Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:13 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » ৭৪৪১টা জীৱন প্ৰভাৱিত কৰিবলৈ একেলগে ওলাই আহিছে এনআৰএল আৰু ইউৰেকা

৭৪৪১টা জীৱন প্ৰভাৱিত কৰিবলৈ একেলগে ওলাই আহিছে এনআৰএল আৰু ইউৰেকা


সুৰক্ষিত পানী বিনামূলীয়াকৈ যোগান ধৰিবলৈ অসমত স্থাপন ৱাটাৰ পিউৰিফিকেচন ছিষ্টেম

গুৱাহাটী: ভাৰতে বিভিন্ন ক্ষেত্ৰত উল্লেখনীয়বিকাশ সাধন কৰিলেও, দেশৰ বিভিন্ন প্ৰান্তত সুৰক্ষিত আৰু পৰিস্কাৰ পানী সেৱন কৰাৰ সাধাৰণ বিষয়টো আৰু উপলব্ধ নোহোৱাটো সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বাধা হিচাপে থিয় দি আহিছে। শেহতীয়া তথ্য অনুসৰি, অসমৰ ২০ খন জিলাৰ ভূতলজলত পৰীক্ষা কৰি পোৱা গৈছে বিশ্ব স্বাস্থ্য সংস্থাই স্থাপন কৰা অনুমোদিত পৰিমাণ ০.০১ মিলিগ্ৰাম/লিটাৰতকৈ বেছি আছে। কেইখনমান জিলাত, পানীৰ মূল উৎস হৈছে ভূতলজল, য’ত আছে বহু পৰিমাণে অশুদ্ধি আৰু ইয়াত আৰ্ছেনিক তথা ফ্ল’ৰাইডো মাত্ৰাধিক পৰিমাণে থাকে, যি গ্ৰহণ কৰাৰ বাবে অযোগ্য।
এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি, নুমলিগড় ৰিফাইনেৰী লিমিটেড আৰু ইউৰেকা ফ’ৰ্বছ ইন্সটিটিউট অব্ এনভাইৰণমেণ্টে এক সম্প্ৰদায়-চালিত উদ্যোগ গ্ৰহণ কৰিছে যাতে সুৰক্ষিত পানী জিলাখনৰ প্ৰতিজন মানুহে লাভ কৰিব পাৰে।
এই উদ্যোগৰ অংশ হিচাপে, অসমৰ ১২টা স্থানত ১২টা একুৱাগাৰ্ড ৱাটাৰ পিউৰিফায়াৰ স্থাপন কৰা হৈছে, ইয়াৰ ভিতৰত ৯টা স্থাপন কৰা হৈছে বিদ্যালয়ত আৰু বাকী থকা ৩টা ৰাজহুৱা স্থানত স্থাপন কৰা হৈছে। এইসমূহ ৱাটাৰ পিউৰিফায়াৰ প্লেণ্টে বিনামূলীয়াকৈ বিশুদ্ধ পেয়জল যোগান ধৰিব। প্ৰতিটো ৱাটাৰ প্লেণ্ট প্ৰায় পাঁচ ঘণ্টা ধৰি সক্ৰিয় হৈ থাকিব আৰু প্ৰতিদিনে ১৪,০০০ লিটাৰ পেয়জল যোগান ধৰিব পাৰে। এই পানী বিশুদ্ধকৰণ প্ৰক্ৰিয়াই ৭৪৪১গৰাকী লোকৰ জীৱন সলনি কৰি দিছে।
একুৱাগাৰ্ড ৱাটাৰ পিউৰিফিকেচন প্লেণ্ট ডিজাইন কৰা হৈছে জল বিশুদ্ধকৰণৰ বিশেষজ্ঞৰ দ্বাৰা আৰু ইয়াত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, য’ত প্ৰতিটো পানীৰ টোপালেই বিশুদ্ধকৰণৰ ৯টা ঢাপৰ মাজেৰে আগবাঢ়ে। এই প্লেণ্টসমূহ স্থাপন কৰাৰ পূৰ্বে ইউৰেকা ফ’ৰ্বছৰ জল বিজ্ঞানীয়ে পানীৰ অৱস্থা পৰীক্ষা কৰে। পানীত থকা অশুদ্ধিৰ ওপৰত ভিত্তি কৰি কোম্পানীটোৱে প্ৰযুক্তি অনুকূলিত কৰিছে। ই নিশ্চিত কৰিছে যে, এই পানী কেৱল বেক্টেৰীয়া, ভাইৰাছ, ছিষ্ট আৰু অণুজৈৱিক অশুদ্ধিমুক্তই নহয়, সমান্তৰালভাৱে জীৱন বিপদাপন্ন কৰি তোলা আন প্ৰদূষক, যেনে- নাইট্ৰেট, ফ্ল’ৰাইড,আৰ্ছেনিক আদিৰপৰাও মুক্ত। সমান্তৰালভাৱে, তিনি বছৰলৈ এই প্লেণ্টসমূহৰ কাৰিকৰী চোৱাচিটা কৰিবইউৰেকা ফ’ৰ্বছে আৰু দৈনিক কাৰ্যাৱলী পৰিচালনা কৰিব স্থানীয় কৰ্তৃপক্ষই।
ইয়াত এনেদৰে কাম চলিব, যে প্ৰতিদিনে এখন পানীৰ টেংকাৰ আহিব পানী যোগান ধৰিবলৈ, যি মটৰৰ জৰিয়তে ওপৰত উঠোৱা হ’ব। তাৰ পাছত পানীৰ কাৰ্বন ফিল্টাৰ আৰু বালিৰ ফিল্টাৰেৰে বিশুদ্ধ কৰা হ’ব আৰু এটা টেংকত বিশুদ্ধ পানী সংগ্ৰহ কৰাৰ লগতে আনটো টেংকত আৱৰ্জনা সংগ্ৰহ কৰা হ’ব। বিতৰণ পানী কঠোৰভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ সকলো মান তথা প্ৰয়োজনীতা অনুসৰি মানি চলা হ’ব।
অঞ্চলবাসীয়ে অনুভৱ কৰে যে, এই উদ্যোগৰ আটাইতকৈ ভাল কথাটো হৈছে, আমি ৱাটাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিম আৰু নিয়মীয়াভাৱে ইয়াক ৰিচাৰ্জো কৰিব পাৰি। কাৰ্ডসমূহত আমাৰ নাম লিখা থাকিব; আমি মেচিনত কাৰ্ড ব্যৱহাৰ কৰি অতি কম খৰচত সুৰক্ষিত আৰু স্বাস্থ্যকৰ পানী নিমিষতে সংগ্ৰহ কৰিব পাৰিম, যাৰ ফলত সময়ৰ লগতে ধনো ৰাহি কৰিব পাৰিম।

পানী বিশুদ্ধকৰণ প্ৰণালী স্থাপন কৰা স্থানসমূহ :

  • মৰঙি মহাবিদ্যালয়, ডাকঃ মৰঙি, গোলাঘাট, অসম
  • পংকা ৰূপৰাম হাজৰিকা হাইস্কুল, গোলাঘাট, অসম
  • লেটেকুজান আদৰ্শ বিদ্যাপীঠ, গোলাঘাট, অসম
  • ২ নং বিষ্ণুপুৰ কণকেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয়, গোলাঘাট, অসম
  • পংকা ছিনিয়ৰ বেছিক স্কুল, গোলাঘাট, অসম
  • কাণাইঘাট জুনিয়ৰ বেছিক স্কুল, গোলাঘাট, অসম
  • দৈগ্ৰোং বাগিছা স্কুল, গোলাঘাট, অসম
  • দৈগ্ৰোং নিম্ন বুনিয়াদী বিদ্যালয়, গোলাঘাট, অসম
  • ৰংবং এম ই স্কুল
  • এএছটিচি বাছ আস্থান, বোকাখাট, অসম
  • ফৰকাটিং জংছন ৰে’ল ষ্টেচন, অসম
  • গোলাঘাট ৰে’ল ষ্টেচন, অসম

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি