লামডি়ঙত বনমহোৎসৱ পালন
লামডিঙ : শনিবাৰ দিনটো সমগ্ৰ ৰাজ্যত বনমহোৎসৱ পালন কৰা হয়৷ তদুপলক্ষ্যে লামডিঙ বনবিভাগৰ উদ্যোগত ৬৯তম বনমহোৎসৱ পালন কৰে বনবিভাগ আৰু স্থানীয় বাসীন্দাসকলে৷প্ৰকৃতি সেউজ কৰাৰ উদ্দেশ্যে বনবিভাগে হাতত লয় এই কাৰ্যসূচী৷ লামডিঙত বিভিন্ন বিদ্যালয়ে বিদ্যালয়ে বনবিভাগৰ লোক উপস্থিত হৈ গছপুলি ৰোপন কৰাৰ লগতে বিনামূলীয়াকৈ বহুতো গছপুলিও বিতৰণ কৰে৷ অহা তিনি জুলাইত লামডিং বন বিভাগৰ উদ্যোগত সজাগতা বৃদ্ধিৰ উদ্দেশ্যত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰতিদিনে প্ৰায় এক হাজাৰ গছপুলি ৰোপণ কৰা হব বুলি লামডিং বন বিভাগে জানিবলৈ দিয়ে।এই কাৰ্যসূচীয়ে স্থানীয় লোকৰ মাজত প্ৰকৃতিক নকৈ সজাই তোলাৰ এটি নতুন জাগৰণৰ সৃস্টি কৰিছে৷তেখেত সকলৰ এই প্ৰয়াস অব্যাহত থাকিলে অসম সেউজীয়া হৈ উঠিব৷