেৱেন তামুলীয়ে উদ্যানখনৰ ভূমি সম্পর্কীয় নথি-পত্র প্রদর্শন কৰি কয় যে উদ্যানৰ ভূমি সমবায়ৰ নামত পঞ্জীয়ন কৰিবৰ বাবে খোদ বোকাখাতৰ মহকুমাধিপতিয়েই জিলাৰ উপায়ুক্তক প্রতিবেদন দিছিল৷
সমবায়খনৰ মুঠ ভূমি আৰু দখল কৰি ৰখা ভূমিৰ তথ্য দি সেয়া ২০১৫ চনতে সমবায়ৰ নামত পঞ্জীয়ন কৰিবৰ বাবে আৱেদন কৰাৰ কথা সদৰী কৰি প্রতিবেদনত মহকুমাধিপতিজনে দখল কৰি থকা ভূমিখিনিও সমবায়ৰ নামত পঞ্জীয়ন কৰাৰ উপায় আছে বুলি কৈ তাৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্ত আৰু ৰাজহ বিভাগক প্রতিবেদন দিছিল৷ কিন্তু পঞ্জীয়ন নকৰি ভূমিখিনিৰ পৰা উচেছদ কৰিবলৈ লোৱা বুলিহে সমালোচনা কৰি তেওঁ এয়া অন্যায় বুলি কয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি