Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:48 pm

Home » আঞ্চলিক » শিল্পী দম্পতীৰ অনাহুত মৃত্যুত ধিতাইপুখুৰীত শােকৰ বন্যাস

শিল্পী দম্পতীৰ অনাহুত মৃত্যুত ধিতাইপুখুৰীত শােকৰ বন্যাস

৪৮ ঘন্টাৰ পাছতাে সন্ধান নাই কুলাংগাৰ পুত্ৰ দেৱাশিসৰঃ থানাত গােচৰ ভগ্নীৰ

ধিতাইপুখুৰী ঃ এক নির্মম-কৰুণ বাস্তৱক স্বীকাৰ কৰি হাজাৰ হাজাৰ পৰিয়ালত প্রতিদিনেই অৱহেলা আৰু বঞ্চনাৰ বলি হৈ তিল তিলকৈ মৃত্যুক কামনা কৰি অহা দুৰ্ভগীয়া পৰিয়ালসমূহৰ দুর্দশাৰ প্ৰকৃত ছবিখন উদঙাই সচেতন মহললৈ ৷ ইয়াৰ প্ৰতিকাৰৰ উপাই বিচাৰি আত্মহননৰ দৰে কৰুণ পথ বাছি লােৱা অসমৰ বিশিষ্ট শিল্পী, প্রয়ােজক ৰজনী খাৰঘৰীয়া আৰু পত্নী ৰুবী খাৰঘৰীয়াৰ মর্মান্তিক ঘটনাই দ্বিতীয় দিনাও শিৱসাগৰৰ লগতে ওপজা গাঁও ধিতাই পুখুৰীৰ ভাজনি গাঁওবাসীক শােকাচ্ছন্ন কৰি তুলিছে। বুকুৰ মাজত উমলিজামলি ডাঙৰ-দীঘল কৰা একমাত্র পুত্র সন্তান দেৱাশিস খাৰঘৰীয়া ওৰফে বাবুৰ নির্মম যাতনা-অৱহেলা আৰু বােৱাৰী গীতাশ্ৰীৰ চুড়ান্ত অপমানৰ বাবে আত্মহননৰ দৰে কৰুণ পথ বাছি লােৱা ঘটনাই অসমজুৰি চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে সোমবাৰে খুৰাক-খুৰীয়েকৰ আকস্মিক মৃত্যু সহিব নােৱাৰি হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হৈ মৃত্যু হয় ভতিজা-বােৱাৰী ৰীতা খাৰঘৰীয়াৰ  একমাত্র পুত্র দেৱাশিস ওৰফে বাবুৰ অপমান-অৱহেলাৰ বাবেই এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বুলি সংবাদ মাধ্যমলৈ মৃত্যুৰ আগমুহূর্তত লিখি থৈ যােৱা এখন চিঠি এতিয়া ৰাজহুৱা হােৱাৰ পিছতেই শিৱসাগৰৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক খলকনি। তিনিগৰাকী জীয়াৰীৰ পাছত এটা পুত্র সন্তান লাভ কৰা ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াই জীৱনত অর্জন কৰা সমস্ত সম্পত্তি বিলীন কৰি দিলে একমাত্র পুত্ৰৰ সুখৰ বাবেই। অ’এনজিচিৰ লােভনীয় চাকৰি লাভ কৰাৰ পাছতাে অ’এনজিচিয়ে প্রদান কৰা বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা নিজৰ জন্মদাত্রী পিতৃ-মাতৃক বঞ্চিত কৰা ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ নিঠৰ দেহ কালি শিৱসাগৰ চহৰৰ মাজমজিয়াৰ আছুতীয়া পথৰ এটা অট্টালিকাৰ ভাৰাতীয়া কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছিল। এটা সম্রান্ত সাংস্কৃতিক পৰিয়ালৰ চাৰিটা সন্তানৰ কনিষ্ঠ ৰজনী খাৰঘৰীয়াই প্রাথমিক শিক্ষা লাভ কৰিছিল ৪৭০নং ভাজনি প্রাথমিক বিদ্যালয়ত। শৈশৱৰে পৰা অসমীয়া জাতীয় জীৱনৰ লগতে সংস্কৃতিৰ জগতখনলৈ কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহবুকুত পুহি ৰখা ৰজনী খাৰঘৰীয়াৰ অভিনয় প্রথম পাঠশালা আছিল ভাজনি গাঁৱৰ বৰনামঘৰৰ চোতালখন। প্রয়াত পূর্ণ খাৰঘৰীয়াৰ চতুর্থ সন্তান ৰজনীয়ে বৰনামঘৰৰ চোতালখনৰ পৰা কংসৰ ভাওৰে আৰম্ভ কৰিছিল অসমীয়া সাংস্কৃতিক জগতখনলৈ যাত্রা। ধিতাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থাকেঁতেই অস্তিত্বৰক্ষাৰ আন্দোলনত জঁপিয়াই পৰি বহুবাৰ চিআৰপিএফৰ আক্ৰমণৰ বলি হােৱা ৰজনীয়ে ধিতাই পুখুৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তিনিচুকীয়া কলেজত নামভর্তি কৰে। অধ্যয়ন, নাটক আৰু সমান্তৰালভারে স্বনিৰ্ভৰশীলতাৰ বাবে তিনিচুকীয়া মহাবিদ্যালয়ৰ কলেজ কেন্টিনখন লীজত লৈ আৰম্ভ কৰে অন্য এক যাত্রা। অধ্যয়ন, নাট্যচর্চা, ব্যৱসায়ৰ মাজতে তিনিচুকীয়াত হােটেল স্থাপন কৰি আৰম্ভ কৰে বােলছবি নির্মাণ। উপেক্ষিত অভিনেতা-অভিনেত্রীক কেমেৰাৰ সন্মুখত অভিনয় কৰাবৰ বাবেই নির্মাণ কৰিছিল পােনাকণ নামৰ বােলছবিখন। কেইজনমান বছবছা অভিনেতা-অভিনেত্রীক লগত লৈ সেই সময়ত সাঁকো, চিজ, চম্বলৰ অভিশাপ, হাতী, শকুনিৰ প্রতিশােধৰ দৰে পূৰ্ণাংগ নাট অসমৰ গাঁৱে-ভূঞে মঞ্চস্থ কৰাৰ লগতে নিজেও বলিষ্ঠ অভিনয় কৰিছিল। ড° ভূপেন হাজৰিকাৰ আশীর্বাদ শিৰত লৈ মাত্ৰ কেইটকামান মূলধনেৰে সম্রাট থিয়েটাৰৰ লগতে কলধুপাৰৰ দৰে জনপ্রিয় অসমীয়া খাদ্য সম্ভৰৰ হােটেল প্রতিষ্ঠা কৰা মুনলাইট মিডিয়া বঁটাপ্রাপক শিল্পী দম্পতীৰ ওপজা গাঁও ধিতাই পুখুৰীৰ ভাজনিত দেখা গৈছিল এক নিমাওমাও পৰিৱেশ। পিতৃ দূর্ণ খাৰঘৰীয়াৰ কাঠনিবাৰিত পুৱতি নিশা একেলগে শিল্পী দম্পতীৰ দুখনকৈ চিতা জুলি উঠাৰ পিছতেই পুৱাতেই উমি উমি জ্বলি থকা চিতা জুইৰ কাষত পুনৰ নিৰ্মাণ কৰা হৈছে আন এখন চিতা । ভাষাৰে বুজাব নােৱাৰা এক মর্মস্পর্শী পৰিৱেশৰ মাজত মুখৰ মাত হেৰাই যােৱা গাঁওবাসী ব্যস্ত সেই সময়ত চিতা নির্মাণত। ভাজনি গাঁৱৰ কংসৰ মৃত্যুত শােকস্তব্ধ গাঁওবাসীৰ মনৰ বুজ ল’বলৈ চেষ্টা চলাওঁতেই সমস্বৰে গাঁওবাসীয়ে চিঞৰি উঠিল এনে কুলাংগাৰ পুত্র-বােৱাৰীৰ মুখ আমি নাচাওঁ। যি কুলাংগাৰ পুত্র-বােৱাৰীৰ বাবেই ভাজনি গাঁৱত একেলগে তিনিখনকৈ চিতা জ্বলি উঠিছে তেনে পুত্র-বােৱাৰীক চিৰদিনৰ বাবে আমি এই গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিওঁ।সোমবাৰে নিশা আঠ বজাত মৰণােত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ কঢ়িয়াই অনা এম্বুলেঞ্চখনে ভাজনি গাঁৱৰ তিনিআলিত প্ৰৱেশ কৰাৰ পিছতেই চিনাকি ৰজনী ওৰফে কংসৰ মূতৃত স্তব্ধ হৈ থকা গাঁওবাসীৰ পদুলিয়ে পদুলিয়ে উঠিছিল কান্দোনৰ ৰােল। শিল্পী দম্পতীক চৰম বঞ্চনাৰে আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য কৰােৱা কুলাংগাৰ পুত্ৰই জন্মদাত্রী পিতৃ-মাতৃৰ চিতাখনত মুখাগ্নি কৰিবৰ বাবেও উপস্থিত নােহােৱাৰ বাবে নাতিয়েক ত্রিদীপ খাৰঘৰীয়াই ককাক-আইতাকৰ মুখাগ্নি কৰিছিল। কিন্তু পুৱা ৰজনী খাৰঘৰীয়াৰ ভতিজা-বােৱাৰীয়েক অর্থাৎ মৃত ৰীতা খাৰঘৰীয়াৰ পুত্ৰই পুনৰ চিতাত মুখাগ্নি কৰাৰ ঘটনাই অধিক শােকাচ্ছন্ন কৰি তুলিছে অঞ্চলবাসীক। কুলাংগাৰ পুত্ৰৰ বাবেই আপােন মাতৃ-পিতৃয়ে অকাল মৃত্যুক সাবটি লােৱা ঘটনাই সর্বস্ততে জোকাৰণি তােলাৰ সময়তে এইবাৰ দম্পতীৰ তিনি জীয়াৰীয়ে কুলাংগাৰ ভাতৃ দেবাশিস খাৰঘৰীয়া ওৰফে বাবুৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিতেই ৬২৪/১৮ নম্বৰৰ এটা গােচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড্রবধি ৪২০/৩০৬ৰ অধীনত ব্যাপক অভিযান চলাইছে যদিও এই মুহুৰ্তলৈকে সঘনাই স্থান সলনি কৰি থকা কুলাংগাৰ দেৱাশিস জালত পৰা নাই বুলি আৰক্ষীয়ে জনাইছে। নাট্যচর্চা কৰি থাকোতেই সেইসময়ৰ ভাজনি গাঁৱৰ জীয়ৰী ৰুবী খাৰঘৰীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হােৱা ৰজনী খাৰঘৰীয়াৰ কংসৰ ভাৱত কৰা অভিনয়ক আজিও স্মৰণ কৰা শৈশৱৰ বন্ধু ৰাতুল দত্ত, সুৰেন্দ্ৰ নাথ দত্তই অকপটে এই মৃত্যু অসহনীয়বুলি অভিহিত কৰাৰ লগতে গাঁওবাসীৰ সৈতে কুলাংগাৰ পুত্ৰৰ সম্পর্ক ছিন্ন কৰা আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী তােলে। আজিৰ যমদূত নামৰ পূৰ্ণাংগ নাটখনত নিজেই যমদূতৰ ভাওত অভিনয় কৰি সেই সময়ত বিপুল জনপ্রিয়তা অর্জন কৰা ৰজনী খাৰঘৰীয়াই আজিৰ পৰা কেইদিনমান পূর্বে সপত্নীক উপস্থিত হৈছিল ওপজা গাঁৱত, গাঁৱৰ ৰংগমঞ্চত এমহীয়া নাট্যচর্চাৰ অভিনয়ৰ অনুশীলন আৰু নতুন প্রজন্মৰ সংস্কৃতিৰ প্রতি কিদৰে ধড়িতি বৃদ্ধি কৰিব পাৰি তেনে বহু পৰিকল্পনা বুকুত পুহি ৰখা ৰজনী খাৰঘৰীয়াৰ সপােন সপােন হৈয়ে ৰ’ল। ভাজনি গাঁৱৰ প্ৰতিটো চুবুৰিতেই সেই কৰুণ চাপ ফুটি উঠাৰ সময়তে নাটকীয় ভংগিমাত ভাওৰীয়াৰ সাজত বােলছবিৰ ক্লাইমেক্সৰ দৰেই মঞ্চৰ আঁৰ-কাপােৰ পেলাই অজান্তি মুলুকলৈ আঁতৰি যােৱাৰ বতৰাত কেৱল ভাজনি গাঁৱেই নহয় শিৱসাগৰৰ আছুতীয়া পথৰ লগতে সুদূৰবকতা-নেমুগুৰিতাে উঠিছিল বিষাদৰ লহৰ। বৃদ্ধঅৱস্থাত বুকুৰ কুটুমৰ বাবেই সব ত্যাগ কৰি অৱশেষত বঞ্চনা-অৱহেলা-অনাহাৰ-অনিদ্ৰাৰ এক নির্মম বাস্তৱৰ সাক্ষী হৈ অসমবাসীক এনে দুর্যোগৰ পৰা বাস্তৱিকতে সকাহ দিয়াৰ বাবে কেইবাখনাে পত্ৰৰে এক কৰুণ ঘটনাক জীৱন্ত ৰূপত তুলি ধৰি নিজেই হেৰাই যােৱা শিল্পী দম্পতীৰ মৃত্যুৰ আঁৰৰ কলিকালৰ পৰশুৰামে প্রকৃত শাস্তি লাভ কৰিলেহে ৰজনী আৰু ৰুবীৰ আত্মাই শান্তি পাব বুলি ধিতাই পুখুৰীৰ ভাজনি গাঁৱৰ সকলােৱে একমুখে কলে দূর্ণ গগৈৰ কাঠনিবাৰিত জ্বলি থকা তিনিখনকৈ চিতাৰ কাষত থিয় হৈ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি