Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:38 am

Home » আঞ্চলিক » হিম্মৎসিংকাৰ পৰিয়ালে অসমবাসীক খুজিলে ক্ষমা

হিম্মৎসিংকাৰ পৰিয়ালে অসমবাসীক খুজিলে ক্ষমা

অনা-অসমীয়া বণিয়াই থুলৱা অসমীয়া কৰ্মচাৰীক হাৰাশাস্তি কৰা কেতিয়াও মানি লােৱা নহ’ব, অসমত অসমীয়াই মর্যাদাসহকাৰে কামৰ অধিকাৰ পাবই লাগিব : কৃষক মুক্তি সংগ্ৰাম সমিতি

গুৱাহাটী : অৱশেষত মুকেশ হুণ্ডাইৰ হিম্মৎসিংকাৰ পৰিয়ালে অসমবাসীক ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে। যােৱা ৫ জুলাইত মুকেশ হুণ্ডাইৰ কৰ্মচাৰী কমল দাসক শাৰীৰিকভাৱে নির্যাতন চলােৱা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাও দেওবাৰে জেল হাজোতত সােমাল। কমল দাসৰ ওপৰত হােৱা শাৰীৰিক মানসিক নির্যাতনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্রাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি কেইবাটাও জাতীয় সংগঠনে প্রবল প্রতিবাদ সাব্যস্ত কৰিছিল। এই প্রতিবাদৰ সময়ত ৬ জুলাইত মুকেশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰ ধীৰাজ দাস কাশ্যপে লিখিতভাৱে অসমবাসী ৰাইজক জনাইছিল যে তেওঁলােকৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই অচিৰেই অসমবাসী ৰাইজৰ সন্মুখত সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ কৃতকৰ্মৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব। কিন্তু দেওবাৰে ঋষভ হিম্মৎসিংকা জেললৈ যােৱাৰ প্রেক্ষাপটত ঋষভ হিম্মৎসিংকাই অসমবাসীৰ ওচৰত ক্ষমা খােজাটো অনিশ্চিত হৈ পৰিল।
তেনে প্রেক্ষাপটত প্রতিষ্ঠানটোৰ অন্যান্য স্বত্বাধিকাৰীসকলে যথাক্রমে- ঋষভ হিম্মৎসিংকাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে এক সংবাদমেলৰ জৰিয়তে সমগ্ৰ পৰিয়ালটোৰ হৈ অসমবাসীৰ সন্মুখত নিঃচর্ত ক্ষমা বিচাৰে। মুকেশ হুণ্ডাইৰ প্ৰতিষ্ঠানৰ পৰা পঠিওৱা এই চিঠি যােগে কৃষক মুক্তি সংগ্রাম সমিতিক তেওঁলােকৰ প্রতিশ্রুতি ৰক্ষা কৰা বুলি উল্লেখ কৰে আৰু মুকেশ হুণ্ডাইৰ কার্যালয় আৰু শ্ব’ৰুম পুনৰ খুলিবৰ বাবে অনুমতি বিচাৰে। এনে অনুৰূপ চিঠি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কেইবাটাও সংগঠনলৈও প্ৰেৰণ কৰে।
এক প্রেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে এই বিবৃতি লিখি থকা পর্যন্ত মুকেশ হুণ্ডাইৰ কার্যালয় আৰু শ্ব’ৰুম পুনৰ খুলিবলৈ অনুমতি দিয়া হ’ব নে নহ’ব সিদ্ধান্ত গ্রহণ কৰা হােৱা নাই। ৬ জুলাইৰ প্ৰতিবাদত উপস্থিত থকা সকলােবােৰ জাতীয় সংগঠনৰ লগত আলােচনাৰ পাছতহে বিষয়টোৰ সন্দৰ্ভত এক সিদ্ধান্ত গ্রহণ কৰা হ’ব।
আনহাতে সংবাদমেলত মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰীসকলে উল্লেখ কৰাৰ দৰে নির্যাতিত কৰ্মচাৰী কমল দাসৰ দৰমহা দুগুণ কৰি পদোন্নতি কৰিবলৈ যি প্রতিশ্রুতি দিছে সেই প্রতিশ্রুতি পালন কৰা হয় নে নহয় সেইটো লক্ষ্য কৰা হ’ব। যদিহে কমল দাসে সেই প্রতিষ্ঠানত কাম কৰিবলৈ ইচ্ছুক নহয়, যথােপযুক্ত ক্ষতিপূৰণ সহকাৰে তেওঁক স্বেচ্ছামূলক অৱসৰ দিব লাগিব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে।
তাৰােপৰি স্পষ্ট কৰি দিয়া হৈছে যে কোনাে বিদেশী পুঁজিপতি, উদ্যোগপতি আৰু বহিৰাগত বণিয়াই তেওঁলােকৰ প্রতিষ্ঠানত কাম কৰা কোনাে কর্মচাৰীকেই কোনাে শাৰীৰিক মানসিক নির্যাতন চলাব নােৱাৰিব। অসমত অসমীয়া যুৱক-যুৱতী বা কর্মচাৰীক বহিৰাগত পুঁজিপতি বা বণিয়াই কোনােধৰণৰ শােষণ, লুণ্ঠন, অত্যাচাৰ বা শাৰীৰিক মানসিক নির্যাতন চলালে আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে সেই সম্পর্কে অৱগত হ’লে সংশ্লিষ্ট কাকোৱেই ৰেহাই দিয়া নহ’ব।
অসমত অসমীয়াই মর্যাদা সহকাৰে, স্বাভিমান ৰক্ষা কৰি কাম কৰাৰ অধিকাৰ পাবই লাগিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ভৱিষ্যতে কোনাে বহিৰাগত ব্যৱসায়ীয়ে যাতে অসমীয়াৰ ওপৰত দাদাগিৰি নকৰে তাৰবাবে মুকেশ হুণ্ডাইত সংঘটিত হােৱা ঘটনাটোক শিক্ষা হিচাপে ল’বলৈ বিবৃতিটোত আহ্বান জনােৱা হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি