Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:28 pm

Home » আঞ্চলিক » ৩০ জুলাইৰ ভিতৰত বিজেপি বিধায়কে দিব লাগিব কামৰ খতিয়ান

৩০ জুলাইৰ ভিতৰত বিজেপি বিধায়কে দিব লাগিব কামৰ খতিয়ান

দুবছৰীয়া খতিয়ান দাখিল মন্ত্রী ভট্টাচার্য, বিধায়ক সুৰেনৰ

গুৱাহাটী : ৰাজ্যৰ বিজেপি চৰকাৰৰ বিধায়কসকলে বিগত দুবছৰত সমষ্টি উন্নয়নৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিলে, সেই সন্দৰ্ভত অহা ৩০ জুলাইৰ ভিতৰত প্রতিবেদন দাখিলৰ নির্দেশ দিছে। সভাপতি ৰঞ্জিত দাসে। বিশেষকৈ বিধায়ক পুঁজি ব্যৱহাৰ, আনটাইড ফাণ্ড আৰু কেন্দ্রীয়-ৰাজ্য চৰকাৰৰ আবণ্টিত আঁচনিৰ কাম বিধায়কসকলে কিদৰে আগুৱাই নিছে, সেই সন্দৰ্ভত বিস্তৃত প্রতিবেদন ৰাজহুৱাভাৱে দাখিল কৰিব লাগিব।
হেৰােবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়ােজিত এখন সংবাদ মেলত সভাপতি ৰঞ্জিত দাসে এই কথা ঘােষণা কৰাৰ লগতে স্পষ্ট কৰে যে চৰকাৰৰ পাঁচবছৰীয় কার্যকালৰ সময়ছােৱাত প্ৰতিগৰাকী বিধায়কে সময়ে সময়ে তেওঁলােকৰ কামৰ খতিয়ান ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগিব।
উল্লেখ্য যে সংবাদ মেলতে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই তেওঁৰ দুবছৰীয়া কামৰ খতিয়ান ৰাজহুৱাভাৱে প্ৰকাশ কৰে। সভাপতি ৰঞ্জিত দাসে উন্মােচন কৰা খতিয়ানৰ পুস্তিকাখনৰ জৰিয়তে মন্ত্রীগৰাকীয়ে বিগত সময়ছােৱাত নিজা সমষ্টিৰ বিধায়ক পুঁজি ব্যৱহাৰ, পথ নির্মাণ আৰু অন্যান্য আঁচনিসমূহ ৰূপায়ণৰ সবিশেষ বর্ণনা কৰিছে।
মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি, চলিত বৰ্ষত আনটাইড ফাণ্ডৰ পৰা লাভ কৰা ৬০ লাখ টকা ইতিমধ্যে বিভিন্ন উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ লগতে গুৱাহাটী উন্নয়ন বিভাগৰ পুঁজি ব্যৱহাৰৰাে সবিশেষ তথ্য পুস্তিকাখনৰ জৰিয়তে দাঙি ধৰিছে। সিদ্ধার্থ ভট্টাচার্যৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক সুৰেন ফুকনেও তেওঁৰ দুবছৰীয়া কামৰ খতিয়ান প্রতিবেদন আকাৰত। ৰাজ্যিক বিজেপিৰ হাতত দাখিল কৰে সভাপতি ৰঞ্জিত দাসে দুয়ােগৰাকী বিধায়কে নির্ধাৰিত সময়তকৈ যথেষ্ট আগতীয়াকৈ খতিয়ান প্রতিবেদন দাখিল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
মন কৰিবলগীয়া যে কেন্দ্রীয় নেতৃত্বই শেহতীয়াকৈ প্ৰতিগৰাকী বিধায়কক তেওঁলােকৰ কামৰ খতিয়ান ৰাজ্যিক বিজেপিক দাখিলৰ পৰামর্শ দিছিল। সেই অনুসৰি ৰাজ্যিক বিজেপিয়ে বিধায়কসকলক বিগত দুটা বছৰত সমষ্টিত কি কি কাম কৰিলে, তাৰ সবিশেষ ৰাজহুৱা | কৰাৰ নির্দেশ দিছিল।
স্মর্তব্য যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে এবছৰ সম্পূৰ্ণ কৰাৰ সময়তাে বিধায়কসকলক এবছৰীয়া খতিয়ান দাঙি ধৰাৰ নির্দেশ দিয়া হৈছিল। অৱশ্যে বিগত বৰ্ষত সমষ্টি উন্নয়ন পুঁজি সময়মতে লাভ নকৰাৰ অজুহাত দেখুৱাই বহু বিধায়কে নির্দিষ্ট সময়ত প্রতিবেদন দাখিলৰ পৰা আঁতৰি আছিল। এইবাৰ সমষ্টি উন্নয়ন পুঁজি সময়মতে মুকলি কৰি দিয়া হেতু দলৰ তৰফৰ পৰাও প্রতিবেদন দাখিলৰ হেঁচা দিয়া হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি