Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:01 pm

Home » আঞ্চলিক » ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকা মুকলি

ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকা মুকলি

কলকাতাৰ টালিগঞ্জস্থিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাসগৃহ ক্ৰয় কৰাৰ দিশটো ৰাজ্য চৰকাৰৰ অগ্রগতি : মুখ্যমন্ত্ৰী সৰ্বানন্দ



গুৱাহাটী : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওড়িশাৰ সম্বলপুৰত থকা গৃহ সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰে আজি প্ৰাৰম্ভিকভাৱে ৫০ লাখ টকা ওড়িশা চৰকাৰক প্ৰদানৰ ক্ষেত্ৰত যাৱতীয় অনুমােদন জনাইছে। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি এই সম্পর্কত যাৱতীয় অনুমােদন জনায়। তদুপৰি, এই গৃহ সংৰক্ষণৰ ক্ষেত্ৰত প্রয়ােজন হােৱা অতিৰিক্ত পুঁজিও ৰাজ্য চৰকাৰে বহন কৰিব। এই সম্পর্কত ইতিমধ্যে ওড়িশা চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক আজি অসম চৰকাৰৰ তৰফৰ পৰা জনােৱা হয়।
উল্লেখ্য যে ৰাজ্যখনৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ সৈতে সংপৃক্ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই গৃহটো সংৰক্ষণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নিদের্শনাৰ ভিত্তিত যােৱা বছৰৰ ৩১ অক্টোবৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে মুখ্যমন্ত্ৰীৰ পত্রসহ ওড়িশাৰ মুখ্যমন্ত্রী নৱীন পাটনায়কক ভূৱনেশ্বৰত সাক্ষাৎকৰি এই সম্পর্কে এক আলােচনাত মিলিত হৈছিল। এই উদ্দেশ্যেৰে ওড়িশালৈ যােৱা সাংস্কৃতিক মন্ত্রী আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টাই ওড়িশাৰ সাংস্কৃতিক মন্ত্রী অশােক কুমাৰ পাণ্ডা আৰু ওড়িশাৰ মুখ্য সচিবৰ সৈতেও সুকীয়া সুকীয়াকৈ আলােচনাত মিলিত হৈছিল।
তদুপৰি, সম্বলপুৰ জিলাৰ উপায়ুক্ত সমর্থ বার্মাৰ সৈতেও অসম চৰকাৰৰ প্রতিনিধি দলটোৱে এই সম্পর্কত এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত সম্বলপুৰৰ বিশিষ্ট ব্যক্তি, সাংস্কৃতিক কর্মী আৰু সাংবাদিকৰ উপস্থিতিত উপায়ুক্ত গৰাকীৰ সৈতে এই গৃহ সংৰক্ষণ সম্পর্কে এক চুক্তিও স্বাক্ষৰ কৰা হৈছিল।
আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালেও এই গৃহটো সংৰক্ষণ সম্পৰ্কত যােৱা বছৰৰ ২৭ অক্টোবৰত ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ সৈতে টেলিফোন যােগে বার্তালাপত মিলিত হৈ যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে অনুৰােধ জনাইছিল। টেলিফোনিক বার্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণৰ আৱেগঅনুভূতিৰ সৈতে জড়িত এই গৃহ সংৰক্ষণ কৰাটো ৰাজ্য চৰকাৰৰ এক অগ্রাধিকাৰৰ বিষয় বুলিও ওড়িশাৰ মুখ্যমন্ত্ৰী গৰাকীক জনাইছিল। মুখ্যমন্ত্ৰীৰ অনুৰােধৰ ভিত্তিত ওড়িশাৰ চৰকাৰে এই গৃহটো সংৰক্ষণ কৰাৰ দিশত ইতিমধ্যে ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে।
এই পদক্ষেপক অধিক আগবঢ়াই নি ইয়াক বাস্তৱায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে আজি ওড়িশা চৰকাৰলৈ ইয়াৰ বাবে প্ৰাৰম্ভিকভাৱে ৫০ লাখ টকাৰ পুঁজি মােকলাই দিয়াৰ উপৰি প্রয়ােজন সাপেক্ষে আৰু অধিক পুঁজি ব্যয় কৰা হ’ব বুলিও ওড়িশা চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক জনায়।
আনহাতে, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জস্থিত গৃহইয়াৰ বৰ্তমানৰ স্বত্তাধিকাৰীৰ পৰা ক্ৰয় কৰি এই গৃহ উন্নীতকৰণৰ দিশটো ৰাজ্য চৰকাৰে যথেষ্ট অগ্রগতি লাভ কৰিছে। যােৱা ১ নৱেম্বৰত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নির্দেশ ক্রমে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে এই গৃহৰ বৰ্তমানৰ স্বত্তাধিকাৰী সুশীল কুমাৰ দাংগীৰ সৈতে কলকাতাস্থিত অসম ভৱনত এক আলােচনাত মিলিত হৈছিল। এই আলােচনাৰ পৰৱর্তী পর্যায়ত গৃহটোৰ স্বত্তাধিকাৰী দাংগীক গুৱাহাটীলৈ মতাই আনি সাংস্কৃতিক মন্ত্রী আৰু মিডিয়া উপদেষ্টাৰ উপস্থিতিত এক চুক্তি স্বাক্ষৰ কৰােৱা হয়। এই চুক্তিৰ প্ৰস্তাৱ আগন্তুক কেবিনেট বৈঠকত উত্থাপন কৰা হ’ব আৰু কেবিনেটে এই প্রস্তাৱ অনুমােদন কৰাৰ পিছতেই বাস্তৱায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰে অগ্রাধিকাৰৰ ভিত্তিত পদক্ষেপ গ্রহণ কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি