Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:37 am

Home » ক্ৰীড়া » ৰাছিয়াত ফুটবল বিশ্বকাপ : নির্ণয় হ’ব মেছি-ৰ’নাল্ডোৰ ভৱিষ্যৎ

ৰাছিয়াত ফুটবল বিশ্বকাপ : নির্ণয় হ’ব মেছি-ৰ’নাল্ডোৰ ভৱিষ্যৎ

ৱেব সংবাদ : শনিবাৰে নিশা কাৰ ভাগ্যত কি লিখা আছে কোনােৱেই নাজানে। ৰাছিয়া বিশ্বকাপে আজি লিখি দিব দুই মহানায়কৰ ভাগ্যলিপি। ফ্ৰান্সৰ হাতত লিখা আছে মেছিৰ কুণ্ডলী। উৰুগুৱেৰ হাতত আছে ৰনাল্ডােৰ ভৱিষ্যৎ। ইউৰােপ বনাম দক্ষিণ আমেৰিকা৷ হৃদয় বনাম মস্তিষ্ক। ছেইণ্ট পিটাৰ্ছাৰ্গৰ দৰেই মেছিময় বর্ণিল নিশাত পৰিণত হ’ব নেকি বুয়েনছ আয়াছ! লিছবনত পুৱাৰ সূৰ্যৰ উদয় হ’বনে? ঘােৰ অনিশ্চয়তা। ফুটবল ঈশ্বৰে কাৰ ভাগ্যত কি লিখি থৈছে আগতীয়াকৈ জনাৰ কোনাে উপায় নাই। ইচ্ছা কৰিলে ঈশ্বৰৰ ৰায় হাতেৰে মােহাৰি নিজেই লিখি ল’ব পাৰে দুয়ােজনৰ ভাগ্য। সেই ক্ষমতা দুয়ােজনৰে আছে। ঈশ্বৰে সেই ক্ষমতাৰে অধিকাৰী কৰিছে দুয়ােজনকে। ঈশ্বৰ আজি কাৰ পক্ষত! দ্বিধাহীনভাৱে কৈ দিব পাৰি— দুয়ােৰে পক্ষত।
জার্মানীয়ে বিদায় লৈছে। একে নিশাতে মেছি’নাল্ডােৰাে যদি পতন হয়, তেন্তে কি হ’ব ৰাছিয়া বিশ্বকাপ। কাক চাবলৈ উজাগৰে কটাব নিশা। ফুটবলৰ ঈশ্বৰৰ সাক্ষাৎ আমি কোনেও পােৱা নাই। পাইছাে মেছি’নাল্ডােৰূপী ঈশ্বৰক। সন্ধিয়াতে মেছি। ঘৰে ঘৰে ধূপ-ধূনাৰ সুবাস। ঈশ্বৰৰ হেনাে এই সময়তে আগমন ঘটে। মেছিয়েই আজি সন্ধিয়াৰ ঈশ্বৰৰ দূত। সন্মুখত ফ্রান্স। জিদান-প্লাটিনিৰ দেশ। সৌন্দর্য, সুৰা, সুন্দী, সুগন্ধীৰ দৰেই সেই দেশৰ ফুটবল।
বিশ্বকাপ জয়ৰ ইতিহাসেৰে সমৃদ্ধ ফ্রান্সে ফুটবল বিশ্বক সন্মােহিত কৰি ৰাখিছিল। প্লাটিনিৰ পিচত জিদান, কিন্তু জিদানৰ পিচত বিশাল শূন্য। নামে-দামে ফ্ৰান্সৰ দলটি চমকপ্রদ। যিখন দেশে কৰিম বেনজেমাৰ দৰে খেলুৱৈক গুৰুত্ব নিদি আভিজাত্য দেখুৱাব পাৰে, তেনে দলৰ শক্তি সহজে অনুমেয়। গ্রীজমেন, জিৰ’ড, ডেম্বেলে, পল পগবা, উমটিটি, বার্নাড মেণ্ডি, এমবাপে ইউৰােপৰ বিখ্যাত ক্লাবসমূহৰ মূল্যৱান সম্পদ।
কথাতে কয়— পাকঘৰত ৰান্ধনিৰ আধিক্য হলে ব্যঞ্জনৰ সােৱাদ নষ্ট হয়। ফ্রান্সতাে একেই অৱস্থা। শিল্পীও আছে, কর্মীও আছে। নাই কেৱল এজন দলনায়ক। প্রত্যেকেই নেতা। শক্তিশালী হৈয়াে তিনিখন মেচত প্ৰভাৱহীন ফ্রান্স। প্রাথমিক ৰাউণ্ডত ভুল শুধৰণিৰ সুযােগ আছিল। এইবাৰ ভুল মানেই বিদায়। দলটো তাৰকাৰে সমৃদ্ধ হলেও মেছি নাই। আর্জেন্টিনাৰ বাবে এয়াই ইতিবাচক। আর্জেন্টিনাত এক নায়ক। আনকি প্রশিক্ষক ছাম্পাউলিও ক্ষমতাহীন দ্রোণাচার্য। মেছিৰ মতেই চলিব দল। ফ্রান্সৰ বাবে দুর্ভাগ্য যে আর্জেন্টিনাৰ মুখামুখি হােৱাৰ আগমুহূর্তত মেছিৰ ভৰিত ৬৬২ মিনিট পিচত গলৈ আহিছে। মেছি সাৰ পােৱা মানেই বিপদ। দুপাখি মেলি উৰিব ধৰা পখীক পুনৰ মাটিলৈ নমাই অনা কঠিন কাম। পখীয়ে লক্ষ্যতহে ল’ব বিশ্রাম। আর্জেন্টিনাৰ পখী উৰিছে আকাশলৈ। লক্ষ্য ১৫ জুলাইৰ লুঝনিকি ষ্টেডিয়াম।
মেছিৰ ভাগ্য নির্ধাৰণ হােৱাৰ কিছু ক্ষণৰ ভিতৰতে মধ্যনিশা আকৌ ৰ’নাল্ডাে। পর্তুগীজ নায়কৰ সন্মুখত মেছিৰ অভিন্ন বন্ধু লুইছ দুৱাৰেজ। আৰু এটা সংশয় আৰু অনিশ্চয়তাৰ নিশা। আকৌ বার্চিলােনা বনাম ৰিয়েল মাদ্রিদ। লা-লীগাৰ এল ক্লাছিকোত পাৰ হৈছে বহু শিহৰিত নিশা। ছুৱাৰেজৰ ধ্বংস অভিযান। ছুৱাৰেজৰ সংগী কাভানি। ৰাছিয়া বিশ্বকাপৰ প্রথম দুখন মেচৰ কথা নকওঁ।
তৃতীয় মেচত আয়ােজক ৰাছিয়াক ৩-০ গলেৰে একেবাৰে মাটিত শুৱাই দিছিল উৰুগুৱেই। সেই চমক অব্যাহত থাকিলে পর্তুগাল বিদায় নিশ্চিত। পর্তুগাল মানে একমাত্র ৰ’নাল্ডাে। পর্তুগালৰ দুর্বলতাসমূহ ইৰানে একেবাৰে উদঙাই দিছে। সেইদিনা ভাগ্যই সহায় কৰিছিল পর্তুগাল আৰু ৰনাল্ডােক। অন্যথা পর্তুগাল থাকিলেও ৰ’নাল্ডাে হয়তাে বহিষ্কৃত হৈ গেলেৰীত। পর্তুগালৰ দুর্ভাগ্য যে দলত ৰ’নাল্ডােৰ ৫০ শতাংশ সমকক্ষ এজনৰাে অভাৱ। দলৰ সমস্ত বােজা ৰ’নাল্ডােৰ ওপৰত। এইটোও ঠিক যে এটা দলক ধ্বংস কৰিবলৈ এজন ৰ’নাল্ডােৱেই একাধিক। উগুৱেৰ ৰক্ষণে কিন্তু সেই সুবিধা নিদিয়ে। ৰনাল্ডােক মুক্ত বিচৰণৰ সুযােগ দিয়া মানে নিজলৈ বিপদ মাতি অনা। উৰুগুৱেই জানে যে ৰনাল্ডাে বন্দী মানে পর্তুগালাে বন্দী। ছুৱাৰেজৰ উৰুগুৱেই জানাে পাৰিব মুক্ত বিহংগ এটাক সজাত বন্দী কৰি ৰাখিবলৈ?
বিশ্ব ফুটবলৰ অতিমানৱ ৰ’নাল্ডােৰ বাবে এয়াই হয়তাে অন্তিম বিশ্বকাপ। কাটাৰলৈ আৰু চাৰিটা বছৰ। তেতিয়ালৈ ৰ’নাল্ডাে হ’ব ৩৮ বছৰীয়া। এই বয়সত বিশ্বকাপ অলীক স্বপ্ন। ৰ’নাল্ডােৰ সন্মুখত এয়াই অন্তিম সুযােগ। হয় ইপাৰ নহয় সিপাৰ।
একেটা নিশাতে দুই মহানায়কৰ ভাগ্যৰ পৰীক্ষা। প্রি-কোৱাৰ্টাৰৰ প্ৰথম দিনাই ৰাছিয়া বিশ্বকাপে হেৰুৱাব নেকি কৌলিন্য! ৰ’নাল্ডাে, স্পেইনৰ বিৰুদ্ধে এই ফ্রী কিকটো আৰু এবাৰ হেঁপাহ পলুৱাই। উপভােগ কৰাৰ ইচ্ছা জাগিছে। আৰু মেছি, মাত্র এটা গলতেই সামৰিব নেকি ৰাছিয়া বিশ্বকাপ?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি