Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:46 pm

Home » আঞ্চলিক » উচ্চতম ন্যায়ালয়ক চৰম অৱমাননা : এন আৰ চি মানি নলয় বিধায়ক শিলাদিত্যই

উচ্চতম ন্যায়ালয়ক চৰম অৱমাননা : এন আৰ চি মানি নলয় বিধায়ক শিলাদিত্যই

গুৱাহাটী : উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা এন আৰ চিৰ কাম-কাজত অসন্তুষ্ট প্ৰকাশ কৰি পুনৰ আন এক বিতৰ্কিত মন্তব্য আগবঢ়াইছে বিধায়ক শিলাদিত্য দেবে৷ বিজেপিৰ হােজাইৰ বিধায়ক শিলাদিত্য দেৱে সঘনাই এন আৰ চি, বাংলাদেশী, বিদেশীক লৈ বিতর্কিত মন্তব্যৰে প্ৰচাৰমুখী হােৱাৰ ৰাজনীতি কৰি আহিছে। বিধায়কগৰাকীয়ে শুকুৰবাৰে পুনৰ এন আৰ চিক লৈ আগবঢ়াইছে চৰম বিতর্কিতমূলক মন্তব্য। সাংবাদিকৰ আগত তেওঁ কয় যে এন আৰ চিৰ কামত বাংলাদেশীক নিয়ােগ কৰা হৈছে। এন আৰ চিৰ ডাটা এন্ট্রি অপাৰেটৰ হিচাপে কেইবাখনাে জিলাত বাংলাদেশীক নিযুক্তি দিছে। যাৰ ফলত তেওঁলােকে বাংলাদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰিছে। ইয়াৰ বাবে বাংলাদেশীৰ হৈ মাত মতা সংখ্যালঘু নেতাসকল এতিয়া নীৰৱে আছে। গতিকে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এঘাৰখন জিলাৰ এন আৰ চিৰ খচৰা পুনৰীক্ষণ কৰি বাংলাদেশীৰ নাম কাটিব লাগে। অন্যথা এনে এখন এন আৰ চি মানি লােৱাটো কষ্টকৰ হ’ব বুলি বিধায়কজনে মন্তব্য কৰে।
বিধায়কজনৰ মন্তব্যত স্পষ্টভাৱে ফুটি উঠিছে যে তেওঁ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোকে মানি নলয় আৰু একপ্রকাৰ হােজাইৰ বিধায়কজনে এন আৰ চিখনকে প্রত্যাহ্বান জনাইছে।

এতিয়া প্রশ্ন উঠিছে— এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে এন আৰ চিক লৈ প্ৰায় দৈনিক এনে উত্তেজনা, প্ৰৰােচনামূলক মন্তব্য আগবঢ়োৱাৰ পিচতাে অসম আৰক্ষী তথা চৰকাৰখনে কিয় ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে। এই একেই কথা কোনাে সাধাৰণ লােকে ফেচবুক নাইবা আন কোনাে ছ’চিয়েল মিডিয়াত ব্যক্ত কৰিলে, তেনে ব্যক্তিৰ ওপৰত হয়তাে অসম আৰক্ষী বৰমতা হ’লহেঁতেন। তেনে ব্যক্তিক আৰক্ষীয়ে ধৰি-বান্ধি নি বাহবা লােৱাত নামি পৰিলেহেঁতেন। কিন্তু শিলাদিত্য দেৱৰ দৰে অশান্তি বিয়পােৱা সাম্প্রদায়িক শক্তিৰ ওচৰত এতিয়া অসম আৰক্ষী অসহায় হৈ পৰিছে। এই ৰাজনৈতিক নেতাসকলৰ এনে ষড়যন্ত্রৰ ফলতেই এন আৰ চিৰ গইনা লৈ অসম অশান্ত হােৱাৰ পথ প্রশস্ত হৈছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) দ্বিতীয় খচৰা প্ৰকাশৰ লগে লগে ৰাজ্যত যাতে কোনােধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নােৱাৰে, তাৰ বাবে অত্যধিক সতর্কতা অৱলম্বন কৰিছে চৰকাৰ তথা আৰক্ষীয়ে। পৰিস্থিতি চম্ভালাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়কে ধৰি ৰাজ্য চৰকাৰৰ শীর্ষ আমােলা, আৰক্ষী বিষয়াসকলৰ মাজত তৰপে তপে অনুষ্ঠিত হৈ আছে বৈঠক। এন আৰ চিক লৈ উত্তেজনা বিয়পাব বিচৰা ব্যক্তিৰ বিৰুদ্ধে চৰকাৰ-আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সময়ে সময়ে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালেও ঘােষণা কৰি আছে। এইক্ষেত্ৰত আৰক্ষীয়ে ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকৰ ওপৰত কাঢ়া নজৰ ৰখা বুলিও ব্যক্ত কৰিছে। ফেচবুকৰ জৰিয়তে এন আৰ চিক লৈ উত্তেজনা বিয়পাব বিচৰা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’ব বুলি স্বয়ং ৰাজ্যৰ আৰক্ষী সঞ্চালকধানেও ঘােষণা কৰিছে। কিন্তু ইমানৰ পিচতাে এন আৰ চিক লৈ ৰাজ্যত বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত সততে উগ্র সাম্প্রদায়িক, প্ৰৰােচনামূলক মন্তব্যৰে সংঘাতৰ সৃষ্টি কৰিব বিচৰা শাসক দল বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ কার্যকলাপ আৰক্ষীৰ চকুত ধৰা নপৰাটো আশ্চর্য বিষয় হৈ পৰিছে। সঘনে শাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এইগৰাকী ৰাজনৈতিক নেতাৰ আচৰণত ফুটি উঠিছে তেওঁলােকে কিদৰে এন আৰ চিক লৈ ৰাজ্যত সংঘাত, অশান্তি সৃষ্টিৰ বাবে উদ্বাউল হৈ পৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি