Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:24 am

Home » আঞ্চলিক » অসমীয়াৰ স্বার্থত গৰজি উঠিল নীতিশ কুমাৰ

অসমীয়াৰ স্বার্থত গৰজি উঠিল নীতিশ কুমাৰ


নতুন দিল্লীঃ জাতি, মাটি, ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দর্ভত মৌনতা অৱলম্বন কৰাৰ সময়তেই বিজেপিৰে অন্যতম সহযোগী জনতা দলে (ইউ) এই জাতিধবংসী বিধেয়কখনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে৷
বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বাধীন দলটোৰৰাষ্ট্রীয় কার্যনির্বাহক বৈঠকত সোমবাৰে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ নতুন দিল্লীৰ যন্তৰ মন্তৰত থকা জনতা দল (ইউ)ৰ কার্যালয়ত অনুষ্ঠিত কার্যনির্বাহক বৈঠকত বিধেয়কখনৰ সন্দর্ভত বিতং আলোচনা কৰাৰ পাছতেই দলটোৱে সংসদৰ বাহিৰে-ভিতৰে এই জাতিধবংসী বিধেয়কখনৰ বিৰোধিতা কৰাৰ ক্ষেত্রত সর্বসন্মতিক্রমে এক প্রস্তাৱ গ্রহণ কৰে৷
প্রণিধানযোগ্য যে যোৱা ১৬ মে’ত সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা এটা প্রতিনিধিৰ দলে বিহাৰৰ মুখ্যমন্ত্রী তথা জনতা দল ( ইউ)ৰ সভাপতি নীতিশ কুমাৰক দেখা কৰি অসমীয়াৰ অস্তিত্বৰ প্রতি সংকট কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবৰ বাবে অনুৰোধ জনাইছিল৷
ছাত্র সন্থাৰ প্রতিনিধি দলটোৱে নীতিশ কুমাৰক দেখা কৰাৰ কথা প্রকাশ কৰি সোমবাৰে বিয়লি আয়োজিত এখন সংবাদমেলত দলটোৰ প্রধান সাধাৰণ সম্পাদক কে চি ত্যাগীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ অসমীয়া জনগণ সংখ্যালঘুত পৰিণত হ’ব৷ ইতিমধ্যে এই বিধেয়কখনৰ বিৰোধিতাৰে অসমকে ধৰি সমগ্র উত্তৰ- পূর্বাঞ্চলত গণ আন্দোলন আৰম্ভ হৈছে৷
কেন্দ্রীয় চৰকাৰে অঞ্চলটোৰ ৰাইজে আৰম্ভ কৰা এই গণ আন্দোলনৰ প্রতি লক্ষ্য ৰাখি বিধেয়কখন শীঘ্রে প্রত্যাহাৰ কৰা উচিত৷ আনহাতে, জনতা দলৰ সাংসদ তথা যুটীয়া সংসদীয় কমিটীৰ অন্যতম সদস্য হৰিবংশ নাৰায়ণ সিঙে কয় যে অসমত এই বিধেয়কখনৰ বিৰোধিতাত লাখ লাখ লোক ৰাজপথলৈ ওলাই আহিছে৷ যদিহে বিধেয়কখন গৃহীত কৰা হয় তেনেহ’লে অসম চুক্তি ভংগ হোৱাই নহয়, অসম চুক্তিৰ আধাৰত সম্প্রতি ৰাজ্যখনত যি নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে তাতো ব্যাঘাত জন্মিব৷
ধর্মৰ ভিত্তিত নাগৰিকত্ব প্রদান কৰিলে দেশৰ ধর্ম নিৰপেক্ষতা নীতিৰ ওপৰতো আঘাত হানিব বুলি জনাই তেওঁ লগতে কয় যে আমাৰ দলে এই বিধেয়কখনৰ বিৰোধিতা কৰি যাব৷ জনতা দলৰ (ইউ) স্পষ্ট মত, ১৯৭১ চনৰ ২৫ মার্চৰ পাছত অসমত প্রৱেশ কৰা সকলো বিদেশীয়েই ভাৰত ত্যাগ কৰিব লাগিব৷
সেয়া লাগিলে হিন্দুৱেই হওক বা মুছলমানেই হওক৷ ১৯৭১ চনৰ ২৫ মার্চৰ পাছত অহা সকলো অবৈধ লোককে চিনাক্ত কৰি বহিষ্কাৰৰ ব্যৱস্থা কৰাৰ বাবেও তেওঁ দাবী উত্থাপন কৰে৷ আনহাতে, ধর্মৰ ভিত্তিত দেশ বিভাজন হ’ব পাৰিলে, ধর্মৰ ভিত্তিত নাগৰিকত্ব প্রদানত কি অসুবিধা থাকিব পাৰে বুলি কিছু দিন পূর্বে যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্র আগৰৱালে কৰা মন্তব্যৰ সন্দর্ভত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি সিঙে কয় যে কমিটীৰ অধ্যক্ষ হিচাপে আগৰৱালে কেনেদৰে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্রদানৰ কথা ক’ব পাৰে সেয়া সকলোতকৈ বিস্ময়ৰ কথা৷
মন কৰিব লগীয়া কথা যে বিদেশীক খেদি জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ কথা কোৱা বিজেপিয়ে যি সময়ত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে উঠিপৰি লাগিছে সেই সময়তে বিজেপিৰে মিত্র জনতা দলে (ইউ) অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা আৰু সাংস্কৃতিৰ পৰিচয় ৰক্ষা কৰাৰ স্বার্থতে বিধেয়কখনৰ বিৰোধিতা কৰিছে৷
কোনো ধৰণৰ নির্বাচনী স্বার্থ নথকাকৈয়ে জনতা দলে (ইউ) অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বার্থত গ্রহণ কৰা এই স্থিতি আজিৰ তাৰিখত সমগ্র দেশৰ ৰাজনীতিৰ বাবেই তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ নীতিশ কুমাৰৰ দলৰ এনে স্থিতিৰ বিপৰীতে আকৌ জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ প্রতিশ্রুতি দি ভোটৰ ৰাজনীতি কৰা বিজেপি চৰকাৰখনে মৌনতা অৱলম্বন কৰিছে৷ একেদৰে বিৰোধী দল কংগ্রেছেও বিধেয়কখনৰ সন্দর্ভত ৰাষ্ট্রীয় পর্যায়ত এতিয়ালৈকে কোনো সিদ্ধান্ত আনুষ্ঠানিকভাৱে গ্রহণ কৰা নাই৷ চল চাই কঠীয়া পৰাৰ ক্ষেত্রত সিদ্ধহস্ত কংগ্রেছে যেন এতিয়াও অপেক্ষা কৰিছে সময়লৈ৷
আনহাতে, এই ক্ষেত্রত সদৌ অসম ছাত্র সন্থাৰ তৎপৰতা শলাগিব লগীয়া৷ ৰাজ্যজুৰি বিধেয়কখনৰ বিৰোধিতাত গণ আন্দোলন আৰম্ভ কৰাই নহয়, ছাত্র সন্থাই দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বকো দেখা কৰি বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে আহবান জনাইছিল৷ ছাত্র সন্থাৰ এনে পদক্ষেপৰ বাবেই আজি জনতা দলে (ইউ) বিধেয়কখনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি