Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 4:00 am

Home » আঞ্চলিক » বৰলুইতত জাহ যোৱাৰ উপক্ৰম কেইবা কোটিটকীয়া মথাউৰি

বৰলুইতত জাহ যোৱাৰ উপক্ৰম কেইবা কোটিটকীয়া মথাউৰি


ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল ১২০ বছৰীয়া জামে মজছিদ

লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তুলসীবড়িত যোৱা কেইবামাহ ধৰি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও জলসম্পদ বিভাগ, স্থানীয় প্ৰশাসন তথা চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ গৰাখহনীয়াই নিমিষতে গৃহহাৰা কৰে কেইবা শতাধিক পৰিয়ালক। গৃহহাৰা হৈ পৰা লোকসকলে সন্তান আৰু পশুধনসহ কোনোমতে প্ৰাণ ৰক্ষা কৰি চৰকাৰী পথত তথা নিৰ্মীয়মান মথাউৰিত আশ্ৰয় ল’বলৈ বাধ্য হৈ পৰে।
ইপিনে নব নিৰ্মিত মথাউৰিত এজাক বৰষুণতে চিৰাল ফাট মেলাত অঞ্চলবাসীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ লগতে জলসম্পদ বিভাগৰ ঠিকাদাৰ প্ৰেমৰ বাবেই এনে দুৰাৱস্থা হোৱা বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈ আহিছে। বিগত সময়চোৱাত বিভিন্ন সময়ত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশব মহন্তই লাহৰীঘাটৰ গৰাখহনীয়া তথা নতুনকৈ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। সকলো মথাউৰি গৰাখহনীয়া ৰোধৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছিল যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিল৷
মৰিগাঁও জিলাৰ উত্তৰাঞ্চল তথা লাহৰীঘাটত বৰলুইতৰ খহনীয়াই এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। খহনীয়াত এতিয়া চপৰা চপৰে খহিব ধৰিছে বৰলুইতৰ পাৰ। নিতৌ খহনীয়াত জাহ গৈছে ইটোৰ পিছত সিটো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে বহুতো লোকৰ ঘৰ দুৱাৰ, খেতি-মাটি। যাৰ ফলত বৃহত্তৰ অঞ্চলটোত এতিয়া চৌদিশে হাঁহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।
লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তগৰ্ত তুলসিবড়ী গাঁৱত বৰলুইতৰ ভয়াবহ তাণ্ডৱে এতিয়ালৈকে প্ৰায় ৪০০ ঘৰ লোকে নিজৰ মাটি-ভেটি হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। কেৱল এয়াই নহয় তুলসীবড়ী গাঁৱত বৰলুইতৰ ভয়াবহ তাণ্ডৱত এতিয়ালৈকে তিনিখনকৈ চৰকাৰী বিদ্যালয়ৰ লগতে গাঁওখনৰ লোকসকলৰ বুকুৰ কুটুম ১২০ বছৰীয়া জামে মজছিদটো জাহ যায় ব্ৰহ্মপুত্ৰৰ বুকুত। বহুতো লোকে নিজৰ মাটি ভেটি হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হ’ব লগীয়া হৈছে। কিন্তু ইমানৰ পাছতো বৰলুইতৰ খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই জলসম্পদ বিভাগৰ লগতে অসম চৰকাৰ।
উল্লেখ্য যে, স্বাধীনতাৰ পাছৰে পৰা লাহৰীঘাটত বৰলুইতৰ ভয়াবহ তাণ্ডৱ চলাই গৈছে। কিন্তু আজিলৈ কোনো এখন চৰকাৰে বৰলুইতৰ খহনীয়া ৰোধ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে বুলি ক্ষোভ উজাৰে স্থানীয় ৰাইজে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি