Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:12 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » অসম চৰকাৰক ৩৯৯.৬১ কোটি ৰয়েল্টি অ’এনজিচিৰ

অসম চৰকাৰক ৩৯৯.৬১ কোটি ৰয়েল্টি অ’এনজিচিৰ

# অহা ৫ বছৰত অসমত বিনিয়োেগ কৰিব ১৩,০০০ কোটি টকা
# ৩৪৯.৭৯ কোটি শুল্ক কৰ আৰু ১৩২.৯০ কোটি বিক্ৰী কৰ পৰিশােধ
# শিৱসাগৰ জিলাত ১৩৮.৮২ কোটি টকাৰ আচনি ৰূপায়ন
# নিগমৰ ২৭ শতাংশ বিনিয়ােগ বৃদ্ধি
শিৱসাগৰ : শিৱসাগৰ জিলাৰ পৰাই ১৯৬০ চনত অ’এনজিচিয়ে তেল খনন আৰু উৎপাদন আৰম্ভ কৰি দেশৰ মহাৰত্ন উদ্যোগৰূপে সমগ্র বিশ্বত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হােৱা তেল আৰু প্রাকৃতিক গেছ নিগমে শিৱসাগৰ জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাত সামাজিক দায়বদ্ধতাৰ যােগেদি জনগণক সৱলীকৰণ কৰাৰ লগতে সমাজখনৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰি আহিছে।
নিগমে ৰাজ্যখনৰ সামগ্ৰীক প্ৰগতিৰ অংশীদাৰ হিচাপে প্রতিশ্রুতিবদ্ধ হৈ অনাগত তেল আৰু গেছৰ অন্বেষণ তথা উৎপাদন বৃদ্ধিৰ বাবে ২২০ টা নতুন তৈলখাদ খনন, অন্বেষণ আৰু বিভিন্ন “Surface Facilities” ৰ নৱীকৰণৰ বাবে অনাগত ৫ বছৰত অসমত ১৩০০০ কোটি টকা বিনিয়ােগ কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে অ’এনজিচিয়ে ইতিমধ্যে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে। অ’এনজিচি অসম সম্পদে অসম চৰকাৰক ৩৯৯.৬১ কোটি ৰয়েন্টি ৩৪৯.৭৯ কোটি শুল্ক কৰ ১৩২.৯০ কোটি বিক্ৰী কৰ পৰিশােধ কৰাৰ লগতে শিৱসাগৰ-চৰাইদেউ জিলাত ১৩৮.৮২ কোটি টকাৰ বিশেষ আঁচনি ৰূপায়ন কৰা বুলি নিগমৰ নাজিৰাস্থ মুখ্য কার্যালয়ৰ পৰা আজি এক প্ৰেছ বিজ্ঞপ্তিৰ যােগে জানিবলৈ দিছে।
উল্লেখ্য যে, নিগমৰ এই ধনৰাখিৰ পৰা উপকৃত হৈছে ১৪৮৬ গৰাকীকৈ স্থানীয় নিবনুৱা যুৱক-যুৱতীৰ লগতে বিভিন্ন পদত নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্রদান কৰি কর্মসংস্থাপন দিয়া, চলিত বিত্তীয় বৰ্ষত আৰু ১৫২ গৰাকী স্থানীয় নিবনুৱা যুৱক-যুৱতীক বিভিন্ন পদত নিযুক্তি দিয়াৰ ব্যৱস্থা হাতত লােৱা, নতুন নতুন কাৰিকৰী সংযােজনেৰে অ’এনজিচি অসম সম্পদৰ উৎপাদন ২০১৬-১৭ বিত্তীয় বৰ্ষৰ তুলনাত বৃদ্ধি কৰা, ২০১৭-১৮ বিত্তীয় বৰ্ষত প্রায় সকলাে গুৰুত্বপূর্ণ ক্ষেত্ৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্রম কৰা, দেশৰ শক্তিখণ্ডক সুৰক্ষিত কৰিবলৈ অ’এনজিচিয়ে উত্তৰ-পূব ভাৰতৰ অসম সম্পদ, নাজিৰা, যােৰহাট সম্পদ, ত্ৰিপুৰা সম্পদ, আগৰতলা, অসম আৰু অসম আৰাকান বেচিন, যােৰহাট আৰু শিলচৰত যােৱা ছটা দশকৰ অধিক সময় নিলস ভাৱে কাম কাজ চলাই আহিছে। যাৰ ফলত তেল আৰু গেছৰ উৎপাদন ক্রমে ১.১ শতাংশ আৰু ১৭ শতাংশ, গেছ বিক্রী ২৪.১ শতাংশ আৰু ৱাটাৰ ইনজেক্টচন ২৬.৪ শতাংশ বৃদ্ধি হৈছে।
অ’এনজিচি অসম সম্পদে যােৱা বিত্তীয় বৰ্ষত উৎপাদন বৃদ্ধিৰ বাবে প্রতিকূল বতৰটো কাম কৰিব পৰা প’র্তাদেক মেটৰ লগতে হাইৱে হাইড্র’ফ্রেক, মাইক্ৰ’বাব’ল ড্রিলিং ফ্লুইড, এল টি এছ অ’ বি এম, ষ্টীম গান আদিৰ দৰে বহুতাে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰিছে। কেন্দ্রীয় চৰকাৰৰ হাইদ্র’কার্বন ভিজন ২০৩০ ৰ অংশ হিচাপে অলপতে গুৱাহাটীত অ’এনজিচি অসম সম্পদে অনুষ্ঠিত কৰা প্রযুক্তি সন্মিলনত ১৯ টা ছাৰ্ভিছ প্রভাইডাৰ সংস্থাই ২৫ টাকৈ অত্যাধুনিক প্রযুক্তি প্রদর্শন কৰে। ইয়াৰ ভিতৰত অ’এনজিচি অসম সম্পদৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰাসংগিক প্রযুক্তি সমূহৰ মূল্যায়ন কৰি থকা হৈছে। অ’এনজিচিয়ে যােৱা ৫ বছৰৰ তুলনাত পৰৱৰ্তী ৫ বছৰৰ বাবে ২৭ শতাংশ বিনিয়ােগ বৃদ্ধি কৰিছে।
ইয়াৰােপৰি ৬,০০০ কোটি টকাৰ বিনিয়ােগেৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ১৫০০ কিঃমিঃ দৈর্ঘ্যৰ গেছ গ্রীড পাইপ লাইনেৰে সংযুক্ত কৰাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। যােৱা বছৰটোত অ’এনজিচিয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত আই এইচ এছ এল শৌচাগৰ নিৰ্মাণ কৰা, ৩২ খন বিদ্যালয়ত বিশুদ্ধ খােৱা পানীৰ ব্যৱস্থা কৰা আৰু ৫০ খন বিদ্যালয়ত বিশুদ্ধ খােৱা পানী যােগান আঁচনি ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰিছে। অন্যান্য পিছপৰা শ্ৰেণীৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৯.৯৫ লাখ টকা ব্যয়েৰে বিভিন্ন প্রশিক্ষণ দিয়াৰ লগতে একেদৰে আই আই টিৰ দৰে সৰ্বভাৰতীয়পৰীক্ষাত ভাগ লব পৰাকৈ ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণ দিয়াৰ বাবে চুপাৰ ৩০ আঁচনিৰ, মহিলা সৱলীকৰণৰ বাবে কাটিং টেইলাৰিঙৰ ট্ৰেইনিঙৰ লগতে বিনামূলীয়া চিলাইমেচিনৰ বিতৰণ কৰা, নেচনেল ইনষ্টিটিউট অফ ডিজাইনৰ সহযােগত পানী মেটেকাৰ পৰা বিভিন্ন হস্তশিল্পজাত বস্তু প্রস্তুত তথা বিক্রী, নাজিৰা পৌৰসভাৰ পকীনলা নির্মাণ ২ খন টাটা হপাৰ টিপাৰ আৰু ৩০ টাকৈ ডাষ্টবিন যােগান, অনুৰূপ ধৰণে শিৱসাগৰ পৌৰসভালৈ ৩ খন হপাৰ টিপাৰৰ আৰু ঠেলা যােগান, নাজিৰা, গেলেকী আৰু হাৰমতী গড়ত ১৪৪ টা সৌৰশক্তি চালিত লাইট আৰু চলিত বৰ্ষত ১২৭ টাকৈ লাইট সংযােগৰ ব্যৱস্থা কৰা হৈছে। অনুৰূপ ধৰণেৰে ২০ টা স্বাস্থ্য শিৱিৰ লগতে শিৱসাগৰৰ চাওলুং চুকাফা হস্পিটেলৰ কাম পূর্ণগতিত চলি আছে আৰু এইটো বিত্তীয় বৰ্ষতে সাজু কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।
অ’এনজিচিয়ে অনাগত দিনটো ৰাজ্য তথা ৰাষ্ট্রৰ উন্নয়নৰ বাবে শক্তিখণ্ডত স্বাৱলম্বী হােৱাৰ লক্ষ্যৰে একেলগে কাম কৰি যাবলৈ অ’এনজিচিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক আৰু সম্পদ প্রবন্ধক এছ ডি মাস্কেয়ে সকলাে পক্ষকে আহ্বান জনাই সহায় সহযােগিতা কামনা কৰিছে। ৰাজ্যখনৰ প্ৰগতিৰ অংশদীৰ হিচাপে অ’এনজিচি অসমৰ জনগণৰ লগতে ৰাজ্যখনৰ সামগ্রীক উন্নয়নৰ প্রতি সদায়েই দায়বদ্ধ। সেয়েহে সংশ্লিষ্ট সকলােকে ৰাষ্ট্ৰীয় স্বার্থত ক্ষতি কৰিব পৰা কোনাে ধৰণৰ প্রতিবাদী কাৰ্যসূচী হাতত নলবলৈ আৰু অ’এনজিচি কর্মকর্তা কার্য সম্পাদন কৰাত বাধা প্রদান নকৰিবলৈ আহ্বান জনাইছে নিগম কৰ্তৃপক্ষই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি