Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:02 pm

Home » আঞ্চলিক » খাদ্যত বিষক্ৰিয়াঃ গোসাঁইগাঁৱত ফুচকা খাই শিশুসহ অৰ্ধশতাধিক চিকিৎসাধীন

খাদ্যত বিষক্ৰিয়াঃ গোসাঁইগাঁৱত ফুচকা খাই শিশুসহ অৰ্ধশতাধিক চিকিৎসাধীন


গোসাঁইগাঁও : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাত খাদ্যত বিষক্ৰিয়া হৈ অৰ্ধশতাধিক লোক চিকিৎসাধীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, গোসাঁইগাঁও মুল বজাৰত প্ৰতিদিনে ঠেলাগাড়ীত কৈ ফুচকা বিক্ৰি কৰা পৰিলক্ষিত হয়৷ এনেকৈ ফুচকা বিক্ৰেতাৰ পৰা খোৱা খাদ্যত বিষক্ৰিয়া হৈ মহকুমাখনৰ বহু লোকে পেটৰ বিষ, বমি, জ্বৰ, শৌচ আদি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সন্মূখীন হবলগাত পৰে৷
ইপিনে গোসাঁইগাঁও আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন ভূক্তভোগী সকলৰ পৰা জানিব পৰা মতে, বুধবাৰে বিয়লিৰ ভাগত বজাৰৰ মাজমজিয়াত অৱস্থিত শিশু কল্যান শিক্ষা মন্দিৰ বিদ্যালয়ৰ কাষতে দৈনিক দি অহা ফুচকাৰ দোকান এখনত যিসকল লোকে ফুচকা খাইছিল বা পৰিয়ালৰ সদস্য সকলে ফুচকা গ্ৰহণ কৰিছিল, তেওঁলোকৰ অধিকাংশৰে শৌচ-বমি হৈ সম্প্ৰতি চিকিৎসাধীন হৈছে৷
সম্প্ৰতি গোসাঁইগাঁও হাব্ৰুবিলস্থিত আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকল হৈছে— বলৰাম দাস (৫২), পল্টন নাৰ্জাৰী (৩০), বিৰখাং নাৰ্জাৰী (১৮), খাম্পা ব্ৰহ্ম (১৭), নেৰচ্ন বসুমতাৰী (১৭), বিশ্বজিৎ পাল (২৭), ত্ৰিপ্তি পাল (৫০), প্ৰদীপ পাল (৬০), চিমা পাল (২৬), প্ৰিয়া সৰকাৰ (১৭), মায়া পাল (১৭), জ্যোতি সুত্ৰধৰ (১৬), ডানশ্ৰাং নাৰ্জাৰী (২৭), নিতিশ দেৱনাথ (৩০), চন্দন বাসফৰ (৩৭), আশা বাশফৰ (১৫), নিশান বাশফৰ (৫), মুকলেছুৰ ৰহমান (১৮), ৰংজালী ওৱাৰী (২৪), জশোদা ওৱাৰী (২১), চুজিলা ওৱাৰী (৫০), খন্ঠাইগিৰী নাৰ্জাৰী (১৮), ৰশ্মী মুখীয়া (১২), ৰাজা মুখীয়া (৩২)৷
ইপিনে খাদ্য বিষক্ৰিয়াত আক্ৰান্ত কিছুলোকে চিকিৎসা প্ৰদানৰ অন্তত গৃহলৈ উভতি যাব দিয়া হয় যদিও গুৰুতৰ ৰোগীসকলক কোকৰাঝাৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ সম্প্ৰতি চিকিৎসাধীন লোকসকলৰ স্বাস্থ্য পুৰ্বতকৈ কিছু উন্নত হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷
আনহাতে ফুচকাত বিষক্ৰিয়া হোৱা ঘটনাটো গোসাঁইগাঁও মহকুমা যোগান আৰু খাদ্য সুৰক্ষা বিভাগৰ চৰম অবহেলাৰ বাবেই সংঘটিত হোৱাৰ অভিযোগ কৰে ভূক্তভোগী ৰাইজে৷ এনে কাণ্ডক আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে। প্ৰেছ বিজ্ঞপিৰ দ্বাৰা তেওঁলোকে বজাৰৰ ফুচকা, পাস্তা, মম, ৰাসায়নিক পদাৰ্থ মিশ্ৰিত ফল-মূল যেনে কল, আম, পশ্চিমবংগৰ পৰা আমদানিকৃত মাছ, পুৰণি শাক-পাচলি নাখাবলৈ আহ্বান জনায়।
বিভাগীয় দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকলৰ গা এৰা মনোভাৱৰ বাবে বজাৰত মুকলি ভাৱে খাদ্য সামগ্ৰী বিক্ৰি কৰি আহিছে যদিও পৰিস্কাৰ পৰিচ্চনতা প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হয়৷ তেনেক্ষেত্ৰত ফুচকাৰ এই দোকান বোৰত বিশেষ গুৰুত্ব প্ৰদান কৰি পৰিস্কাৰ খাদ্যৰ লগতে বিশুদ্ধ পানীৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক যদিও কাৰ্য্যক্ষেত্ৰত সম্পূৰ্ন বিপৰীত ছবিহে পৰিলক্ষিত হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি