কর্কট ৰােগত আক্ৰান্ত বলীউড অভিনেত্রী সােণালী বেন্দ্রে

মুম্বাই : জটিল কর্কট ৰােগত আক্ৰান্ত হৈছে বলীউড অভিনেত্রী সােণালী বেন্দ্রে। আনকি দুৰাৰােগ্য এই ব্যাধিয়ে অভিনেত্রীগৰাকীৰ শৰীৰত অন্তিম পর্যায় পাইছেগৈ বুলিও ছ’চিয়েল নেটৱৰ্কিং ছাইটযােগে নিজেই সদৰী কৰিছে সােণালী বেন্দ্রেই। এই ব্যাধি সন্দর্ভত এটা পােষ্টত অভিনেত্রীগৰাকীয়ে লিখিছে-সম্প্রতি পৰীক্ষা-নিৰীক্ষাত মােৰ শৰীৰত চূড়ান্ত পর্যায়ত কেঞ্চাৰ থকাটো ধৰা পৰিছে। সমগ্ৰ শৰীৰলৈ সম্প্রসাৰিত হৈছে এই জটিল ব্যাধি। জীৱনত এনে সন্ধিক্ষণত মুখামুখি হ’ব লাগিব বুলিও আশা কৰা নাছিলোঁ। মই শৰীৰত বিষ অনুভৱ কৰিছিলোঁ। সেই বিষৰ পৰীক্ষা কৰিবলৈ যােৱাৰ সময়তেই কেঞ্চাৰত আক্রান্ত হােৱা ভয়াৱহ খবৰটো চিকিৎসকৰ পৰা জানিব পাৰোঁ। উল্লেখ্য যে সম্প্রীতি নিউয়ৰ্কৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেত্রীগৰাকী। উল্লেখ্য, কিছুদিন পূর্বে জনপ্রিয় অভিনেতা ইৰফান খানাে নিউৰ এন্ড্রোক্রাইন কৰ্কটৰ দৰে জটিল ৰােগত আক্রান্ত হােৱা বুলি খবৰ ওলাইছিল।

পৰিৱৰ্তনকামী চৰকাৰৰ আন এক উপহাৰ : বন্ধ হ’ল নগাঁও-কাছাৰ কাগজ কল, ১৬০০ কর্মচাৰীৰ পৰিয়াললৈ অমানিশা

গুৱাহাটী : আশংকা কৰাৰ দৰেই চিৰদিনৰ বাবে বন্ধ হ’ল ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কল। ভৱিষ্যৎ অন্ধকাৰচ্ছন্ন হ’ল কাগজ কল দুটাৰ সৈতে ওতপ্রােতভাৱে জড়িত প্রায় ১,৬০০জন কর্মী আৰু তেওঁলােকৰ পৰিয়ালৰ। একেদৰে প্ৰকট হ’ল কাগজ কল দুটাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মিথ্যাচাৰৰ ৰাজনীতি। কাৰণ চলিত বছৰৰ ৯ ডিচেম্বৰত আনুষ্ঠানিকভাৱে দেউলীয়া ঘােষণা কৰা হ’ব যােৱা প্রায় দুই বছৰ ধৰি বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেডৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে এক ৰাজহুৱা জাননীযােগে কাগজ কল দুটাৰ সৈতে জড়িত সকলাে পক্ষৰ দৃষ্টি আকর্ষণ কৰি এই কথা ৰাজহুৱা কৰিছে। এই সন্দৰ্ভত ইনছলভেন্সী এণ্ড বেংৰাপ্টছি ব’র্ড অৱ ইণ্ডিয়াই ইতিমধ্যে নেচনেল কোম্পানী ল ট্রিবিউনেলৰ পৰা নগাঁও আৰু কাছাৰ কাগজ কল

এন আৰ চি : চূড়ান্ত খচৰাত ৫.৫১ লাখ লোকৰ নাম বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰাত যে লাখ লাখ লোকৰ নাম বাদ পৰিব সেই কথা এন আৰ চি কর্তৃপক্ষই গ্রহণ কৰা কঠোৰ ব্যৱস্থাৰ পৰা স্পষ্ট হৈছে৷ এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত কিমানৰ নাম বাদ পৰিব সেই কথা অহা ৩০ জুলাইত ওলাই পৰিব৷ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চি কর্তৃপক্ষই কঠোৰ নীতিৰে প্রস্তুত কৰি থকা এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পূর্বে প্রায় ৫.৫১ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত হৈছে৷ চূড়ান্ত খচৰা প্রকাশৰ পাছত প্রদর্শন কৰা ওজৰ আপত্তি, বিদেশী ৰায়ৰ পাছত হয়তো বর্তমানে বাদ পৰাসকলৰ ভিতৰৰে কাৰোবাৰ নাম অন্তর্ভুক্ত হ’ব পাৰে৷ কিন্তু চূড়ান্ত খচৰাত ৫.৫১ লাখ লোকৰ নাম যে বাদ পৰিব সেই কথা নিশ্চিত হৈছে৷

বৰপেটাৰোডত আমছুৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান আৰম্ভ

বৰপেটাৰোড : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত মোবাৰক আলী মেমেৰিয়াল এম ,ই স্কুলত বিনামূলীয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী বুধবাৰৰ পৰা আৰম্ভ হয়৷ সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীক অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আৰম্ভ কৰা উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বৰপেটাৰোড আঞ্চলিক সমিতিৰ সভাপতি আমিৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত আমছুৰ শিক্ষা আৰু আলোচনী সম্পাদক সাজাহান আলী আহমেদ, আমছুৰ বৰপেটা আৰু বাক্সা জিলাৰ উপদেষ্টা মইনুল হক খান, বৰপেটা জিলা সমিতিৰ উপ সভাপতি আব্দুল জুব্বাৰ আলী, বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, বৰপেটা জিলাৰ কাৰ্যকৰী সদস্য মফিদুল ইছলাম আৰু বৰপেটাৰোড আৰু জাখলি বিলৰ পাথাৰ আঞ্চলিক সমিতিৰ

কেৱল নিৰ্দেশ, সমাধান শূণ্য : পুনৰ ৩০ ঘণ্টাৰ ভিতৰত বিধবস্ত পথ মেৰামতিৰ নির্দেশ মুখ্যমন্ত্ৰী সর্বানন্দৰ

গুৱাহাটী ব্যুৰ’ : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে ডিব্রুগড়ৰ চাউলখোৱা আৰু নালিয়াপুলত উপস্থিত হৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথছোৱাৰ অৱস্থা পৰিদর্শন কৰে৷ উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা ডিব্রুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্রী সোণোৱালে প্রথমে চাউলখোৱা ৰে’ল ষ্টেছন আৰু পিছত নালিয়াপুল বজাৰৰ সমীপত উপস্থিত হৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে যান-বাহন চলাচলত অসুবিধা হোৱাৰ বিষয়টো নিৰীক্ষণ কৰে৷ লগে লগে মুখ্যমন্ত্রীগৰাকীয়ে উক্ত পথছোৱাৰ দায়িত্বত থকা এন এইচ আই ডি চি এল কর্তৃপক্ষক ৩০ ঘণ্টাৰ ভিতৰত নালিয়াপুল, চাউলখোৱা, চাবুৱা আদি এলেকাত থকা গাঁতসমূহ মেৰামতিৰ ব্যৱস্থা কৰিপথটো যাতায়াতৰ উপযোগী কৰি তোলাৰ দিশত ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ পৰিদর্শনকালত মুখ্যমন্ত্রীৰ সৈতে লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা আৰু ডিব্রুগড় জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰীও উপস্থিত থাকে৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী সৰ্বানন্দ