Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:45 am

Home » ক্ৰীড়া » ছুইডেনক ধৰাশায়ী কৰিলে ইংৰাজ বাহিনীয়ে : মঙলবাৰে ছেমিফাইনেল

ছুইডেনক ধৰাশায়ী কৰিলে ইংৰাজ বাহিনীয়ে : মঙলবাৰে ছেমিফাইনেল


ছামাৰা : সুদীর্ঘ ২৮ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ড। বিশ্ব ফুটবলৰ অন্যতম শক্তিৰ দলটোৱে শনিবাৰে কোৱাৰ্টাৰ ফাইনেলত ১৯৯২ৰ ছেমিফাইনেলিষ্ট ছুইডেনক ২-০ গ’লত পৰাস্ত কৰি বিশ্বজয়ৰ দুখােজ দূৰত্বত উপনীত হৈছে। ছামাৰা এৰেনাত অনুষ্ঠিত ৰােমাঞ্চকৰ মেচখনত প্রত্যাশিতভাৱেই হেৰী কেন বাহিনীয়ে আৰম্ভণিৰে পৰা আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। যুৱ প্রতিভাৱান খেলুৱৈসকলৰ তীব্ৰ গতিসম্পন্ন খেলেৰে ৰাছিয়াৰ মহাৰণত ফুটবল অনুৰাগীৰ মনত নতুন সপােন যােগাই তােলা ইংলেণ্ডে ৩০ মিনিটত প্ৰথমটো সফলতা অর্জন কৰে। চেণ্টাৰ বেক হেৰী মাগুইৰিয়ে এছলে ইয়ঙৰ পৰা লাভ কৰা এটা কর্নাৰ কিক দর্শনীয়ভাৱে গললৈ ৰূপান্তৰিত কৰি ছুইডেনৰ শিবিৰত মােক্ষম আঘাত হানে। প্রথমটো অর্ধ সম্পূর্ণৰূপে ইংলেণ্ড মেচৰ নিয়ন্ত্রণ নিজৰ অধীনত ৰখাৰ পিছত দ্বিতীয়ার্ধৰ আৰম্ভণিতে ছইডেনে কিছু প্রত্যাক্ৰমণ গঢ়ি তােলে যদিও ইংলেণ্ডৰ গ’লক্ষক জর্দান পিকফ’র্ডে চমকপ্রদ ৰক্ষণেৰে ছুইডেনৰ প্ৰতিটো আক্রমণ প্রতিহত কৰি যায়। গ’লক্ষকৰ এই দর্শনীয় ছেভত নৱজীৱন লাভ কৰা ইংলেণ্ডে ৫৯ মিনিটত দ্বিতীয়টো সাফল্য অর্জন কৰে। ডেল আলীয়ে এটি সুন্দৰ হেডেৰে হেৰী কেন নেতৃত্বাধীন যুৱ দলটোক দ্বিতীয়টো অগ্রগতি প্রদান কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে আজিৰ জয়েৰে ইংলেণ্ড ১৯৯০ পাছত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰে। ১৯৬৬ চনৰ পাছত প্ৰথমবাৰলৈ বিশ্বজয়ৰ সপােন লৈ ৰাছিয়ালৈ অহা দলটোৱে প্রি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াক পেনাল্টী শুট আউটত ৪-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠ ৰাউণ্ডত প্ৰৱেশ কৰিছিল। বিশ্বৰ দ্বাদশ ৰেংকিংপ্রাপ্ত দলটোৱে চাৰি বছৰ পূর্বে ব্রাজিলত অনুষ্ঠিত ফুটবল মহাৰণৰ গ্রুপ পর্যায়ৰ পৰাই বিদায় মাগি ব্রিটিছ ফুটবল অনুৰাগীক আশাহত কৰিছিল যদিও হেৰী কেন, এছলে ইয়ং, মাগুইৰি, আলী আদিৰ দৰে প্রতিভাৱান যুৱ খেলুৱৈৰ চমকপ্রদ প্ৰদৰ্শনৰ সহায়ত এইবাৰ সকলােৰে মন জয় কৰিবলৈ সক্ষম হৈছে। গাৰ্থে ছাউথগেটৰ দলটোৱে এতিয়া অহা বুধবাৰে মস্কোৰ লুঝনিকি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ৰাছিয়া অথবা ক্ৰৱেছিয়াৰ মুখামুখি হ’ব।
ৰাছিয়াত এইপর্যন্ত ১০টাকৈ গ’ল কৰা দলটোৱে বিপক্ষৰ ৰক্ষণবেহু ভেদ কৰি এইবাৰ বিশ্বজয়ৰ গৌৰৱময় ইতিহাস সাক্ষী হােৱাৰ দিশে অগ্ৰসৰ হৈছে। লক্ষণীয়ভাৱে মাত্র তিনিবাৰৰ বাবেহে বিশ্বকাপৰ অন্তিম চাৰি ৰাউণ্ডত প্ৰৱেশ কৰা ইংৰাজ বাহিনীয়ে ১৯৯০ত ফাইনেলত প্ৰৱেশ কৰি বিশ্বজয়ৰ দ্বিতীয়টো সুযােগ লাভ কৰিছিল যদিও পশ্চিম জার্মানীৰ হাতত পেনাল্টীত পৰাস্ত হৈ দলটোৰ স্বপ্নভংগ ঘটিছিল। সুদীর্ঘ ২৮ বছৰ পাছত ব্যর্থতাৰ ইতিহাস সলনিৰ আন এক সুবর্ণ সুযােগ আহিছে হেৰী কেন বাহিনীৰ সন্মুখলৈ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি