Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 10:59 am

Home » আঞ্চলিক » দ্বিতীয়টো বানৰ কবলত ৰাজ্য : বিপদসীমাৰ ওপৰত আছে নৈৰ জলপৃষ্ঠ

দ্বিতীয়টো বানৰ কবলত ৰাজ্য : বিপদসীমাৰ ওপৰত আছে নৈৰ জলপৃষ্ঠ


গুৱাহাটী ব্যুৰ’ : দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা৷ ব্রহ্মপুত্রৰ জলপৃষ্ঠ দ্রুতগতিত বৃদ্ধি পাইছে৷ নীপকোৱে পানী এৰি দিয়াৰ ফলত ৰঙানদীৰ লগতে ডিক্রং আৰু সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে চিৰাঙত আই নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীর্ণ অঞ্চল৷ ৰাজ্যিক দুযোর্গ ব্যৱস্থাপনা কর্তৃপক্ষৰ পৰা জানিব পৰা মতে, ধেমাজি, লখিমপুৰ, বৰপেটা, ডিব্রুগড় জিলা বানৰ কবলত পৰিছে৷ ইফালে, প্রথমটো বানৰ কবলত পৰা কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি উন্নত হৈছে যদিও অঞ্চল বিশেষ বানৰ কবলত এতিয়াও আছে৷ দুযোর্গ ব্যৱস্থাপনা কর্তৃপক্ষৰ মতে, ৫খন জিলাৰ ২৯টা ৰাজহ চক্রৰ ৫৬খন গাঁৱৰ ৪০,৯৫৫জন লোক এই বানত ক্ষতিগ্রস্ত হৈছে৷
ধেমাজি জিলাৰ বান পৰিস্থিতিৰ অৱনতি হোৱাত জিলাখনত ৫টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে৷ প্রথমটো বানত ২৯জন আৰু ভূমিস্খলনৰ ফলত ৩জন মুঠ ৩২জন লোকৰ মৃত্যু হৈছিল যদিও দ্বিতীয় বানত প্রাণহানি হোৱা নাই বুলি দুযোর্গ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্যত প্রকাশ৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্রহ্মপুত্রৰ নিমাতীঘাট, শোণিতপুৰৰ জীয়াভৰালী আৰু পুঠিমাৰী নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে৷

ডিব্রু নৈৰ জলপৃষ্ঠ বৃদ্ধি, বিস্তীর্ণ এলেকা জলমগ্ন

যোৱা দুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ডিব্রু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহ প্লাৱিত হৈছে৷ লগতে ব্রহ্মপুত্রৰো জলপৃষ্ঠ বৃদ্ধি পোৱাত ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ একাংশ বুৰ গৈছে৷ ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত থকা বন্যপ্রাণীলৈ ভাবুকি আহি পৰিছে৷ আনহাতে, ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত থকা লাইকা দধিয়া আদি বনগাঁও প্লাৱিত হৈছে৷ বাঢ়নী পানীৰ বাবে বনগাঁওবাসী যথেষ্ট অসুবিধাত পৰিছে৷ ইফালে, গুঁইজানত গুঁইজান আৰক্ষী চকী, ফৰেষ্ট কেম্প, নতুন ৰঙাগড়া গাঁও আদি প্লাৱিত হৈছে৷ দিনজান-গুঁইজান সংযোগী পথৰ খামটি গোৱালীৰ সমীপত এছোৱা পানীত বুৰ যোৱাৰ বাবে যাতায়াত ব্যাহত হৈছে৷ গুঁইজানত থকা ইক’ টুৰিষ্ট লজ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে৷ বাৰেকুৰিৰ গৰিয়াটিং গাঁৱত বাঢ়নী পানী সোমাই কেইবাঘৰো বুৰাই পেলাইছে৷ ৰাষ্টা-ঘাট পানীত বুৰ গৈছে৷ 
ঘৰচীয়া জন্তুৰ খাদ্যৰ বাবে সমস্যাত পৰিছে গাঁওবাসী : এনেকৈ পানী বাঢ়ি থাকিলে কেইবাখনো গাঁও অচিৰেই জলমগ্ন হ’ব৷ উল্লেখযোগ্য যে ৮ কোটি টকা ব্যয় সাপেক্ষে অসম চৰকাৰে বাৰেকুৰিৰ হাতীবাটৰ পৰা নতুন গাঁৱলৈ এটা মথাউৰি নির্মাণ কৰাৰ কাম আৰম্ভ কৰিছিল৷ কিন্তু মথাউৰি নির্মাণৰ কাম বাৰিষাৰ বতৰত আৰম্ভ কৰাৰ বাবে অকণমান কাম কৰিয়েই সামৰি থ’লে৷ এই মথাউৰিৰ কাম বাৰিষাৰ আগত সম্পূর্ণ হৈ উঠা হ’লে বাৰেকুৰিৰ কেইবাখনো গাঁও বুৰাৰ পৰা ৰক্ষা পৰিলহেঁতেন৷ 

কোকৰাঝাৰতো বানপানীৰ তাণ্ডৱ

বিগত কেবাইদিন ধৰি ধাৰাবাহিক মুষলধাৰ বৰষুণ দি থকাৰ ফলত বি টি এ ডিৰ সদৰ কোকৰাঝাৰ চহৰৰ লগতে উপকণ্ঠ অঞ্চল বানৰ কবলত পৰিছে৷ প্রকাশ যে আদর্শ বি টি এ ডিৰ সপোন দেখুওৱা হাগ্রামা মহিলাৰীৰ শাসন কালত বিভাগীয় অভিযন্তা তথা কার্যবাহী সদস্যৰ সৈতে মিতিৰালি কৰি গোপন বুজাবুজিৰে কোনো পৰিকল্পনা নোহোৱাকৈ নলা-নর্দমা বনোৱাৰ ফলত চহৰখনত এতিয়া এজাক মুষলধাৰ বৰষুণ দিলেই বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়৷
উল্লেখযোগ্য যে চহৰখনৰ কাষেৰে বৈ থকা গৌৰাং নৈৰ বাঢ়নী পানীয়ে শান্তিনগৰৰ ১ নং ৱার্ডৰ শতাধিক পৰিয়াল বানপানীত আক্রান্ত হৈছে যদিও প্রশাসন বা বি টি এ ডিৰ কোনো নেতাই খবৰ লোৱা নাই বুলি অভিযোগ উঠিছে৷
আন পিনে পাটগাঁৱৰ ক্রমে পাটগাঁও বজাৰ, চৌদাগুড়ি, নেপালবস্তি, হাব্রুবাৰী আদি বহু গাঁও সৰলভাঙা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে৷ তেনেদৰে গংগীয়া নৈৰ বাঢ়নী পানীয়ে দোতমাৰ বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে৷
বজ্র পৰি পশুধন নিহত : যোৱা নিশা মুষলধাৰ বৰষুণৰ লগতে হোৱা বজ্রপাতত জিলাখনৰ কচুগাঁও থানাৰ অন্তর্গত গান্দাবিলত ৮টা গৰু নিহত হয়৷ জানিব পৰা মতে, অমৃত মুছাহাৰী নামৰ ব্যক্তি এজনে উক্ত গৰুকেইটাৰ জৰিয়তে পৰিয়াল পোহপাল দিছিল৷ 

চিলাপথাৰত ডিমৌ নৈৰ ভয়ংকৰ ৰূপ

চিলাপথাৰ অঞ্চলৰ চিলাসুঁতি পঞ্চায়তৰ মাজেৰে বৈ যোৱা ডিমৌ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বানত সর্বাধিক প্রভাৱ পৰিছে কমলপুৰত৷ গাঁওখনৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে বিস্তৃত কৃষিভূমি জাহ গ’ল প্রবল বানত৷ ৰাইজে বানৰ পৰা পৰিত্রাণ পোৱাৰ উদ্দেশ্যে ওখ ওখ চাংঘৰ সজায়ো ৰক্ষা পোৱা নাই৷ ঘৰ-বাৰী, বাট-পথৰ পৰা কৃষিভূমিলৈকে সর্বত্র মাথোঁ পানীৰে ভৰপূৰ হৈ আছে৷ বন্ধ হৈ পৰিল শিৱনগৰ-আর্চীৰ পথছোৱা৷ ইপিনে, মাজৰবাৰীৰ পি এম জি এছ ৱাই পথছোৱাৰ সিংহভাগেই বানে অনিষ্ট কৰিলে৷

চিৰাঙত বানত ডুবিল কেইবাখনো গাঁও

চিৰাং জিলাৰ আই নদী, চম্পামতী নৈ, নাঙলভাঙা, মাক্রা আদি নৈৰ পানী ফেনে-ফোটোকাৰে ক্রমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে৷ জিলাখনৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে৷ আমগুৰি থানাৰ অন্তর্গত নাঙলভাঙাৰ নদীৰ বাঢ়নী পানী ৰুধিবলৈ ৰাইজে দিয়া বান্ধটো কেইবা ঠাইতো খহাই নিয়াত পশ্চিম জয়পুৰ, হুটহুটী, ছোৰোবাৰী, ছোটো আমগুৰি, মাণিকপুৰ, ডেবৰবিল আদি গাঁও পানীত বুৰ যায়৷ ইপিনে আই নদীৰ বাঢ়নী পানীয়ে আই পোৱালি, বেংতল, দেওশ্রী আদি অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে৷
ৰাৱণ আৰু মৰা নদীৰ বাঢ়নী পানীত লাউৰীপাৰাৰ কেইবাটাও আদিবাসী পৰিয়ালৰ উপৰি গৰুভাষা বজাৰ, শিৱ মন্দিৰ, জুইলগা অঞ্চল, তথা কেইবাখনো স্কুল জলমগ্ন হৈছে৷ ইপিনে জিলাখনৰ প্রধান নৈ আই নদীৰ পানী বিপদসীমাৰ সামান্য তলেৰে বৈ আছে যদিও চম্পামতী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে৷
আই নদীৰ সংহাৰী ৰূপ : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বাঢ়নী পানীয়ে প্রায় ৮১০খন গাঁও প্লাৱিত কৰিছে৷ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈ তিলপুখুৰী, টেণ্টনপুৰ, বালাপেট, ২নং বাশবাৰী, ৪, ৫, ৬নং ভাণ্ডাৰা বুৰাই পেলাইছে৷ এনেকৈয়ে পানী বাঢ়ি ভয়াৱহ ৰূপ লোৱাত বন্যার্তৰ মাজত হাহাকাৰ লাগিছে৷ কীর্তনপাৰাৰ পৰা ডাঙাইগাঁও হৈ মাণিকপুৰ, বঙাইগাঁওলৈ যোৱা একমাত্র ৰাস্তাৰ ওপৰেদি পানী বাগৰিব ধৰাত যাতায়াত তথা যোগাযোগ বিচিছন্ন হৈ পৰিছে৷ ঘৰে ঘৰে পানী সোমোৱাত ওখ ঠাই বিচাৰি হাবাথুৰি খাইছে বানপীড়িতই৷
পোহনীয়া গৰু, ছাগলী, ভেড়া, হঁাহ, কুকুৰাক লৈ সমস্যাৰ সৃষ্টি হৈছে৷ ইফালে মানাহ নদীৰ পানী বাঢ়িব ধৰাত চিন্তিত হৈ পৰিছে নাম্বাৰপাৰা, কোকিলা, চাকলা, শৌলমাৰী, মুলবাবাৰী, বালাৰচৰবাসী৷ বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নদীৰ বাঢ়নী পানীয়ে গুইলেজাৰ, বেছিমাৰী, মৱামাৰী, বৰডাংগা, কামাৰপাৰা, খাৰবাল্লি, সঁুতিৰপাথাৰ, লাচাংগা, চনপুৰা, কাদং, ডাউকমাৰী আদি প্লাৱিত কৰিছে৷

পানেৰীত নোনাই নৈত উটি গ’ল এজন, উদ্ধাৰ অভিযান অব্যাহত

ওদালগুৰি জিলাৰ পার্শ্বৱর্তী ভূটান পাহাৰত বিগত দুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত পাহাৰখনৰ পৰা বৈ অহা খৰস্রোতা দক্ষিণ বাহিনী নৈ শুকলাই, কালা, নোনাই, কুলশী আদি নৈৰ পানী নিশাটোৰ ভিতৰতে বাঢ়িবলৈ ধৰাত অঞ্চলবাসীৰ মাজত তীব্র আতংকৰ সৃষ্টি হৈছে৷ 
কালি ৩নং ডিমাকুছিৰ দুজন চাহ শ্রমিকে পানেৰী চাহ বাগিচালৈ চাইকেলেৰে আহি থকাৰ সময়ত গীটিবাৰীত নোনাই নৈৰ খৰস্রোতা বাঢ়নী পানী পাৰ হ’বলৈ চেষ্টা কৰোঁতে দুয়োজন পানীত পৰি যায়৷ ইয়াৰে এজনে কথমপি নিজকে ৰক্ষা কৰে যদিও মহেন্দ্র প্রজা নামৰ ৩৫ বছৰীয়া লোকজনক নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে৷ আজি পুৱাৰে পৰা এছ ডি আৰ এফৰ এটা বিশেষ দলে গীটিবাৰীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈ ইতিমধ্যে মৃত্যু হোৱা বুলি সন্দেহ কৰা লোকজনক উদ্ধাৰ কৰিব পৰা নাই৷

গোগামুখত ৫০খনৰো অধিক গাঁও জলমগ্ন

পুনৰ জীয়াঢল, কুমতীয়া, ন নদীৰ বানত গোগামুখৰ ৰাজহ চক্রৰ অন্তর্গত ৫০খনৰো অধিক গাঁও বানৰ কবলত পৰিছে৷ বানৰ কবলত পৰি হাহাকাৰ বন্যার্তৰ৷ বানাক্রান্ত ৰাইজক জনপ্রতিনিধিৰ লগতে ধেমাজি জিলা প্রশাসনেও খবৰ নোলোৱাৰ লগতে খাদ্য সামগ্রী যোগান নধৰাত তীব্র ক্ষোভ প্রকাশ কৰিছে৷ 
বানত বিশেষকৈ চুতীয়াকাৰী, বৰদৈ কৈৱর্ত, বালি চাপৰি, গোসাইবাৰী, লক্ষীপথাৰ, ভূমা, থনাকৃষ্ণ পুৰ আদি কৰি ৫০খনৰো অধিক গাঁৱত প্রলয়ৰ সৃষ্টি হৈছে৷ সংহাৰী বানে বাট-পথসমূহ বুৰাই পেলোৱাৰ ফলত পথ যোগাযোগ সম্পূর্ণভাৱে বিচিছন্ন হৈ পৰিছে৷ ইফালে ঘাগৰ নৈয়ে কালি উটুৱাই নিয়া জেবিয়াৰ ওৰাং নামৰ এজন লোকৰ আজিও শুংসূত্র নাই৷ এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

বাকোত সাত দহখনতকৈ অধিক গাঁও প্লাৱিত

সাত পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰালে বিস্তীর্ণ অঞ্চল৷ নদীৰ বাঢ়নী পানীয়ে জিলাখনৰ বাগানপাৰা ৰাজহ চক্রৰ অন্তর্গত জাৰতালুক, সুন্দৰপুৰ, কদমতলা, ঘোঁৰামাৰা, গঢ়ৰকাষ, খাটবাৰী, বালাপাৰ, কদমতলা আদিকে ধৰি দহখনৰো অধিক গাঁৱ প্লাৱিত কৰে৷ শতাধিক পৰিয়ালৰ ঘৰত পানী সোমোৱাৰ লগতে যাতায়াত ব্যাহত হৈ পৰিছে৷ বিস্তীর্ণ অঞ্চলটো নদীদ্বীপত পৰিণত হৈছে৷ জিলাখনৰ সদৰ মুছলপুৰ সংযোগী গোৱালবিল আঠিয়াবাৰী পথটোত একঁকাল পর্যন্ত পানী হোৱাত যাতায়াত ব্যাহত হৈ পৰিছে৷

মৰা পাগলাদিয়াৰ বানত বুৰ গ’ল টিহুৰ বিস্তীর্ণ অঞ্চল

কালি নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে আজি পুৱা নলবাৰী জিলাৰ টিহু ৰাজহ চক্রৰ অন্তর্গত বিস্তীর্ণ অঞ্চল বুৰাই পেলায়৷ মৰাপাগলাদিয়া নৈৰ কোবাল সোঁতে উত্তৰ বালি, কৈহাটীপাৰাৰ পৰা টিহু আখৰা গড়কাপ্টানী পথ সংলগ্ন মথাউৰিটো ছিঙি নিয়াৰ ফলত টিহু ৰাজহ চক্রৰ অন্তর্গত ষাঠিকুছি, কৈহটিীপাৰা, মধ্য ষাঠিকুছি, সাৰাপাৰা, গড়বেৰ, উত্তৰবালি, নদীপাৰ চুবা আদি অঞ্চলসমূহ জলমগ্ন হৈ পৰাৰ লগতে অঞ্চলসমূহৰ কৃষক ৰাইজে ৰোপণ কৰা শালিধানৰ খেতিসমূহ পানীৰ তলত থকাৰ উপৰি বৃহৎ পৰিমাণৰ শালি ধানৰ কঠীয়া নষ্ট হোৱাৰ আশংকাত কৃষক ৰাইজে মূৰে- কপালে হাত দিছে৷
আনফালে টিহু আখৰা গড়কাপ্টানী পথৰ ষাঠিকুছিৰ পৰা উত্তৰবালি বড়ো চুপালৈ প্রায় ডেৰ কিল’মিটাৰ পথ পানীৰ তলত থকাৰ লগতে টিহু আখৰা গড়কাপ্টানী পথৰ পৰা সাৰাপাৰালৈ যোৱা আৰু সাৰাপাৰাৰ পৰা গড়বেৰ কৈহাটীপাৰা সংলগ্ন গ্রাম্য পথসমূহ সম্পূর্ণ ৰূপে পানীত বুৰ গৈছে৷ অঞ্চলসমূহৰ বহু পৰিয়ালৰ পশুধন, সা-সম্পত্তি, সামগ্রী আদি বানত আবদ্ধ হৈ পৰিছে৷

পহুমাৰা নৈৰ পানীত ডুবিল বামাখাটা-কর্দেগুৰি গড়কাপ্টানী পথ

বজালী মহকুমাৰ মাজেৰে প্রৱাহিত পহুমাৰা নৈৰ বাঢ়নী পানীত পুনৰ বুৰিল বামাখাটা-কর্দেগুৰি গড়কাপ্টানী পথ৷ যাৰ ফলত এক বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বজালী মহকুমাৰ সদৰ পাঠশালা আৰু অন্যান্য প্রান্তৰ লগত যাতায়াত আৰু যোগাযোগ সম্পূর্ণৰূপে বিচিছন্ন হৈ পৰে৷
উল্লেখযোগ্য যে প্রতিবছৰে পহুমাৰা নৈৰ বাঢ়নী পানীয়ে বজালীৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতৰ একমাত্র পথ হিচাপে বিবেচিত বামাখাটা-কর্দেগুৰি গড়কাপ্টানী পথৰ গহীনপাৰা থানৰ ওচৰত প্রায় দুশ মিটাৰ অংশ পথছোৱা অতি নিম্ন আৰু জৰাজীর্ণ হোৱাৰ ফলত নৈখনৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ ৰাইজক জলা-কলা খুৱাই আহিছে৷ প্রতি বছৰে নৰক যন্ত্রণা ভোগাই অহা বজালীৰ এই গুৰুত্বপূর্ণ পথটো মেৰামতি কৰাৰ লগতে পথটোৰ গহীনপাৰা থানৰ চাপৰ অংশটো ওখকৈ নির্মাণ কৰি ৰাইজৰ যাতায়াত সুচল কৰিবলৈ ৰাইজে গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি