Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:24 am

Home » আঞ্চলিক » অসম আৰক্ষীত সংযােজন চাইবাৰড’মঃ ছ’চিয়েল মিডিয়াৰ ওপৰত ৰাখিব তীক্ষ্ণ নজৰ

অসম আৰক্ষীত সংযােজন চাইবাৰড’মঃ ছ’চিয়েল মিডিয়াৰ ওপৰত ৰাখিব তীক্ষ্ণ নজৰ

আৰম্ভ হ’ব ডিজিটেল ইনভেষ্টিগেচন

গুৱাহাটী : অসম আৰক্ষীত নতুনকৈ সংযােজন হ’ল অত্যাধুনিক তথ্য-প্রযুক্তিৰে চাইবাৰ অপৰাধ ৰােধ কৰিব পৰা চাইবাৰড়ম প্রজেক্ট। মহানগৰীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত শনিবাৰে চাইবাৰড’মৰ কার্যালয় গৃহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। চাইবাৰ অপৰাধ আৰু ডিজিটেল মাধ্যমত উদ্ভৱ হােৱা সুৰক্ষাৰ প্রত্যাহ্বানসমূহৰ সৈতে উপযুক্তভাৱে মােকাবিলা তথা ৰােধ কৰাৰ লক্ষ্যৰে স্থাপন কৰা চাইবাৰড়’ম প্রজেক্ট অসম আৰক্ষীৰ বাবে যথেষ্ট সহায়ক হ’ব। বিশেষকৈ ডিজিটেল ইনভেষ্টিগেচনৰ ক্ষেত্ৰত অধিক গতিশীল আৰু শক্তিশালী কৰি তুলিব চাইবাৰডম প্রজেক্টে।
চাইবাৰড়ম প্রজেক্টৰ গৃহ উদ্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে ২১ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক প্রয়ােগে ডিজিটেল যুগৰ সূচনা কৰিছে। বর্তমান ডিজিটেল যুগৰ সন্ধিক্ষণত ডিজিটেল মাধ্যমতাে অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে। যুগৰ লগত খাপ খুৱাই আজিৰ যুগৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মােকাবিলা কৰিবলৈ প্রযুক্তিগতভাৱে অসম আৰক্ষীকো শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। ইণ্টাৰনেটৰ সুবিধা লৈ কোনােৱে যাতে ফেচবুক, টুইটাৰ, হােৱাটছএপ আদিৰ জৰিয়তে সমাজত অশান্তি আৰু বিভেদ সৃষ্টি কৰিব নােৱাৰে, তাৰ বাবে আৰক্ষী বাহিনীৰ ডিজিটেল সবলীকৰণেৰে সমৰ্থন কৰাৰ লগতে ৰাজ্যখনতাে এক সুৰক্ষাৰ বাতাৱৰণ সৃষ্টি কৰিব। ইয়াৰ বাবে আৰক্ষী বাহিনীৰ সকলােৱে দায়বদ্ধতাৰে কৰ্মত অগ্ৰসৰ হ’ব লাগিব। মুখ্যমন্ত্রী সােণােৱালে চাইবাৰড়’ম প্রজেক্টক প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে লােৱা স্মার্ট পুলিচ গঢ়ি তােলাৰ লক্ষ্য পূৰণৰ এক অবিচ্ছেদ্য অংগ বুলিও কয়।
মুখ্যমন্ত্রী সােণােৱালে লগতে কয় যে চাইবাৰডম প্ৰকল্পটো সম্পূর্ণভাৱে ৰূপায়িত হলে অসম আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীক এই নতুন প্রযুক্তিৰ জৰিয়তে চিনাক্ত কৰিবলৈ সক্ষম হব। আনহাতে, ইণ্টাৰনেট সেৱাৰ সদ্ব্যৱহাৰ কৰি ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বৰ্তি থকা শান্তি-সমন্বয়ৰ বাতাৱৰণ অটুট ৰাখিবলৈ মুখ্যমন্ত্রী সােণােৱালে আহ্বান জনায়। লগতে ৰাজ্যখনত সময়ে সময়ে উদ্ভৱ হােৱা অশুভ পৰিস্থিতি ৰােধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে গ্রহণ কৰি অহা সময়সাপেক্ষ আৰু ফলপ্রসূ ব্যৱস্থাৰ বাবে শলাগ লয়। উল্লেখ্য যে চাইবাৰড়’ম প্রকল্পত ডিজিটেল ইনভেষ্টিগেচন, ট্রেইনিং এণ্ড এনালাইছিছ চেণ্টাৰাে খােলা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান কুলধৰ শইকীয়াই কয় যে চাইবাৰডম প্রকল্পৰ জৰিয়তে আৰক্ষী বিষয়াসকলক চাইবাৰ অপৰাধৰ বিৰুদ্ধে উপযুক্ত সেৱা আগবঢ়োৱাৰ দিশত সমর্থতা বৃদ্ধিৰ প্রশিক্ষণ প্রদানৰ লগতে চাইবাৰ আইনৰ অধীনত অপৰাধ আৰু অপৰাধীক চিনাক্ত কৰি ব্যৱস্থা কৰাত যথেষ্ট সহায় কৰিব। তদুপৰি ইয়াৰ লগত সংলগ্ন বিভিন্ন অপৰাধ নিৰাময়ৰ ক্ষেত্ৰতাে এই প্রকল্পই এক উপযুক্ত মঞ্চ প্ৰদান কৰিব।
অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (বিশেষ শাখা) পল্লৱ ভট্টাচার্যই কয় যে অসম আৰক্ষীৰ চাইবাৰড়ম প্রজেক্ট ৰাজ্য চৰকাৰৰ বাজেট প্রতিশ্রুতি অনুসৰি প্রতিষ্ঠা কৰা হৈছে। এই প্রকল্পই সন্ত্রাসবাদ তথা ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য চাইবাৰ অপৰাধসমূহৰ সৈতে মােকাবিলা কৰিবলৈ সক্ষম হ’ব। এই ব্যৱস্থা পর্যায়ক্রমে ৰাজ্যৰ সকলাে জিলাত প্ৰৱৰ্তন কৰা হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি