নতুন দিল্লী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ প্রথমখন খচৰাত ১.৫০ লাখ সন্দেহযুক্ত লোকৰ নাম অন্তর্ভুক্ত হোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অসমৰ খিলঞ্জীয়া ৰাইজৰ ৰক্ষাকৱচস্বৰূপ নাগৰিকপঞ্জীৰ প্রথমখন খচৰাত কিদৰে ইমান বৃহৎসংখ্যক সন্দেহযুক্ত লোকৰ নাম অন্তর্ভুক্ত হ’ল, তাক লৈও এতিয়া উত্থাপিত হৈছে বহুতো প্রশ্ন৷ নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই উচচতম ন্যায়ালয়ত দাখিল কৰা প্রতিবেদনখনত প্রথমখন খচৰাত ১.৫০ লাখ সন্দেহযুক্ত লোকৰ নাম অন্তর্ভুক্ত হোৱাৰ কথা স্বীকাৰ কৰি উক্ত লোকসকলৰ নাম কর্তন কৰাৰ বাবে ন্যায়ালয়ৰ পৰা অনুমতি বিচাৰিছিল৷
সেই অনুসৰি ন্যায়ালয়ে উক্ত লোকসকলৰ নাম কর্তন কৰাৰ বাবে অনুমতিও দিছে৷ হাজেলাৰ মতে, গাঁও পঞ্চায়তৰ নথি দাখিল কৰা ৰাজ্যৰ মহিলাসকলৰ বহুসংখ্যকেই ভুৱা নথি জমা দিছে৷ একেদৰে পৰিয়াল বৃক্ষ (ফেমিলি ট্রী) পুনৰ পৰীক্ষণতো ওলাইছে বৃহৎ খেলিমেলি৷ পৰিয়াল বৃক্ষ পুনৰীক্ষণত ৬৫,৬৯৪জন এনে ব্যক্তি ওলাইছে, যিসকলে দাখিল কৰা তথ্যৰ সৈতে তেওঁলোকৰ কোনো মিল নাই৷ একেদৰে পঞ্চায়তৰ নথি জমা দিয়া ৪৮,৪৫৬ গৰাকী মহিলাৰো পুনৰীক্ষণত খেলিমেলি পোৱা গৈছে৷ ইয়াৰ উপৰি প্রথমখন খচৰাত নাম অন্তর্ভুক্ত হোৱা ১৯,৭৮৩জন এনে লোক ওলাইছে যি প্রকৃততে এন আৰ চিত নাম অন্তর্ভুক্ত কৰাৰ বাবে যোগ্য নহয়৷
এনেধৰণৰ অযোগ্য লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে হাজেলাই৷ অৱশ্যে এইসকল লোক কি ধৰণৰ অযোগ্য, সেই কথা উল্লেখ কৰা নাই হাজেলাই৷ মন কৰিবলগীয়া কথা যে প্রথমখন খচৰাত এনেধৰণৰ সন্দেহযুক্ত লোকৰ নাম অন্তর্ুক্ত হোৱাৰ সন্দর্ভত হাজেলাই প্রকাশ কৰিছে যে নাগৰিকপঞ্জী উন্নীতকৰণৰ লগত জড়িত সকলো লোকেই হৈছে অনভিজ্ঞ৷ পূর্বতে এনেধৰণৰ কাম কৰাৰ কাৰো অভিজ্ঞতা নাছিল৷ সেয়েহে এনে ভুল ৰৈ গ’ল৷
আনহাতে, চিনাক্ত হোৱা উক্ত ১.৫০ লাখ সন্দেহযুক্ত লোকৰ নাম নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰাত অন্তর্ভুক্ত নহ’ব৷ উক্ত লোকসকলক ব্যক্তিগতভাৱে এই কথা অৱগত কৰোৱা হ’র, যাতে তেওঁলোকে পৰৱর্তী সময়ত নিজৰ নাম অন্তর্ভুক্তিৰ বাবে ওজৰ-আপত্তি দাখিল কৰিব পাৰে৷ নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰা প্রকাশৰ সাতদিনৰ পাছতেই নাগৰিকপঞ্জীত নাম অন্তর্ভুক্ত নোহোৱা লোকসকলক পত্রযোগে সকলো কথা অৱগত কৰা হ’ব বুলি জনাই হাজেলাই উল্লেখ কৰিছে যে উক্ত পত্রখনতে লিখা থাকিব তেওঁলোকৰ নাম কিয় অন্তর্ভুক্ত নহ’ল আৰু কোন স্থানত কিদৰে তেওঁলোকে নিজৰ ওজৰ- আপত্তি দাখিল কৰিব পাৰিব৷ উল্লেখযোগ্য যে হাজেলাই নিজৰ প্রতিবেদনখনত ২৬ জুলাইৰ ভিতৰত নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰাখন ডিজিটেল আকাৰত চূড়ান্ত হ’ব বুলি প্রকাশ কৰাৰ লগতে উল্লেখ কৰিছে যে সম্প্রতি নাগৰিকপঞ্জীৰ খচৰাখনৰ গুণগত মানৰ পৰীক্ষা কৰি থকা হৈছে৷
যোৱা ৪ জুনত আৰম্ভ কৰা গুণগত পৰীক্ষাৰ কাম ২০ জুলাইৰ ভিতৰত সম্পন্ন কৰা হ’ব৷ ইয়াৰ পাছতেই ২১ জুলাইৰ পৰা নাগৰিকপঞ্জীৰ খচৰাখন পি ডি এফ আকাৰত প্রস্তুত কৰাৰ কাম আৰম্ভ হ’ব৷ নাগৰিকপঞ্জীৰ পূর্ণাংগ পি ডি এফ খচৰাখন ২৬ জুলাইৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি আদালতক অৱগত কৰি সমন্বয়ক হাজেলাই লগতে প্রকাশ কৰিছে যে পি ডি এফ ছপাৰ কাম ২৩ জুলাইৰ পৰা আৰম্ভ কৰা হ’ব আৰু ২৯ জুলাইতহে শেষ হ’ব৷ নাগৰিকপঞ্জীৰ খচৰাখন হ’ব ২২ লাখ পৃষ্ঠাৰ আৰু ইয়াৰ তিনিটাকৈ প্রতিলিপিসহ মুঠ ৬৬ লাখ পৃষ্ঠা ছপা হ’ব৷ মন কৰিবলগীয়া কথা যে সোমবাৰে শুনানিৰ পাছত হাজেলাই প্রকাশ কৰিছে যে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম বহুখিনি আগবাঢ়িছে৷ ৩০ জুলাইৰ ভিতৰত পূর্ণাংগ খচৰা প্রকাশ পোৱাটো নিশ্চিত৷ অৱশ্যে যোৱা বছৰ ৩১ ডিচেম্বৰৰ মাজনিশা প্রথমখন খচৰা প্রকাশ পোৱাৰ দৰে নহয়, এইবাৰ দিনৰ ভাগতেই পূর্ণাংগ খচৰা প্রকাশ পাব বুলিও মত ব্যক্ত কৰিছিল হাজেলাই৷