Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:45 am

Home » বিবিধ » প্ৰতিযোগিতা » ‘আঁক-বাক’ প্ৰকাশনৰ গ্ৰন্থবিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন

‘আঁক-বাক’ প্ৰকাশনৰ গ্ৰন্থবিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন


গুৱাহাটী : ৰাজ্যখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘আঁক-বাক’ প্ৰকাশনে এক প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট লেখক, সাহিত্যিক সৌমিত্ৰ যোগীজানিবলৈ দিয়া মতে, দিনে দিনে অসমীয়া গ্ৰন্থ উদ্যোগটোলৈ অহা প্ৰত্যাহ্বানবোৰৰ প্ৰতিৰোধ গঢ়ি তোলাৰ মানসেৰে কিতাপৰ বিষয়ে ইতিবাচক কথা চিন্তা কৰিবলৈ প্ৰথম পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক উদগনি যোগোৱাৰ লক্ষ্যৰে ‘আঁক-বাক’ প্ৰকাশনে এই প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ মাজত পঠন অভ্যাস গঢ়া তথা বৃদ্ধিৰ লক্ষ্যৰে ‘আঁক-বাক’ প্ৰকাশনে গ্ৰন্থবিষয়ক এই প্ৰবন্ধৰ প্ৰতিযোগিতাৰ প্ৰবন্ধৰ বিষয় হৈছে – “কিতাপে আমাক কি দিয়ে”
দুটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত দুয়োগৰাকী প্ৰবন্ধকাৰলৈ ১০ হেজাৰ টকাকৈ আগবঢ়োৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰবন্ধকাৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰমে ৫ আৰু ৩ হেজাৰকৈ টকা বঁটা হিচাপে আগবঢ়োৱা হ’ব। তদুপৰি দুয়োটা শাখাৰ শ্ৰেষ্ঠ বিবেচিত প্ৰবন্ধকাৰ আটাইকেইগৰাকীক ২০১৯ চনৰ ২৩ এপ্ৰিলত ‘আঁক-বাক’ ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিশ্ব গ্ৰন্থ দিৱসৰ অনুষ্ঠানত গ্ৰন্থবিষয়ক বক্তৃতা প্ৰদানৰ সুযোগ প্ৰদান কৰা হ’ব। আনহাতে, যোগ্য বিবেচিত এশগৰাকী পৰ্যন্ত প্ৰবন্ধকাৰক গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব।
ইয়াৰ মাজত প্ৰকাশোপযোগী বিবেচিত হ’লে তেনে প্ৰবন্ধৰ এক সংকলনো ‘আঁক-বাক’ প্ৰকাশনৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱাৰ পৰিকল্পনা আছে।
প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব। চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ‘ক’ শাখা আৰু একাদশৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীখিনিক ‘খ’ শাখাৰ অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা শাখাৰ বাবে বঁটা সুকীয়া সুকীয়া।

নিয়মাৱলীঃ

• প্ৰবন্ধৰ বিষয় হৈছে – “কিতাপে আমাক কি দিয়ে৷
• প্ৰবন্ধ একোটা লিখিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দুমাহ সময় পাব।
• প্ৰতিযোগিতাৰ বাবে কেৱল অসমীয়া ভাষাৰ প্ৰবন্ধহে গ্ৰহণ কৰা হ’ব৷
• প্ৰতিটো প্ৰবন্ধৰ নিজা শিৰোনাম থাকিব লাগিব।
• প্ৰবন্ধৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত কোনো বাধ্য-বাধকতা নাই।
• প্ৰতিযোগীসকলে প্ৰবন্ধৰ সৈতে বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ বা বিভাগীয় প্ৰধানৰ প্ৰসংগপত্ৰ গাঁথি দিব লাগিব।
• প্ৰসংগপত্ৰত শিক্ষানুষ্ঠানৰ নাম-ঠিকনা আৰু স্বাক্ষৰকাৰীৰ ফোন আৰু হোৱাটছএপ নাম্বাৰ উল্লেখ থাকিব লাগিব।
• প্ৰবন্ধৰ সৈতে নাম-ঠিকনা, নিজৰ বা অভিভাৱকৰ ফোন আৰু হোৱাটছএপ নাম্বাৰ উল্লেখ কৰাটো বাধ্যতামূলক।

প্ৰৱন্ধ প্ৰেৰণৰ সময় আৰু ঠিকনাঃ

প্ৰবন্ধসমূহ ৩০ আগষ্টৰ পূৰ্বে পোৱাকৈ তলৰ ঠিকনাত প্ৰেৰণ কৰাৰ লগতে পউক্ত প্ৰতিযোগিতা সন্দৰ্ভত সবিশেষ জানিবৈল উল্লিখিত ফোন নম্বৰত ফোন কৰি জানিব পাৰিব৷
‘আঁক-বাক’, সৰস্বতী মাৰ্কেট
যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-৭৮১০০১
ফোন : +৯১ ৯৮৬৪১২২৫৩১

(AANK-BAAK, Saraswati Market,
Jaswant Road, Panbazar, GUWAHATI-781001)
Phone : +919864122631

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি