Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:21 pm

Home » আঞ্চলিক » জিলা দণ্ডাধীশৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন লাহৰীঘাট তেল ডিপোৰ

জিলা দণ্ডাধীশৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন লাহৰীঘাট তেল ডিপোৰ

অব্যাহত ৰাখিছে হেলমেট পৰিধান নকৰা দুচকীয়া বাহনক তেল দিয়া কাৰ্য

লাহৰীঘাট : মৰিগাঁও জিলাখনত দুচকীয়া বাহনৰ দৌৰাত্ম আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ ফলত বহু লোকৰ প্ৰাণহানি, সম্পত্তিৰ ক্ষতি আৰু সামাজিক শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা হিচাপে মৰিগাঁও জিলা দণ্ডাধীশ হেমেন দাসে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালে বলবৎ হোৱাকৈ এক নিদেৰ্শনা জাৰি কৰিছে।
নিদেৰ্শনা অনুসৰি মৰিগাঁও জিলাৰ সকলো তেল ডিপোতে হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ চালকক ডিপোৱে তেল বিক্ৰী কৰিব নোৱাৰিব। অন্যথা আইন মতে দণ্ডনীয় হব। তেনেস্থলত জিলাখনৰ লাহৰীঘাট তেল ডিপোত বৰ্তমানে অব্যাহত ৰাখিছে হেলমেট নিপিন্ধা দুচকীয়া বাহনক তেল দিয়া কাৰ্য। ডিপোখনত জিলা প্ৰশাসনৰ নিদেৰ্শনা অনুযায়ী জাননী ফলক এখনি আৰি থোৱা আছে যদিও এতিয়ালৈকে বলবৎ হোৱা নাই।
এনেস্থলত জিলাখনৰ ঠায়ে ঠায়ে অবৈধভাৱে গঢ়ি উঠা সৰু সৰু তেল ব্যৱসায়ীসকলক জিলা প্ৰশাসনৰ এই নিদেৰ্শনাই কিমানদূৰ ঢুকি পাব সেয়া অতি সহজেই অনুমেয়৷
ইপিনে জিলা দণ্ডাধীশৰ নিৰ্দেশনাৰ পিছতো হেলমেট নিপিন্ধা দুচকীয়া বাহনক তেল দিয়া অব্যাহত ৰখা লাহৰীঘাট তেল ডিপোক প্ৰশাসনে কিদৰে নাকী লগাব সেই লৈ সচেতন মহলৰ মাজত প্ৰশ্নৰ আবিৰ্ভাব হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি