Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:45 am

Home » আঞ্চলিক » ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ : ক্ষতিগ্ৰস্ত ৮২খন গাঁও

ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ : ক্ষতিগ্ৰস্ত ৮২খন গাঁও


৪৫,৪৫২জন লোক এই বানত ক্ষতিগ্রস্ত : আশ্রয় শিবিৰত থকা লোকৰ সংখ্যা ৫৪৮জন

গুৱাহাটী ব্যুৰ’ : ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি হৈছে৷ কালি পর্যন্ত দ্বিতীয়টো বানৰ কবলত পৰা জিলাৰ সংখ্যা ৫খন আছিল যদিও আজি জিলাৰ সংখ্যা ৭খনলৈ বৃদ্ধি হৈছে৷ বানত ক্ষতিগ্রস্ত জিলাসমূহ ধেমাজি, লখিমপুৰ, বৰপেটা, চিৰাং, কোকৰাঝাৰ, মাজুলী আৰু ডিব্রুগড়৷ বৰাক উপত্যকাৰ তিনিওখন জিলাৰ লগতে গোলাঘাট, হোজাই আৰু কার্বি আংলং জিলাৰ অংশ বিশেষ প্রথমটো বানৰ কবলত পৰাৰ লগতে উত্তৰ কাছাৰ পার্বত্য জিলাত হোৱা ভূমিস্খলনত মুঠ ৩২জন লোকৰ মৃত্যু হৈছিল যদিও চৰকাৰী তথ্য মতে দ্বিতীয়টো বানত এতিয়ালৈ কোনো লোকৰ মৃত্যু হোৱা নাই৷
অৰুণাচল আৰু ভূটানত হোৱা ধাৰাসাৰ বৰষুণৰ লগতে নীপকোৱে অতিৰিক্ত পানী এৰি দিয়াত হোৱা বানৰ ফলত লখিমপুৰ আৰু চিৰাং জিলা বানত ক্ষতিগ্রস্ত হৈছে৷ অসম ৰাজ্যিক দুযোর্গ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্য মতে বানত মুঠ ৮২খন গাঁও ক্ষতিগ্রস্ত হৈছে৷ লখিমপুৰৰ ১৮খন আৰু ধেমাজি জিলাৰ ২৯খন গাঁও ক্ষতিগ্রস্ত হৈছে৷ মুঠ ৪৫,৪৫২জন লোক এই বানত ক্ষতিগ্রস্ত হৈছে যদিও আশ্রয় শিবিৰত থকা লোকৰ সংখ্যা হ’ল ৫৪৮জন৷
লখিমপুৰ : লখিমপুৰ জিলাৰ নাওবৈচাত শিঙৰা নদীৰ বানে জটিল ৰূপ ধাৰণ কৰিছে৷ অৰুণাচল পাহাৰত হৈ থকা প্রবল বৰষুণৰ বাবে আজি পুনৰ শিঙৰা নদী ফেনে-ফোটোকাৰে বাঢ়ি বিচিছন্ন অংশৰে সোমোৱা পানীয়ে নাওবৈচা ৰাজহ চক্রৰ অন্তর্গত ১৩খনৰো অধিক গাঁও পুনৰ ক্ষতিগ্রস্ত কৰিছে৷ প্রশাসনৰ মতে সাম্প্রতিক বানত নাওবৈচা ৰাজহ চক্রৰ ২৫ হাজাৰৰো অধিক লোক ভয়াৱহ বানৰ কবলত পৰি হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে৷
শেহতীয়াকৈ শিঙৰা নদীৰ বক্ষত নদী খননেৰে শিঙৰাক পূর্বৰ গতিপথেৰে বোৱাই নিয়াৰ চেষ্টা চলাই থকা এখন ফকলেণ্ড শিঙৰাৰ বুকুত ডুব যোৱাত প্রশাসনৰ প্রতিৰোধ ব্যৱস্থাত আউল লাগিছে৷ সম্প্রতি দুখনকৈ ফকলেণ্ডেৰে নদীৰ ডুব যোৱা ফকলেণ্ডখন উদ্ধাৰৰ তৎপৰতা চলাইছে যদিও ব্যর্থ হৈছে৷ 
সাম্প্রতিক বানত লখিমপুৰ জিলাখনৰ তিনিটা ৰাজহ চক্র ক্রমে নাওবৈচা, লখিমপুৰ আৰু বিহপুৰীয়া ৰাজহ চক্রৰ মুঠ ২৩খন গাঁও বানৰ কবলত পৰিছে৷ সেই অনুসৰি ক্ষতিগ্রস্ত হৈছে ২৫,৫৬০জন লোক৷ ইফালে, কৃষিভূমি ক্ষতিগ্রস্ত হৈছে ৮৯.৩ হেক্টৰ৷ ইয়াৰে নাওবৈচা ৰাজহ চক্রত ৭৮.৩ হেক্টৰ আৰু বিহপুৰীয়া ৰাজহ চক্রত ১১ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে৷ 
প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে আজি লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি ৰাইজক পর্যাপ্ত পৰিমাণৰ বান সাহায্য যোগানৰ লগতে ৰাইজক উদ্ধাৰ কৰাৰ ক্ষেত্রত যথোপযুক্ত পদক্ষেপ ল’বলৈ দাবী জনাইছে৷ প্রাক্তন মন্ত্রীগৰাকীয়ে লখিমপুৰ জিলা কংগ্রেছৰ সভাপতি ডাঃ জয়প্রকাশ দাসৰ সহযোগত নাওবৈচাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰে৷
নলবাৰী : নলবাৰীতো বানৰ কবলত ভালেমান অঞ্চল: সমগ্র ৰাজ্যৰ লগতে নলবাৰী জিলাৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে৷ জিলাখনৰ পশ্চিম প্রান্তৰ মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে বাট-পথ বুৰাই পেলোৱাৰ উপৰি প্রায় কুৰিখন গাঁও প্লাৱিত কৰে৷ জানিব পৰা মতে বুঢ়াদিয়া নদীৰ বাঢ়নী পানী কুলবিলত মথাউৰিৰ ওপৰেৰে বাগৰি অঞ্চলটো জলমগ্ন কৰে৷ একেদৰে মৰা পাগলাগিয়া নদীৰ বাঢ়নী পানী উত্তৰ বালিৰে মথাউৰিৰ ওপৰেৰে বাগৰি অঞ্চলটোৰ খেতিপথাৰৰ উপৰি বাট-পথ বুৰাই পেলায়৷ ইফালে, জিলাৰ মাজেৰে বৈ যোৱা পাগলাদিয়া নদীও ফেনে-ফোটোকাৰে বাঢ়িছে৷ নদীখনৰ বাঢ়নী পানীয়ে কেইবা ঠাইতো মথাউৰিত খহনীয়াৰ সৃষ্টি কৰিছে৷ খহনীয়াৰ ফলত নৈপৰীয়া লোকসকল আতংকিত হৈছে৷ একেদৰে নোনা নদীৰ পানীও বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ 
বিলাসীপাৰা : বৰষুণ দিয়া বন্ধ হৈছে, তথাপি বিলাসীপাৰাত নিশাৰ পৰা গোটেই দিনধৰি গৌৰাং, টিপকাই নদীৰ পানী বৃদ্ধি পোৱাত নতুন নতুন অঞ্চল প্লাৱিত কৰিছে৷ গৌৰাং নদীৰ বাঢ়নী পানী বিলাসীপাৰা বজাৰত সোমোৱাৰ ফলত হঁাহ-কুকুৰা, ছাগলী, ভেৰা আৰু শাক-পাচলিৰ পাইকাৰী বজাৰ, কাঠ বজাৰ আদি একাঁঠু পানীৰে উপচি পৰিছে৷ বিলাসীপাৰা মহাবিদ্যালয়ৰ একমাত্র ছাত্রী নিৱাসলৈ যোৱা পথত একাঁঠু পানী হোৱাত হোষ্টেললৈ যাতায়াত বন্ধ হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি