শ্বিলঙত এনইচিৰ বৈঠকত কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

উন্নত-শান্তিপূর্ণ ‘নিউ নর্থ ইষ্ট’ৰ জৰিয়তেহে ‘নিউ ইণ্ডিয়া’ গঢ়ি উঠিব শ্বিলং ঃ উন্নত আৰু শান্তি পূর্ণ নিউ নর্থ-ইষ্টৰ বিকাশত গুৰুত্ব আৰু গৃহমন্ত্ৰীৰ জৰিয়তেহে ‘নিউ ইণ্ডিয়া’ গঢ়ি উপস্থিতিতে পেট্রল বােমা তােলাটো সম্ভৱপৰ নিউ নর্থ-ইষ্টৰ দৃষ্টিভংগীয়েহে নিউ উন্নত-শান্তিপূর্ণ ‘নিউ নর্থ-ইষ্ট’ৰ জৰিয়তেহে ‘নিউ ইণ্ডিয়া’ ইণ্ডিয়াৰ সপােন সাকাৰ কৰিব। —এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। শ্বিলঙত মঙ্গলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত উত্তৰ-পূব পৰিষদ (এন ই চি)ৰ পূৰ্ণাংগ অধিৱেশনৰ সামৰণী অনুষ্ঠানত সম্বােধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে ২০২২ চনৰ ভিতৰত নিউ ইণ্ডিয়া গঢ়ি তােলাৰ সপােন দেখিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নেহে এই সপােন সফল কৰিব বুলি উল্লেখ কৰি তেওঁ কয়- “পথ যােগাযােগ আৰু তথ্য-প্রযুক্তিৰ উন্নত সাসুবিধাইহে নিউ নর্থ-ইষ্ট গঠনত সহায় কৰিব।  উত্তৰ-পূৰ্বাঞ্চলৰ পথ ব্যৱস্থা অধিক উন্নত কৰিব

কাজিৰঙা অর্কিড উদ্যান উচেছদৰ আঁৰত ষড়যন্ত্র আছে

কাজিৰঙাঃ  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সমীপৱর্তী দুর্গাপুৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত সমবায় ভিত্তিত গঢ় লৈ উঠা কাজিৰঙা জাতীয় অর্কিড উদ্যানৰ দখলত থকা প্রায় ৬ বিঘা ভূমিত উচেছদ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে মঙ্গলবাৰে জাঙুৰ খাই উঠে ৰাজ্যৰ বুদ্ধিজীৱী সমাজ৷ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ নেতৃত্বত  বুদ্ধিজীৱী সমাজে কৃষক নেতা অখিল গগৈয়ে চৰকাৰৰ অন্যায় কাম-কাজৰ প্রতিৰোধ কৰাৰ বাবে চৰকাৰে প্রতিশোধমূলকভাৱে এই উচেছদ কৰাৰ পদক্ষেপ লোৱা বুলি সমালোচনা কৰে৷ জাতীয় জনজীৱনৰ অমূল্য সম্পদ সংৰক্ষণৰ বাবে সমবায় ভিত্তিত প্রতিষ্ঠা কৰা এই উদ্যানখনৰ প্রতি লোৱা আক্রোশমূলক পদক্ষেপৰ তীব্র গৰিহণা দিয়ে বুদ্ধিজীৱী আৰু চিন্তাবিদ সমাজে৷ ড০ গোহঁায়ে কয় যে এই উদ্যানখনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ আকর্ষণ বৃদ্ধিহে কৰিছে৷ উদ্যানখনৰ উচেছদ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত শুদ্ধ নহয়৷

অনিশ্চয়তাত ১০০ মেগাৱাট উৎপাদনক্ষম বিদ্যুৎ প্রকল্প

নামৰূপঃ  যি সময়ত সমগ্র অসমত দৈনিক প্রায় ১৫০০ মেগাৱাট বিদ্যুতৰ প্রয়োজনীয়তাৰ বিপৰীতে অসম চৰকাৰে মাত্র ২০০ মেগাৱাটহে বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হয়, তেনে সময়তে নামৰূপত নির্মীয়মাণ ‘১০০ মেগাৱাট ৰিপ্লেচমেণ্ট পাৱাৰ প্রজেক্ট’ৰ কাম সম্পূর্ণ হোৱাৰ আগতেই প্রকল্পটো খহি পৰা ঘটনাই বিদ্যুতৰ নাটনিত থকা অসমবাসীক অধিক সমস্যাৰ গৰাহলৈ ঠেলি দিছে৷ অতি নিম্নমানৰ নির্মাণ কার্য আৰু নামৰূপ তাপবিদ্যুৎ কেন্দ্রৰ ঊধর্বতন কর্তৃপক্ষৰ চূড়ান্ত দুর্নীতিৰ বাবে মঙ্গলবাৰে ৰাতি ১০ বজাত উদ্যোগটোৰ আটাইতকৈ গুৰুত্বপূর্ণ অংশ ষ্টীম টাৰবাইন জেনেৰেশ্যন বিল্ডিঙৰ কংক্রীটৰ মূধচখন সম্পূর্ণৰূপে খহি পৰে৷ বর্তমান সময়লৈকে প্রায় দহ কোটি টকা ক্ষয়-ক্ষতিৰ অনুমান কৰা দুর্ঘটনাৰ ফলত মূধচৰ তলত থকা ষ্টীম টাৰবাইনটোৰ যদি ক্ষতি হয় তেন্তে ইয়াৰ ক্ষতিৰ পৰিমাণ শ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ উদ্যোগটোৰ নির্মাণৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্রীক নৃশংস হত্যা ৰে’লৰ শৌচালয়ত

শিৱসাগৰঃ ৰে’ল যাত্রীৰ সুৰক্ষাৰ দিশটোলৈ চৰম ভ্রূকুটি দেখুৱাই মঙ্গলবাৰে চলন্ত ৰে’লৰ ভিতৰতে শিৱসাগৰ জিলাৰ শিমলুগুৰিত এটা শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হোৱাত সমগ্র ৰাজ্যখনতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷  মঙ্গলবাৰে পুৱা প্রায় ৯ বজাত শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংছনত ৰে’ল আৰক্ষীৰ এটা নিয়মীয়া তালাচী দলে দবাৰ ভিতৰৰ শৌচালয়ত উদ্ধাৰ কৰে এগৰাকী মেধাৱী ছাত্রীৰ মৃতদেহ৷ পিছত ছাত্রীগৰাকী শিৱসাগৰ নগৰৰ এ এছ টি চি আস্থানৰ সমীপৰ লাচিত নগৰত ভাৰাতীয়া হিচাপে থকা তাৰা দেৱীৰ জ্যেষ্ঠা কন্যা বুলি নিশ্চিত কৰা হয়৷ বিহাৰৰ পৰা আহি কেইবাটাও দশক ধৰি শিৱসাগৰত বাস কৰা ৰাধা কুমাৰী নামৰ ছাত্রীগৰাকীৰ পিতৃও প্রায় দহ বছৰৰ পূর্বে এক দুর্ঘটনাত ৰহস্যজনক মৃত্যু হৈছে৷ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্রী ৰাধা কুমাৰী মঙ্গলবাৰে পুৱাই ভাৰাঘৰৰ পৰাই

অনাগত দহ দিনলৈ ৰাজ্যত চালানী মাছ নিষিদ্ধ ঘোষণা

গুৱাহাটীঃ বুধবাৰৰ পৰা ৰাজ্যৰ মাছৰ বজাৰত অভাৱনীয় নাটনি পৰিলক্ষিত হয়৷ কেৱল থলুৱাভাৱে উৎপাদিত হোৱা মাছহে  ৰাজ্যৰ বজাৰত উপলব্ধ হ’ব৷ বহিঃৰাজ্যৰ পৰা আমদানি কৰা কোনো মাছ  অনাগত দহ দিনলৈ ৰাজ্যৰ বজাৰত ব্যৱসায়ীয়ে বিক্রী কৰিব নোৱাৰিব৷ অর্থাৎ  কার্যকৰী হোৱাকৈ দহ দিনলৈ ৰাজ্যৰ বজাৰত চালানী মাছ বিক্রীত নিষেধাজ্ঞা জাৰি কৰিলে ৰাজ্য চৰকাৰে৷ মানুহৰ মৃতদেহত ব্যৱহাৰ কৰা মাৰাত্মক ফর্মেলিন চালানী মাছত ব্যৱহাৰ কৰাৰ পৰিপ্রেক্ষিতত অনাগত দহ দিনলৈ চালানী মাছ বিক্রীত নিষেধাজ্ঞা জাৰি কৰাৰ কথা ঘোষণা কৰিলে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীযু়ষ হাজৰিকাই৷ খাদ্য সুৰক্ষা বিষয়াক লগত লৈ গুৱাহাটীত মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি মন্ত্রী দাসে কয় যে ২৯ জুনত গুৱাহাটীৰ লখৰাত থকা মাছৰ পাইকাৰী বজাৰত অভিযান চলাই কেইবাটাও নমুনা সংগ্রহ কৰি সেই নমুনাকেইটা খাদ্য