Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:50 pm

Home » আঞ্চলিক » এনআৰচি আৰু ডি ভোটাৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ

এনআৰচি আৰু ডি ভোটাৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ

গুৱাহাটী : ঢেকীয়াজুলীত বিগত দিনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বহু নথি-পত্ৰ এখন চাহ দোকানত মিঠাই ইত্যাদি পৰিৱেশন কৰিবলৈ ব্যৱহাৰ কৰা ঘযনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ঘটনাটো তদন্ত কৰি দোষী বিষয়াৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
ৰাজ্যিক সমন্বয়কলৈ প্ৰেৰণ কৰা এক পত্ৰত কয় যে, এই নথি-পত্ৰ সমূহ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগত জড়িত বিষয়াৰ দ্বাৰা দ্বায়িত্বহীন ভাবে অদৰকাৰী কাজৰ দৰে পেলাই দিয়াটো নিশ্চিত আৰু এনে কাৰ্য্যই গোটেই প্ৰক্ৰিয়াটোক সন্দেহৰ আওঁতালৈ লৈ আহে। তেখেতে কয়, চাহ দোকানত ব্যৱহাৰ কৰা নথি-পত্ৰ সমূহ নিশ্চয় ভৱিষ্যতে আবেদনকাৰী সকলক প্ৰমান সূত্ৰ হিচাপে দৰকাৰ হ’ব।
পত্ৰখনত শইকীয়াই লগতে মন্তব্য কৰে যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা বান পৰিস্থিতিৰ বাবে ৩০ জুন তাৰিখে প্ৰকাশ নহয় বুলি হাজেলাই বক্তব্য দিছে কিন্তু বানপিড়িত ৫ খন জিলাক বাদ দি বাকী কেইখন জিলাৰ তথ্য প্ৰকাশ কৰিব লাগিছিল। ৫ খন জিলাৰ বাবে বাকী ২৮ খন জিলাৰ তথ্য বিলম্ব কৰাৰ কোনো যুক্তি নাই বুলি শইকীয়াই কয়।
ইপিনে অসমৰ বিভিন্ন ডিটেনশ্যন কেম্পত থকা ডি-ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা লোক সকলক আপীল প্ৰক্ৰিয়াৰ সময়ত বিনামূলীয়া আইনী সাহায্যকে আদি কৰি যাৱতীয় সা-সুবিধা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় আইন প্ৰাধিকৰণৰ সচিব অলোক আগৰৱালাক অনুৰোধ জনাইছে। কিছুদিন পূৰ্বে প্ৰেৰণ কৰা এক পত্ৰত শইকীয়াই কয় যে, ডি-ভোটাৰ তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকৰ মাজত এনে লোকো ওলাব যি সকল অজ্ঞতা আৰু দৰিদ্ৰতাৰ বাবেহে নিজৰ নাগৰিকত্ব প্ৰমান কৰিবলৈ অসমৰ্থ আৰু যোগ্য উকিলৰ সাহায্য পালে তেওঁলোকে নাগৰিকত্ব প্ৰমান কৰিবলৈ সক্ষম হ’ব। এই সংক্ৰান্তত কলিয়াবৰৰ আছুতোষ দাস আৰু প্ৰহ্লাদ দাস, গোৱালপাৰাৰ সুব্ৰত দে, কৰিমগঞ্জৰ দীপা সৰকাৰ আৰু কুমকুম ভট্টাচাৰ্য্য, নগাওঁৰ ৰফিকুল ইছলাম আৰু চামচুল আলম ইত্যাদিৰ কেইবাটাও উদাহৰণ শইকীয়াই দাঙি ধৰে।
ইয়াৰোপৰি বিদেশী ন্যায়ধিকৰণৰ দ্বাৰা ১৯৬৪ চনৰ বিদেশী (ন্যায়ধিকৰণ) আইনৰ ৩নং আৰু ৪নং দফা ব্যৱহাৰকে আদি কৰি কিছু কাৰিকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ শইকীয়াই মত পোষণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি