Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:38 am

Home » আঞ্চলিক » ২ জুলাইত চূড়ান্ত হ’ব এন আৰ চিৰ খচৰা প্রকাশৰ দিন

২ জুলাইত চূড়ান্ত হ’ব এন আৰ চিৰ খচৰা প্রকাশৰ দিন


গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰা উচচতম ন্যায়ালয়ে নির্ধাৰণ কৰা দিনত প্রকাশ নহয়৷ ন্যায়ালয়ে ৩০ জুন চূড়ান্ত খচৰা প্রকাশৰ বাবে তাৰিখ ঠিক কৰি দিছিল৷ বৰাক উপত্যকাৰ বানৰ বাবে এন আৰ চিৰ কাম-কাজ বাধাগ্রস্ত হোৱাত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই উচচতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি চূড়ান্ত খচৰা প্রকাশ কৰিব নোৱৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ এন আৰ চিৰ ক্ষেত্রত কঠোৰ দৃষ্টিভংগী গ্রহণ কৰা উচচতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়া তাৰিখত এন আৰ চি প্রকাশ কৰিব নোৱাৰিলে ৰাজ্যিক সমন্বয়ক ভৎর্সনাৰ সন্মুখীন হ’ব নেকি? এফালে নির্দিষ্ট সময়সীমা, আনফালে এন আৰ চি কর্তৃপক্ষৰ অপাৰগতা৷ তাৰ মাজত ৩০ জুনত কি হ’ব? এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ হ’বনে নহয়? যদি প্রকাশ নহয় উচচতম ন্যায়ালয়ে কর্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব?
৩০ জুন ওচৰ চাপি অহাত এনে বহু প্রশ্ন উদয় হৈছে যদিও উচচতম ন্যায়ালয়ে সময়সীমা নির্ধাৰণ কৰি দিলেও শেষৰটো শুনানিৰ প্রয়োজন হ’লে সময় অলপ দিনৰ বাবে বৃদ্ধি কৰি লোৱাৰ কর্তৃত্ব দি হৈছিল এন আৰ চি কর্তৃপক্ষক৷ উল্লেখযোগ্য যে যোৱা ২০ ফেব্রুৱাৰীত উচচতম ন্যায়ালয়ৰ শুনানিত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ বাবে ৩০ জুন তাৰিখ ঠিক কৰি দিয়া হৈছিল৷ উক্ত সময়সীমাক লক্ষ্য কৰি এন আৰ চিৰ বাবে নথি পুনৰীক্ষণ, বংশবৃক্ষৰ সত্যাসত্য নিৰূপণৰ কাম যুদ্ধগতিত কৰা হৈছিল৷ যোৱা ৮ মে’ত উচচতম ন্যায়ালয়ত হোৱা শুনানিৰ পাছত দিয়া নির্দেশনাত চূড়ান্ত খচৰা প্রকাশৰ প্রক্রিয়াটো সময়মতে শেষ কৰিব নোৱাৰে, তেন্তে সীমিত সময় ল’ব পাৰিব বুলি উল্লেখ কৰা হৈছিল৷ অর্থাৎ এন আৰ চি কর্তৃপক্ষক চূড়ান্ত খচৰা প্রকাশৰ বাবে তাৰিখ নির্ধাৰণ কৰি দিয়া হৈছিল যদিও উচচতম ন্যায়ালয়ে বিশেষ প্রয়োজনত সীমিত দিন বঢ়াই লোৱাৰ সুযোগো দিছিল৷ যাৰ ফলত নির্দিষ্ট কৰা দিনটোত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ কঠোৰ নির্দেশনা থাকিলেও সময় বঢ়াই লোৱাৰ সুযোগ থকাত চূড়ান্ত খচৰা ৩০ জুনত প্রকাশ নহয়৷ বৰাকত হোৱা প্রবল বানৰ ফলত ৮ৰপৰা ১০ দিন পর্যন্ত এন আৰ চিৰ কাম-কাজ বাধাগ্রস্ত হৈছিল৷ জানিব পৰা মতে, নথি-পত্র পৰীক্ষণ, বংশবৃক্ষৰ সত্যাসত্যৰ নিৰূপণৰ কাম বৰাক উপত্যকাত পুনৰ আৰম্ভ হৈছে৷ অহা ২ জুলাইত উচচতম ন্যায়ালয়ত এন আৰ চিৰ গোচৰৰ পৰৱর্তী শুনানিৰ দিন৷ এই শুনানিতে এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ নতুন দিন নির্ধাৰণ হোৱাৰ সম্ভাৱনা আছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি