Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:12 am

Home » আঞ্চলিক » নলবাৰীৰ ডিটিঅ’ৰ কোঠাত তলা উপায়ুক্তৰ

নলবাৰীৰ ডিটিঅ’ৰ কোঠাত তলা উপায়ুক্তৰ


নলবাৰী : নলবাৰীৰ ধৰ্মপুৰৰ পৰা প্রতিনিধিত্ব কৰা তথা ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীৰ গৃহ জিলাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কোঠাত নলবাৰীৰ উপায়ুক্তই তলা লগাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্রাপ্ত বাতৰি মতে, শনিবাৰে পুৱা কেইজমান দর্শনার্থী বিশেষ কামত কার্যালয়টোলৈ আহে। অপেক্ষাৰ অন্তত দিনৰ ১২ বজা পর্যন্ত জিলা পৰিবহণ বিষয়া দিলীপ কুমাৰ দাস নহাত দর্শনার্থী এজনে ভিডিঅ’ ৰেকর্ডিং কৰি জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ ৱাটছএপত প্ৰেৰণ কৰে। লগে লগে জিলা উপায়ুক্তই নিজে কার্যালয়টোত উপস্থিত হৈ অকর্তৃত্বশীলভাৱে উপস্থিত নথকা জিলা পৰিবহণ বিষয়াৰ কোঠাটোত তলা লগাই দিয়ে। 
উপায়ুক্তগৰাকীয়ে কার্যালয়টোত চলি থকা দুর্নীতিৰ বিৰুদ্ধে জড়িত কৰ্মচাৰীৰ নাম নােলােৱাকৈ ধমকি দিয়ে। উল্লেখ্য যে লাইচেঞ্চ প্রদানত জড়িত এগৰাকী কেজুৱেল কৰ্মচাৰীৰ আঙুলিৰ নিৰ্দেশত চলি আহিছে কার্যালয়টোৰ কাম-কাজ। এই কার্যালয়টোৰ একাংশ কর্মচাৰী নিজেই দালালৰ দৰে মুকলি বেহা চলাই আহিছে। অভিযােগ মতে, টকা অবিহনে একোৱে চিনি নাপায় কেইখনমান টেবুলৰ কৰ্মচাৰীয়ে। যাৰ ফলত ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ আনহাতে, একাংশ দালালৰূপী ৰাজনৈতিক নেতাই কার্যালয়টোৰ একাংশ কর্মচাৰীৰ পৰা মাহেকত ধন লৈ থকাৰাে অভিযােগ আছে। এই বিষয়টোত পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী অন্ধকাৰত যদিও পাটোৱাৰীৰ দ্বাৰা বদলি আদি কৰাৰ ভাবুকি দিয়ে। উল্লেখ্য যে পাটোৱাৰীৰ গৃহ জিলা নলবাৰীত এনেদৰে যমৰ যাতনা ৰাইজে ভােগাৰ পিছতো মন্ত্রীগৰাকী কিয় নীৰৱ, সেয়া ৰহস্যজনক। 
স্বয়ং উপায়ুক্তই পদক্ষেপ গ্রহণ কৰাৰ পাছত পৰিবহণ মন্ত্রীগৰাকীয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব। আনহাতে, নলবাৰীৰ পৰিবহণ বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত এক বিশেষ কামত গুৱাহাটীৰ বিভাগীয় কার্যালয়লৈ যােৱা বাবে কার্যালয়লৈ অহাত পলম হােৱা বুলি প্ৰকাশ কৰিছে। যিয়েই নহওক, স্বয়ং বিষয়াৰ কোঠাত উপায়ুক্তই তলা লগাই দিয়াৰ পাছত কার্যালয়টোত যে অৰাজকতা চলিছে সেয়া স্পষ্ট হৈ পৰিছে। স্থানীয় ৰাইজৰ দাবী পৰিবহণ মন্ত্রীয়ে একাংশ কর্মচাৰীয়ে বছৰৰ পিছত বছৰ ধৰি একেখন টেবুলত বহি থকা বিষয়টোৰ নিজইে নিৰপেক্ষ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি