Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:10 am

Home » আঞ্চলিক » কেৱল নিৰ্দেশ, সমাধান শূণ্য : পুনৰ ৩০ ঘণ্টাৰ ভিতৰত বিধবস্ত পথ মেৰামতিৰ নির্দেশ মুখ্যমন্ত্ৰী সর্বানন্দৰ

কেৱল নিৰ্দেশ, সমাধান শূণ্য : পুনৰ ৩০ ঘণ্টাৰ ভিতৰত বিধবস্ত পথ মেৰামতিৰ নির্দেশ মুখ্যমন্ত্ৰী সর্বানন্দৰ


গুৱাহাটী ব্যুৰ’ : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে ডিব্রুগড়ৰ চাউলখোৱা আৰু নালিয়াপুলত উপস্থিত হৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথছোৱাৰ অৱস্থা পৰিদর্শন কৰে৷ উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা ডিব্রুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্রী সোণোৱালে প্রথমে চাউলখোৱা ৰে’ল ষ্টেছন আৰু পিছত নালিয়াপুল বজাৰৰ সমীপত উপস্থিত হৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে যান-বাহন চলাচলত অসুবিধা হোৱাৰ বিষয়টো নিৰীক্ষণ কৰে৷ লগে লগে মুখ্যমন্ত্রীগৰাকীয়ে উক্ত পথছোৱাৰ দায়িত্বত থকা এন এইচ আই ডি চি এল কর্তৃপক্ষক ৩০ ঘণ্টাৰ ভিতৰত নালিয়াপুল, চাউলখোৱা, চাবুৱা আদি এলেকাত থকা গাঁতসমূহ মেৰামতিৰ ব্যৱস্থা কৰিপথটো যাতায়াতৰ উপযোগী কৰি তোলাৰ দিশত ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ পৰিদর্শনকালত মুখ্যমন্ত্রীৰ সৈতে লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা আৰু ডিব্রুগড় জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰীও উপস্থিত থাকে৷
মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে গাদী দখল কৰাৰ পিছতে এটাৰ পিছতে এটাকৈ বিভিন্ন কাম-কাজত ক্ষীপ্ৰতাৰে কৰি সমস্যাৰ সমাধান কৰিবলৈ বিভাগীয়ভাৱে নিৰ্দেশ দি আহিছে যদিও সেয়া সময়ত কিমান কাৰ্যকৰী হৈছে সেয়াহে লক্ষণীয়৷ কিয়নো একাধিক সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বুজ লৈ নিৰ্দিষ্ট এক সময়ৰ ভিতৰত সেই সমস্যাসমূহ সমাধান কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে৷ কিন্তু কাৰ্যত তেনে এটা সমস্যাও আজিলৈকে সমাধান হোৱা পৰিলক্ষিত হোৱা নাই৷ ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে সমস্যাসমূহ সমাধানৰ বাবে ধৰি দিয়া সময়ৰ ভিতৰত সমাধান হ’ল নে নহ’ল, পৰৱৰ্তী সময়ত সেই সন্দৰ্ভতো কিন্তু নীৰৱ ভূমিকা পালন কৰি অহাৰ লগতে সমস্যাসমূহ সমাধান নকৰা অৰ্থাৎ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰা সংশ্লিষ্ট বিভাগটোৰ বিৰুদ্ধে কোনোধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি