Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 10:32 am

Home » অন্যান্য » মৰাণৰ এখন ব্যতিক্ৰমী বিদ্যালয়ৰ কাহিনী : জানি লওক, পাঠ্যপুথিৰ বাহিৰে আৰু দিয়া হয় কি শিক্ষা

মৰাণৰ এখন ব্যতিক্ৰমী বিদ্যালয়ৰ কাহিনী : জানি লওক, পাঠ্যপুথিৰ বাহিৰে আৰু দিয়া হয় কি শিক্ষা

মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ সংবাদ :
মৰাণৰ এখন ব্যতিক্ৰমী বিদ্যালয়। নাম বাল্য বিকাশ বিদ্যালয়। মৰাণ নগৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ ১ নং ডোমৰ দলং (মাজবিল)ত অৱস্থিত এই বিদ্যালয়খন। স্বপন চুতীয়া নামৰ এজন আদৰ্শবান ব্যক্তিয়ে ২০১৩ চনত স্থাপন কৰিছিল এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন।
সম্প্ৰতি চ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত চৰ্চিত হৈ পৰা এই বিদ্যালয়খনৰ আছে এক স্বকীয় বৈশিষ্ট্য। অসমৰ আন বিদ্যালয়সমূহৰ তুলনাত যথেষ্ট ব্যতিক্ৰম এই বিদ্যালয়খন। বিদ্যালয়খনত পাঠ্যপুথিৰ নিয়মিত শিক্ষাদান দিয়াৰ উপৰি সামাজিক তথা ঘৰুৱা জনজীৱনৰ কিছু আনুসংগিক শিক্ষা দিয়া হয় ছাত্ৰ-ছাত্ৰীসকলক।
বিদ্যালয়খনত আছে আধ্যাত্নিক চিন্তাৰে মানৱ সম্পদ গঢ়িব পৰা এটা নীতিশালা। য’ত ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হয় প্ৰাৰ্থনা, বৰগীত, টোকাৰী গীত, দিহানাম আদি। আনহাতে ঘৰুৱা জীৱনৰ লগত সংগতি থকা বহু কাম যেনে হালবোৱা, কঠিয়া সিঁচা, ৰোৱা, মাছ মৰা আদি কামো এই বিদ্যালয়খনত শিকোৱা হয়।
বিদ্যালয়খনৰ স্বত্বাধিকাৰ তথা অধ্যক্ষ স্বপন চুতিয়াই নিজা চিন্তাৰে বিদ্যালয়খনত স্থাপন কৰিছে এটা পুথিভঁৰাল। এই পুথিভঁৰালটোত ব্যক্তিজনে সংৰক্ষণ কৰি ৰাখিছে বিভিন্ন ধৰ্মগ্ৰন্থ কীৰ্ত্তন,গীতা, ভাগৱত, কোৰান, বাইবেলৰ লগতে বিভিন্ন লেখকৰ গ্ৰন্থ। মৰাণ অঞ্চলৰ বহুতো আলোচনী,স্মৃতিগ্ৰন্থ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ গামোচা আৰু অসমৰ বিভিন্ন প্ৰজাতিৰ ধানৰ থুক এই পুথিভঁৰালটোতে সংৰক্ষণ কৰি ৰাখিছে ব্যক্তিজনে।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে থলোৱা শাক সমূহ চিনি পাব পৰাকৈ বিদ্যালয়খনতে গঢ়ি তোলা হৈছে “শতৰূপা” নামৰ এশ এবিধ থলুৱা শাকৰ তলি। বিদ্যালয়খনত আছে এটা পক্ষী নিলয়। য’ত উঠি বিভিন্ন পক্ষী নিৰীক্ষণ কৰিব পাৰি। বিদ্যালয়খনৰ শিক্ষাৰ গুণগত মানো যথেষ্ট উন্নত। শিক্ষক-শিক্ষয়িত্ৰীসকলে নিঃস্বাৰ্থভাৱে শিক্ষা দান দিয়ে ছাত্ৰ-ছাত্ৰীসকলক।
উল্লেখ্য যে যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ডক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ আহিছে সেই সময়তে এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ নীতি-আদৰ্শ সঁচাকৈয়ে লেখত ল’বলগীয়া। বাল্য বিকাশ বিদ্যালয় অসমৰ সকলোবোৰ বিদ্যালয়ৰ বাবে আদৰ্শ হওক। আমাৰো তাকেই আশা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি