Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:55 pm

Home » আঞ্চলিক » শ্ৰীৰামপুৰত পথ দুৰ্ঘটনাত আহত ১০ বছৰীয়া শিশু : চাঁদা তোলাত ব্যস্ত আৰক্ষী

শ্ৰীৰামপুৰত পথ দুৰ্ঘটনাত আহত ১০ বছৰীয়া শিশু : চাঁদা তোলাত ব্যস্ত আৰক্ষী


গোসাঁইগাঁও : কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ৩১গ ৰাষ্ট্ৰীয় ঘাইপথৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ চাৰিআলিত বৃহস্পতিবাৰে আবেলি ৫. ৩০ বজাত এক দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্যমতে, মঞ্জুৰুল হক নামৰ ১০ বছৰীয়া ল’ৰাই তেওঁৰ এজন সহপাঠীৰ সৈতে শ্ৰীৰামপুৰ বজাৰলৈ গৈছিল। বজাৰৰ পৰা উভতি যোৱাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথত পশ্চিম প্ৰান্তৰ পৰা অহা পিবি ১৩ এডব্লিউ ৮৫৯২ নম্বৰৰ তীব্ৰ বেগী ট্ৰেইলাৰ গাড়ীটোৱে পিছফালৰ পৰা মঞ্জুৰুল হকক লৰাটোক মহতিয়াইনিয়ে৷ ফলত ল’ৰাজন গুৰুতৰ ভাৱে আহত হয়।
ঘটনাস্থলীৰ পৰা ২০ মিটাৰমান দূৰৈত চান্দা সংগ্ৰহ কৰিবলৈ অৱস্থান কৰা আৰক্ষীয়ে পলমকৈ আহে যদিও আঘাতপ্ৰাপ্ত ল’ৰাজনক উদ্ধাৰ নকৰি গাড়ী চালকক লৈহে ঢাপলি মেলে বুলি উপস্থিত জনসাধাৰণ দ্বাৰা প্ৰকাশ। পিছ মূহুৰ্তত চৌদিশৰ পৰা জনসাধাৰণ দৌৰি আহি স্থানীয় এমচিএলএ আব্দুল খালেক মণ্ডলৰ নেতৃত্বত লৰাজনক উদ্ধাৰ কৰি ততাকৈয়ে এম্বুলেঞ্চ মাতি আঘাতপ্ৰাপ্ত ল’ৰাজনক গোসাঁইগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখযোগ্য যে ল’ৰাজন সাপকাটা গাঁৱৰ বাসিন্দা আৰু ভোমৰাবিল হাফিজীয়া মাদ্ৰাছাৰ ছাত্ৰ। প্ৰসংগত যে স্থানীয় ৰাইজে ব্যস্তবহুল শ্ৰীৰামপুৰ চাৰিআলিত অভাৰ ব্ৰীজৰো দাবী কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি