Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:39 am

Home » আঞ্চলিক » নলবাৰীৰ জাপি শিল্পৰ উত্তৰণৰ বাবে বিস্তৃত প্ৰস্তাৱ দাখিল কৰাৰ বাবে নলবাৰীৰ বিধায়কক মুখ্যমন্ত্ৰীৰ নির্দেশ

নলবাৰীৰ জাপি শিল্পৰ উত্তৰণৰ বাবে বিস্তৃত প্ৰস্তাৱ দাখিল কৰাৰ বাবে নলবাৰীৰ বিধায়কক মুখ্যমন্ত্ৰীৰ নির্দেশ


মুখ্যমন্ত্ৰীক সাক্ষাৎ নলবাৰীৰ বিশিষ্ট ব্যক্তিৰ প্রতিনিধি দলৰ

গুৱাহাটী : নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশােক শৰ্মাৰ নেতৃত্বত অহা নলবাৰীৰ বিশিষ্ট ব্যক্তিৰ এক প্রতিনিধি দলে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি নলবাৰী চহৰৰ লগতে জিলাখনৰ সামগ্রিক উন্নয়ন সম্পর্কত এক আলােচনাত মিলিত হয়।
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিকৰ প্রতিনিধিৰে সমৃদ্ধ এই প্রতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ বিভিন্ন দিশ সম্পর্কে আলােচনা কৰাৰ উপৰি নলবাৰী চহৰ তথা জিলাখনৰ উন্নয়ন সম্পর্কত বিস্তৃতভাৱে আলােচনা কৰে। আলােচনা কালত প্রতিনিধি দলটোৱে ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা অবিৰত কঠোৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আর্থ-সামাজিক উত্তৰণৰ দিশত গ্রহণ কৰা দীর্ঘম্যাদী ব্যৱস্থা সমূহৰে শলাগ লয়। আলােচনা কালত প্রতিনিধি দলটোৱে নলবাৰী চহৰৰ কৃত্রিম বানৰ বিষয়টো সমাধানৰ বাবে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীক আহ্বান জনােৱাৰ উপৰি নলবাৰী জিলাৰ বিভিন্ন বাট-পথৰ উন্নয়নৰ দিশত ক্ষীপ্র পদক্ষেপ লােৱাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়। নলবাৰী নাট্য মন্দিৰৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰা পুঁজিৰ উপৰি আৰু কিছু পুঁজি আৱন্টন কৰাৰ বাবে আহ্বান জনায়।
প্রতিনিধি দলটোৱে নলবাৰী চহৰত এটা উন্নত কনফাৰেন্স হল নির্মাণৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে এই সম্পর্কত যাৱতীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলি প্রতিনিধি দলটোক আশ্বাস প্রদান কৰে। প্রতিনিধি দলটোৱে নলবাৰীৰ ঐতিহ্যমণ্ডিত জাপি শিল্পৰ উত্তৰণৰ দিশত যাৱতীয় পদক্ষেপ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনােৱাৰ উপৰি নলবাৰী জিলাৰ ঢুলীয়া কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ আৰু সংৱৰ্দ্ধনৰ দিশত পদক্ষেপ গ্রহণৰ বাবেও আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত জাপি শিল্পৰ বার্ষিক উপার্জন আৰু জিলাখনৰ কিমান সংখ্যক জনসাধাৰণ এই শিল্পৰ লগত জড়িত ইত্যাদি দিশসমূহ সামৰি এক বিস্তত্ব প্রতিবেদন নলবাৰীৰ বিধায়ক অশােক শৰ্মাক প্রস্তুত কৰি ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰাৰ বাবেও নির্দেশ দিয়ে যাতে এই শিল্পৰ অধিক সংৱৰ্দ্ধন আৰু বাণিজ্যিকীকৰণেৰে ইয়াৰ লগত জড়িত শিল্পীসকলৰ উপার্জন বৃদ্ধি কৰিব পৰা যায়।
অত্যন্ত সৌহার্দপূর্ণ পৰিৱেশত অনুষ্ঠিত আজিৰ এই আলােচনাত নলবাৰীৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বিদ্যায়তনিক দিশৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ৰাজ্যখনৰ আর্থ-সামাজিক, সাংস্কৃতিক উত্তৰণৰ দিশত লােৱা পদক্ষেপ আৰু দুর্নীতি বিৰােধী অভিযান অধিক তীব্ৰতৰ কৰাৰ বাবে লােৱা দৃঢ় পদক্ষেপক শলাগ লয়।
আলােচনা কালত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা আৰু আর্থ-সামাজিক উত্তৰণৰ দিশত লােৱা বিভিন্ন বিষয়ৰ ওপৰত আলােকপাত কৰে। মুখ্যমন্ত্ৰীয়ে প্রতিনিধি দলটোক কয় যে নলবাৰী অঞ্চলটো হ’ল বৌদ্ধিক দিশত যথেষ্ট আগবঢ়া। সেয়েহে, নলবাৰীৰ এই বৌদ্ধিক সমাজে ৰাজ্য চৰকাৰে হাতত লােৱা বিভিন্ন কর্মসূচীৰ ওপৰত চোকা দৃষ্টি ৰাখি গঠনমূলক পৰামৰ্শ সময়ে-সময়ে আগবঢ়াব লাগিব বুলিও কয়। মুখ্যমন্ত্ৰীয়ে অসমৰ নৱ প্রজন্মৰ উত্তৰণৰ দিশত নলবাৰীৰ বৌদ্ধিক সমাজে এক সুস্থ বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যােগাব লাগিব বুলিও কয়।
এই প্রতিনিধি দলটোত নলবাৰী ৰত্নৰে সন্মানিত ড° বসন্ত ভট্টাচার্য, নলবাৰী এম এন চি কলেজৰ অধ্যক্ষ ড° কে গৌড়, নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক গােস্বামী, বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণী ডেকা, অধ্যক্ষ ড° যােগেন কলিতা, বিশিষ্ট চিকিৎসক ডাঃ বি চি তালুকদাৰ, ডাঃ বি দত্ত, বিশিষ্ট সাংবাদিক জিতেন শর্মা, ৰমনী বর্মন, অসম সাহিত্য সভাৰ নলবাৰী জিলা গােটৰ সভাপতি ড° বিপিন কলিতা, বিশিষ্টব্যক্তি মানাথ বৰুৱা, বিশিষ্টব্যৱসায়ী সন্তোষ ভাৰতীয়াকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল আছিল। আলােচনাৰ সময়ত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীও উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি