ৰহাৰ প্ৰভাৱিত টোলগেট বন্ধ কৰাৰ দাবী কৃষক মুক্তিৰ : মুখ্যমন্ত্ৰীক স্মাৰক পত্র প্ৰদান

গুৱাহাটী : চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰহাত প্রস্তাৱিত টোলগেট বন্ধ ৰাখিবলৈ দাবী জনাই আজি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক স্মাৰকপত্র প্রদান কৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। ৰহাৰ টোলগেট ২০১৫ চনৰ ৩০ এপ্রিলত কৃষক মুক্তি সংগ্রাম সমিতিৰ তেতিয়াৰ সভাপতি অখিল গগৈৰ নেতৃত্বত হােৱা প্রবল প্রৱািদৰ বাবে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহাৰ টোলগেটখন বন্ধ কৰি দিছিল অসম চৰকাৰে। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নির্মাণ সম্পূর্ণ নােহােৱাৰ প্রেক্ষাপটতেই সেই টোলগেট বন্ধ কৰা হৈছিল। ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোৰ নতুনকৈ কোনাে নির্মাণ নােহােৱাৰ পাছতাে অর্থাৎ ৰাস্তাৰ কাম সম্পূর্ণ নােহােৱাকৈ বৰ্তমানৰ চৰকাৰখনে ৰহাৰ টোলগেট বহুৱাবলৈ উঠিপৰি লাগিছে। তেনে সময়তে আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ নেতৃত্বত যােৱা এটি প্রতিনিধি দলে দিছপুৰৰ অসম জনতা ভৱনৰ অসমৰ