পঁয়ালগা উন্নয়ন : তিতাবৰত ১৯ খন গাঁও সংযোগী একমাত্ৰ গড়কাপ্তানী পথৰ কৰুণ ছবি
তিতাবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহসমষ্টি তিতাবৰ ডফলাটিং ডাংধৰা সংযোগী গড়কাপ্তানী বিভাগৰ একমাত্ৰ পথটোৰ অৱস্থা সম্প্ৰতি তথৈবচ। বিগত প্ৰায় ১৭ বছৰে বিভাগীয় মেৰামতি তথা উন্নয়নৰ অভাৱত পথটো এতিয়া মৃতপ্ৰায়। বখলা বখলে এৰাই গৈছে পথটোৰ ব্লেক টপিং। মুঠ প্ৰায় ১৯ খন বৃহৎ গাঁৱৰ ৰাইজ আৰু একাধিক গুৰু-লঘু যান-বাহন চলাচল কৰা পথটোত এতিয়া সততে প্ৰত্যক্ষ হয় পানীৰ ডোঙা বান্ধি থকা পুখুৰী সদৃশ বৃহৎ বৃহৎ গাত। চাফ চিকুণৰ অভাৱত সুদীৰ্ঘ প্ৰায় ৭ কিলোমিটাৰ দূৰত্বৰ পথটোৰ দুয়োকাষে গজি উঠিছে সততে বাঘ-ঘোঙ থাকিব পৰা ধৰণৰ হাবি জংঘল। কিন্তু এইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিৰ। ফলত বিধ্বস্ত পথেৰে অঞ্চলটোৰ নাগৰিক, ছাত্ৰ-ছাত্ৰী,যান-বাহন সমূহে নিতৌ দুৰ্বিসহ যাত্ৰা কৰিব লাগে। ডফলাটিং, বিৰিণাশায়েক, মৰিয়াশায়েক, চৈয়দবাৰী, চেঙেলিচুক, গাড়ীকুৰী,