|

এন আৰ চিক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ বিধায়ক শিলাদিত্যক ধমক মুখ্যমন্ত্ৰীৰ

কোকৰাঝাৰত ‘কোচৰাজবংশী জনগোষ্ঠীৰ নৃত্য আৰু গীতৰ সাতদিনীয়া কৰ্মশালা’ সম্পন্ন

কলা সংস্কৃতি জীয়াই ৰখাৰ মহান স্বাৰ্থত নৱদিগন্ত এন জি ওৰ ব্যতিক্ৰমী পদক্ষেপ কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কলা সংস্কৃতি উঠি অহা প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ মহান উদ্দেষ্যৰে ‘নৱ দিগন্ত’ নামৰ বেচৰকাৰী সংস্থা এটাৰ উদ্যোগত কোচৰাজবংশী জনগোষ্ঠীৰ লোক নৃত্য আৰু গীতৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ উল্লেখ্য যে, কোচৰাজবংশী জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন আক্ৰাছুৰ চহৰ আঞ্চলিক সমিতিৰ সহযোগত ‘নৱ দিগন্ত’ নামৰ এন জি ওই ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ মাজত পৰম্পৰাগত হুদুম, কুশাঁন, গোৱালিনী আৰু কাৰ্তিকা নৃত্যৰ লগতে জনগোষ্ঠীয় লোকগীতসমূহ কালৰ সোঁতত যাতে বিলুপ্ত নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ চহৰৰ শাখা সাহিত্য সভা ভৱনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ত এই সাতদিনীয়া কৰ্মশালাৰ আয়োজন কৰে৷ এন জি ওৰ সভানেত্ৰী

| | |

ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ বাবে বাছনি বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান

চিৰাং ব্যুৰ’ : জগজীৱন ৰাম অভিনৱ কিষাণ পুৰষ্কাৰ-২০১৭ৰ ৰষ্ট্ৰীয় পৰ্য্যায়ৰ ১২ জনীয়া তালিকাত স্থান পাইছে বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান৷ উল্লেখ্য যে জগজীৱন ৰাম অভিনৱ কিষাণ পুৰষ্কাৰ-২০১৭ৰ ৰষ্ট্ৰীয় পৰ্য্যায়ৰ এই তালিকা কেন্দ্ৰীয় চৰকাৰে শনিববাৰে প্ৰকাশ কৰে৷ উক্ত তালিকাত স্থান পাইছে বঙাইগাঁও জিলাৰ ডোমপাৰা (পুণ্ডীবাৰী) গাঁৱৰ কৃষক গাজীউৰ ৰহমান। ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ তালিকাত ৮ নম্বৰ স্থানত জিলিকিছে অসমৰ কৃষকজন। অসমত প্ৰথমবাৰৰ বাবে থাইলেণ্ড বগৰিৰ খেতি আৰম্ভ কৰা এইজন কৃষকে বিভিন্ন ধৰণৰ কৃষি কৰ্মত জড়িত হৈ জিলা তথা ৰাজ্যিক পৰ্য্যায়ৰ কেবাটাও পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে। ২০১৩ চনত বঙাইগাঁও জিলা ভিত্তিত পুৰষ্কাৰ লাভ কৰাৰ লগতে ২০১৭ চনত ৰাজ্যিক পুৰষ্কাৰ লাভ কৰে তেওঁ। ইয়াৰোপৰি ২০১৮ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পুৰষ্কাৰ লাভ কৰাৰ পিছতে এইবাৰ অসমৰ হৈ

বৰলুইতত জাহ যোৱাৰ উপক্ৰম কেইবা কোটিটকীয়া মথাউৰি

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল ১২০ বছৰীয়া জামে মজছিদ লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তুলসীবড়িত যোৱা কেইবামাহ ধৰি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও জলসম্পদ বিভাগ, স্থানীয় প্ৰশাসন তথা চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ গৰাখহনীয়াই নিমিষতে গৃহহাৰা কৰে কেইবা শতাধিক পৰিয়ালক। গৃহহাৰা হৈ পৰা লোকসকলে সন্তান আৰু পশুধনসহ কোনোমতে প্ৰাণ ৰক্ষা কৰি চৰকাৰী পথত তথা নিৰ্মীয়মান মথাউৰিত আশ্ৰয় ল’বলৈ বাধ্য হৈ পৰে। ইপিনে নব নিৰ্মিত মথাউৰিত এজাক বৰষুণতে চিৰাল ফাট মেলাত অঞ্চলবাসীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ লগতে জলসম্পদ বিভাগৰ ঠিকাদাৰ প্ৰেমৰ বাবেই এনে দুৰাৱস্থা হোৱা বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈ আহিছে। বিগত সময়চোৱাত বিভিন্ন সময়ত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশব মহন্তই লাহৰীঘাটৰ গৰাখহনীয়া তথা নতুনকৈ

কংগ্ৰেছ এতিয়া বেইল গাড়ী : জয়পুৰত প্ৰধানমন্ত্ৰী মােদী

ৱেব সংবাদ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ সমাৱেশত বিৰােধী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰধানমন্ত্রী নৰেন্দ্র মােদী। লােকসভা ২০১৯লৈ কেইবামাহ বাকী থাকোতেই ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা কংগ্রেছসহ বিৰােধীক আক্ৰমণৰ লক্ষ্য কৰি লােৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে শনিবাৰে জয়পুৰত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালােচনা কৰে। ৰাজ্যখনৰ ৰাজ্যপাল কল্যাণ সিং, মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেকে ধৰি কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিকৰ উপস্থিতিত বিশাল সমাৱেশক সম্বােধন কৰি মােদীয়ে কংগ্ৰেছক বেইল গাড়ী বুলি আখ্যা দিয়ে। কংগ্ৰেছক সমালােচনা কৰি প্ৰধানমন্ত্রী মােদীয়ে কয় যে কংগ্ৰেছক আজিকালি একাংশ লােকে বেইল গাড়ী বুলি কয়। কিয়নাে কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন মন্ত্রী বেইলত আছে। মন কৰিবলীয়া যে কংগ্ৰেছ সাংসদ তথা প্রাক্তন মন্ত্রী শশী থাৰুৰে পত্নীৰ আত্মহননৰ

৫০০খন আন্তর্জাতিক ক্রিকেট মেচত অংশগ্রহণ কৰাৰ কৃতিত্ব অর্জন ধোনীৰ

টেষ্ট ক্ৰিকেট : ৯০ খন এদিনীয়া ক্ৰিকেট : ৩১৮ খন টি-২০ ক্ৰিকেট : ৯২ কার্ডিফ : ৫০০খন আন্তর্জাতিক ক্রিকেট মেচত অংশগ্রহণ কৰি ভাৰতৰ তৃতীয় গৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ উইকেটৰক্ষক তথা প্ৰাক্তন অধিনায়ক মহেন্দ্র সিং ধােনীয়ে। ইংলেণ্ডৰ বিপক্ষে শুকুৰবাৰে কার্ডি ফত অনুষ্ঠিত টি-২০ মেচখনত অংশ লৈ এই গৌৰৱ অর্জন কৰে ভাৰতীয় দলটোৰ প্রাক্তন অধিনায়ক গৰাকীয়ে। ৯০খন টেষ্টত অংশগ্ৰহণ কৰি ২০১৪ চনত টেষ্টৰ পৰা অৱসৰ লােৱা ধােনীয়ে ৩১৮খন এদিনীয়া আৰু ৯২খন টি-২০ ভাগ লৈছে।

| | |

শ্বৰ ঐশ্বর্যশালী ব্যক্তি তৃতীয়লৈ উন্নীত ফেচবুকৰ চি ই অ’ মার্ক জুকাৰবার্গ

ব্লমবার্গ : বিশ্বৰ তৃতীয় ঐশ্বর্যশালী ব্যক্তি হিচাপে পৰিগণিত হৈছে ফেচবুকৰ প্রতিষ্ঠাপক মার্ক জুকাৰবাৰ্গ। ৱাৰেন বাফেটক অতিক্ৰম কৰি ৩৪ বর্ষীয় জুকাৰবাৰ্গ এই তালিকাৰ তৃতীয়লৈ উন্নীত হৈছে। মাইক্ৰ’ছফ ট ৰ প্রতিষ্ঠাপক বিল গেটছ আৰু এমাজন ডট কমৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছে ধনবান ব্যক্তিৰ তালিকাত ক্রমে প্রথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এইমুহুর্তত জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হ’ল ৮১.৬ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় হিচাপত ৫.৬১ লাখ কোটি। ইয়াৰ বিপৰীতে বার্ক শ্বেয়াৰ হাথাৱে কোম্পানীৰ অধ্যক্ষ বাফেটৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩৭৩ মিলিয়ন ডলাৰ অর্থাৎ ২,৫৬৫ কোটি। বিশ্বৰ ছ’চিয়েল নেটৱৰ্কিং ক্ষেত্ৰত ফেচবুকৰ একক আধিপত্যৰ বাবেই জুকাৰবাৰ্গৰ সম্পত্তিৰ তালিকাত এই চমকপ্রদ উত্থান দেখা গৈছে।

পিতৃ-মাতৃক প্রতিপালন নকৰিলে দৰমহা কর্তন : কাৰ্যকৰী হ’ব ‘প্রণাম আয়ােগ’

গুৱাহাটী : পিতৃ-মাতৃৰ প্ৰতি অৱহেলা কৰা কৰ্মচাৰীৰ দৰমহা কর্তন কৰি সেই দৰমহা প্ৰদান কৰা হ’ব পিতৃ-মাতৃক। চৰকাৰী কৰ্মচাৰীক পুনৰ সকীয়নি প্রদান কৰি শনিবাৰে এই কথা ঘােষণা কৰিলে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰে গ্ৰহণ পিতৃ-মাতৃক প্রতিপালন নকৰিলে কৰা প্ৰণাম আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেবিনেটত এই উদ্দেশ্যে প্রণাম আয়ােগ গঠনৰ সিদ্ধান্ত লােৱাৰ পাছতে কোনাে পিতৃ-মাতৃয়ে চৰকাৰী চাকৰিয়াল পুত্র অথবা জীয়ৰীৰ অৱহেলাৰ অভিযােগ দিলে আয়ােগে ১০-১৫ শতাংশ দৰমহা কৰ্তন কৰি পিতৃ-মাতৃক প্রদান কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাৰ্ছ আৰু চতুর্থবৰ্গৰ কৰ্মচাৰীক নিযুক্তি-পত্র প্রদান কৰি মন্ত্ৰীগৰাকীয়ে এই কথা ঘােষণা কৰাৰ লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে প্রণাম আঁচনি গ্রহণ কৰাৰ ক্ষেত্ৰত চৰকাৰে

| |

অসম আৰক্ষীত সংযােজন চাইবাৰড’মঃ ছ’চিয়েল মিডিয়াৰ ওপৰত ৰাখিব তীক্ষ্ণ নজৰ

আৰম্ভ হ’ব ডিজিটেল ইনভেষ্টিগেচন গুৱাহাটী : অসম আৰক্ষীত নতুনকৈ সংযােজন হ’ল অত্যাধুনিক তথ্য-প্রযুক্তিৰে চাইবাৰ অপৰাধ ৰােধ কৰিব পৰা চাইবাৰড়ম প্রজেক্ট। মহানগৰীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত শনিবাৰে চাইবাৰড’মৰ কার্যালয় গৃহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। চাইবাৰ অপৰাধ আৰু ডিজিটেল মাধ্যমত উদ্ভৱ হােৱা সুৰক্ষাৰ প্রত্যাহ্বানসমূহৰ সৈতে উপযুক্তভাৱে মােকাবিলা তথা ৰােধ কৰাৰ লক্ষ্যৰে স্থাপন কৰা চাইবাৰড়’ম প্রজেক্ট অসম আৰক্ষীৰ বাবে যথেষ্ট সহায়ক হ’ব। বিশেষকৈ ডিজিটেল ইনভেষ্টিগেচনৰ ক্ষেত্ৰত অধিক গতিশীল আৰু শক্তিশালী কৰি তুলিব চাইবাৰডম প্রজেক্টে। চাইবাৰড়ম প্রজেক্টৰ গৃহ উদ্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে ২১ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক প্রয়ােগে ডিজিটেল যুগৰ সূচনা কৰিছে। বর্তমান ডিজিটেল যুগৰ সন্ধিক্ষণত ডিজিটেল মাধ্যমতাে অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে। যুগৰ লগত খাপ

ছুইডেনক ধৰাশায়ী কৰিলে ইংৰাজ বাহিনীয়ে : মঙলবাৰে ছেমিফাইনেল

ছামাৰা : সুদীর্ঘ ২৮ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ড। বিশ্ব ফুটবলৰ অন্যতম শক্তিৰ দলটোৱে শনিবাৰে কোৱাৰ্টাৰ ফাইনেলত ১৯৯২ৰ ছেমিফাইনেলিষ্ট ছুইডেনক ২-০ গ’লত পৰাস্ত কৰি বিশ্বজয়ৰ দুখােজ দূৰত্বত উপনীত হৈছে। ছামাৰা এৰেনাত অনুষ্ঠিত ৰােমাঞ্চকৰ মেচখনত প্রত্যাশিতভাৱেই হেৰী কেন বাহিনীয়ে আৰম্ভণিৰে পৰা আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। যুৱ প্রতিভাৱান খেলুৱৈসকলৰ তীব্ৰ গতিসম্পন্ন খেলেৰে ৰাছিয়াৰ মহাৰণত ফুটবল অনুৰাগীৰ মনত নতুন সপােন যােগাই তােলা ইংলেণ্ডে ৩০ মিনিটত প্ৰথমটো সফলতা অর্জন কৰে। চেণ্টাৰ বেক হেৰী মাগুইৰিয়ে এছলে ইয়ঙৰ পৰা লাভ কৰা এটা কর্নাৰ কিক দর্শনীয়ভাৱে গললৈ ৰূপান্তৰিত কৰি ছুইডেনৰ শিবিৰত মােক্ষম আঘাত হানে। প্রথমটো অর্ধ সম্পূর্ণৰূপে ইংলেণ্ড মেচৰ নিয়ন্ত্রণ নিজৰ অধীনত ৰখাৰ পিছত দ্বিতীয়ার্ধৰ আৰম্ভণিতে ছইডেনে কিছু প্রত্যাক্ৰমণ গঢ়ি তােলে যদিও