Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:34 pm

Home » আঞ্চলিক » এনআৰচিত অন্তর্ভুক্ত নহয় বিধানসভাৰ প্রথম উপাধ্যক্ষ মৌলানা মহম্মদ আমিৰুদ্দিনৰ পৰিয়ালৰ সদস্যৰ নাম

এনআৰচিত অন্তর্ভুক্ত নহয় বিধানসভাৰ প্রথম উপাধ্যক্ষ মৌলানা মহম্মদ আমিৰুদ্দিনৰ পৰিয়ালৰ সদস্যৰ নাম

বিদেশী ন্যায়াধিকৰণৰ আদালতত চলি আছে গােচৰ

মৰিগাঁও : ব্রিটিছশাসিত অসম বিধানসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষ মৌলানা মহম্মদ আমিৰুদ্দিনৰ মৰিগাঁওস্থিত পৰিয়ালৰ ১১জন সদস্যৰ নাম অহা ৩০ জুলাইত প্রকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাত অন্তর্ভুক্ত হােৱাৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে। এই বিষয়টোৱে অঞ্চলটোত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে। উল্লেখ্য যে অসমৰ ৰাজনৈতিক ইতিহাসত নিজৰ নাম সােণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হােৱা প্রয়াত মৌলানা মহম্মদ আমিরুদ্দিনৰ ১১জন বংশধৰৰ বিৰুদ্ধে মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ আদালতত গােচৰ চলি থকা বাবে এনআৰচিত অন্তর্ভুক্ত নহয় বিধানসভাৰ প্রথম উপাধ্যক্ষ বাবে তেওঁলােকৰ নাম উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি এন আৰ চিত অন্তর্ভুক্ত নােহােৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
উল্লেখ্য যে মৰিগাঁও জিলাৰ মধ্য কালিকাজাৰি গাঁৱৰ পৰাই শিক্ষাগ্রহণৰ অন্তত প্রত্যক্ষ ৰাজনীতিত জড়িত হৈ পৰিছিল মহম্মদ আমিৰুদ্দিন। লক্ষণীয় যে তেওঁ আছিল বিধানসভাৰ প্ৰথম উপাধ্যক্ষ, যাক সেই সময়ত বিধান পৰিষদৰূপে জনা গৈছিল। তেওঁ ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ উপাধ্যক্ষ হিচাপে কার্যভাৰ চলাই গৈছিল। সেই সময়ত শ্বেখ ছাদুল্লাই অসমক পাকিস্তানৰে অন্তর্ভুক্ত কৰাত গুৰুত্ব দিয়াৰ বিপৰীতে স্বাধীন অসমৰ প্ৰথমগৰাকী প্রধানমন্ত্রী প্রয়াত গােপীনাথ বৰদলৈৰ সৈতে অৱস্থান কৰি অসমক পাকিস্তানৰ অন্তর্ভুক্তকৰণৰ তীব্র বিৰােধিতা কৰি অসমপ্ৰেমৰ পৰিচয় দাঙি ধৰিছিল মৌলানা আমিৰুদ্দিনে।
এনে এক বর্ণিল ব্যক্তিত্বৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে কোনাে দুষ্টচক্রই বিদেশী ন্যায়াধিকৰণত গােচৰ দিয়াৰ পাছৰে পৰা আজিলৈকে সেই গােচৰৰ ৰায়দান হােৱা নাই। ফলত এন আৰ চিত নাম অন্তর্ভুক্তিৰ ক্ষেত্ৰত গভীৰ অনিশ্চয়তাৰ মাজত পাৰ কৰিছে এই প্রখ্যাত পৰিয়ালটোৰ সদস্যসকলে। মৌলানা মহম্মদ আমিৰুদ্দিনৰ ৫গৰাকী ভাতৃৰ সতি-সন্ততিসকলৰ বহুকেইগৰাকী বর্তমান মৰিগাঁৱৰ মধ্য কালিকাজাৰি গাঁৱত বসবাস কৰি আছে। বর্তমানেও পৰিয়ালে সংৰক্ষণ কৰি ৰাখিছে ব্রিটিছৰ আমােলতে মৌলানাই থকা বাসগৃহটো৷
মৌলানা আমিৰুদ্দিনৰ পৰিয়ালৰ সদস্য ক্রমে মুঃ আবু তাহেৰ, মঃ ৰফিকুল ইছলাম, মঃ নিজামউদ্দিন, মঃ আব্দুলা, মঃ জলিল, মঃ খলিল, মঃ বিল্লাল হুছেইন, মঃ আব্দুল মতালেক, মঃ ফজুল হক, ফজিলা খাতুন, চিৰজুদ্দিন আৰু মজিমৰ বিৰুদ্ধে মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ ৩নং আদালতত চলি আছে গােচৰ। উল্লেখ্য যে অসম বিধানসভাৰ তথ্যতাে স্পষ্টকৈ উল্লেখ আছে প্রথমজন উপাধ্যক্ষৰ বিষয়ে সবিশেষ। কিন্তু তাৰ পাছতাে এনে এটা পৰিয়ালৰ সদস্যসকলে নিজকে এই দেশৰে নাগৰিক ৰূপে প্ৰমাণ কৰিবলৈ বিদেশী ন্যায়াধিকৰণৰ আদালতত থিয় হ’বলগীয়া হােৱা ঘটনাটো উদ্বেগজনক বিষয় ৰূপে পৰিগণিত হৈছে। মৌলানা মহম্মদ আমিৰুদ্দিনৰ নাতি আবু তাহেৰে ক্ষোভেৰে কয় যে যিজন ব্যক্তিয়ে অসমক পাকিস্তানৰ অন্তর্ভুক্তি বাধা প্রদানত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছল, সেইজন মৌলানা আমিৰুদ্দিনৰ পৰিয়ালে স্বাধীন ভাৰতত বিদেশীৰ অপবাদ ল’বলগীয়া হােৱা ঘটনাই পৰিয়ালটোৰ মর্যাদা হানি কৰিছে।
আনহাতে, ৰাইজৰ লগতে পৰিয়ালটোৰ চৰকাৰৰ প্রতি আহ্বান— অকণমান সময় ব্যয় কৰি অসমৰ ইতিহাস খুঁচৰি মৌলানা আমিৰুদ্দিনৰ ৰাজনৈতিক পৰিপক্কতাৰ তথ্য বিচাৰক। ১৯৩৭ চনত ৰাজ্যৰ ইতিহাসত এইজন ব্যক্তিৰ ভূমিকা অধ্যয়ন কৰক। আনহাতে, বর্তমান অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যৰ বাবে এই বিষয়টো হৈ পৰিছে এক প্রত্যহান। এই পৱিত্ৰ বিধানসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষৰ পৰিয়ালৰ ক্ষেত্ৰত সৃষ্টি হােৱা অনিশ্চয়তা সন্দৰ্ভত পদক্ষেপ গ্রহণৰ বাবে প্ৰতিটো ৰাজনৈতিক দল-সংগঠনক আহ্বান জনাইছে ৰাইজে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি