Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:47 am

Home » দেশ-বিদেশ » লােকসভা নির্বাচনৰ টোপ : ৫০ কোটি ভাৰতীয় স্বাস্থ্য বীমাৰে সাঙোৰাৰ লক্ষ্যৰে আয়ুষ্মান ভাৰত আঁচনি

লােকসভা নির্বাচনৰ টোপ : ৫০ কোটি ভাৰতীয় স্বাস্থ্য বীমাৰে সাঙোৰাৰ লক্ষ্যৰে আয়ুষ্মান ভাৰত আঁচনি


নতুন দিল্লী : অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লােকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এনডিএ চৰকাৰে দেশৰ প্রায় ৫০ কোটি নাগৰিকক স্বাস্থ্য বীমাৰে সাঙুৰি লােৱাৰ অভিলাষী প্রকল্প হাতত লৈছে। বিগত বাজেট অধিৱেশনত ঘােষিত এই অভিলাষী আঁচনিখন অহা ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱসৰ দিনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে দক্ষিণ আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও অধিক লােকক স্বাস্থ্য বীমাৰ সৈতে সাঙুৰি ল’বলগীয়া ‘আয়ুষ্মান ভাৰত’ শীর্ষক এই আঁচনিখন হ’ল বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য বীমা আঁচনি। কংগ্ৰেছৰ নেতৃত্বত মােদীৰ বিৰুদ্ধে গঠন হ’বলগীয়া বিৰােধীৰ মহাজোঁট প্রতিহত কৰিবলৈ এনডিএ চৰকাৰে এই আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা অব্যাহত ৰাখিছে।
বিশেষকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু স্বাস্থ্য বীমা কোম্পানীসমূহৰ সৈতে চুক্তিবদ্ধ হােৱাৰ চুড়ান্ত পর্যায় পূর্ণগতিত চলি আছে বুলি আঁচনিখনৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দুভূষণে প্রকাশ কৰে। চৰকাৰী খণ্ডত এই বৃহৎ পৰিমাণৰ স্বাস্থ্য সেরা সুবিধা উপলব্ধ নহয় বাবে ব্যক্তিগত খণ্ডক আঁচনিখনত অন্তর্ভুক্ত কৰাটো আৱশ্যক বুলি উল্লেখ কৰি তেওঁ কয় যে ১৫ আগষ্টৰ পূর্বে ‘আয়ুষ্মান ভাৰত’ আঁচনি দেশবাসীৰ ওচৰলৈ লৈ যাবলৈ যৎপৰােনাস্তি প্রচেষ্টা অব্যাহত আছে। উল্লেখ্য যে এই আঁচনিৰ অধীনত দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে বছৰত পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি