Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:51 am

Home » আঞ্চলিক » বিভিন্ন ঠাইত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ, নামনিত সৰ্বাত্মক

বিভিন্ন ঠাইত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ, নামনিত সৰ্বাত্মক


বঙাইগাঁওঃ আক্ৰাছুৱে আহবান জনোৱা ২৪ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ নামনি অসমত সৰ্বাত্মকভাৱে পৰে৷ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত সেমবাৰে পুৱা ৫বজাৰে পৰা আহ্বান জনোৱা এই অসম বন্ধত নামনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত আক্ৰাছুৰ নেতা-কৰ্মীসকলে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও জিলাৰ লগতে নামনি অসমত ঠায়ে ঠায়ে দুই-এটা সৰু-সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে৷
উল্লেখযোগ্য যে, দীৰ্ঘদিনৰে পৰা আক্ৰাছুৱে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত তীব্ৰ আন্দোলন কৰি আছে৷
ইফালে চৰকাৰৰ তৰফৰ পৰা দিল্লীত এক আলোচনাৰ বাবে আক্ৰাছুক নিমন্ত্ৰণ জনায় যদিও কেৱল জনজাতিকৰণৰ বাবে নিমন্ত্ৰণ কৰাৰ বাবে উক্ত আলোচনাত আক্ৰাছুৱে অংশ গ্ৰহণ নকৰিলে৷ যদিহে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ দুয়োটা বিষয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ লগতে উক্ত বিষয় দুটাৰ বিভাগ তথা পৰিক্ৰমাৰ লগত আক্ৰাছুৰ আলোচনা হয় তেতিয়াহে আলোচনাত অংশ গ্ৰহণ কৰিব বুলি আক্ৰাছুৰ নেতাই জানিবলৈ দিয়ে৷
জাগীৰোডঃ আক্ৰাছুৱে আহ্বান জনোৱা ২৪ঘণ্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ জাগীৰোডত পৰিলক্ষিত হয়। আক্ৰাছু তথা বন্ধৰ সমৰ্থকসকলে এই লৈ  পুৱাৰ ভাগত জাগীৰোডত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰা দেখা যায়। ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।
টংলাত আক্ৰাছুৰ বন্ধ সৰ্বাত্মক, চিকিৎসকৰ বাহনৰ ক্ষতিসাধন
টংলাঃ আক্ৰাছুয়ে আহ্বান জনোৱা ২৪ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ভেৰগাঁও মহকুমাৰ বিভিন্ন ঠাইৰ লগতে ব্যাৱসায়িক নগৰ টংলাতো সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে৷ বন্ধৰ ফলত টংলা নগৰত সকলো ধৰণৰ সৰু-বৰ যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ উপৰি দোকান-বজাৰ,বেংক আদি বন্ধ থাকে৷ চৰকাৰী কাৰ্যালয়তো কৰ্মচাৰীৰ উপস্থিতি সীমিত দেখা যায়৷ ইয়াৰ মাজতে গুৱাহাটীৰ পৰা ব্যক্তিগত বাহনেৰে পানেৰী উপ-স্বাস্থ্যকেন্দ্ৰত চিকিত্‍সা সেৱা আগবঢ়াবলৈ অহা ডাঃ দীপক দেউৰীক মঙলদৈ-ভূটীয়াচাং পথৰ বান্ধৰ চ’কত একাংশ বন্ধৰ সমৰ্থকে চিকিত্‍সক বুলি পৰিচয় দিয়াৰ পাছতো অপদস্থ কৰাৰ উপৰি তেওঁৰ এ এছ-০২/৭৩৩৯ নম্বৰৰ চাৰি চকীয়া বাহনখন আক্ৰমণ কৰি ক্ষতিসাধন কৰে৷ উক্ত ঘটনাক বৃহত্তৰ পানেৰী অঞ্চলৰ ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু চিকিত্‍সকজনে দিয়া এজাহাৰৰ ভিত্তিত দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি