Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:41 pm

Home » আঞ্চলিক » নিজৰ চিতা নিজে জ্বলাই অধ্যাপিকাৰ আত্মজাহ

নিজৰ চিতা নিজে জ্বলাই অধ্যাপিকাৰ আত্মজাহ

গহপুৰ : গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ অন্তর্গত দেউৰীগাঁৱত সংঘটিত হোৱা এক আত্মজাহৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, কলাবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ময়ূৰী কাকতী নামৰ ৩৭ বছৰীয়া যুৱ অধ্যাপিকা-গৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ কালি বিয়লি ৪ বজাত নিজৰ গাত অগ্নি সংযোগ কৰে৷ উল্লেখযোগ্য যে দেউৰী গাঁও নিৱাসী তথা অৱসৰপ্রাপ্ত অধ্যাপক ৰাজেন কাকতী আৰু অৱসৰপ্রাপ্ত শিক্ষয়িত্রী ক্ষীৰ কাকতীৰ কনিষ্ঠা কন্যা ময়ূৰী কাকতীয়ে কালি ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ চৌহদত এটা টায়াৰৰ ওপৰত খৰি জাপি, কেৰাচিন ঢালি জুই জ্বলায়৷ জুইকুৰা দপদপকৈ জ্বলি উঠাৰ লগে লগে জুইকুৰাৰ ওপৰত থিয় হৈ আত্মজাহৰ পথ বাছি লয়৷ এটা সময়ত অগ্নিদগ্ধ হৈ জুইকুৰাৰ পৰা নামি চোতালত থিয় হয়৷
অগ্নিদগ্ধ অৱস্থাত থকা যুৱতীগৰাকীক স্থানীয় লোকে দেখা পাই চিঞৰ-বাখৰ কৰে যদিও প্রথমাৱস্থাত কোনো আগবাঢ়ি যাবলৈ সাহস কৰা নাছিল৷ তেনে সময়তে হাৱাজান আৰক্ষী চকীৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজৰ সহযোগিতাত অগ্নিদগ্ধা অধ্যাপিকাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি প্রথমে ধলপুৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ কিন্তু শৰীৰৰ অধিকাংশ অগ্নিদগ্ধ হোৱাত উন্নত চিকিৎসাৰ বাবে ময়ূৰী কাকতীক গুৱাহাটীলৈ প্রেৰণ কৰা হয় যদিও আদবাটতে নিশা প্রায় ১ বজাত তেওঁৰ মৃতু্য হয়৷
উল্লেখযোগ্য যে ময়ূৰী কাকতীৰ পিতৃ-মাতৃ দীর্ঘদিন ধৰি বিশ্বনাথ চাৰিআলিত কর্মৰত পুত্রৰ সৈতে বসবাস কৰি আহিছে৷ তেনে ক্ষেত্রত বহু দিন ধৰি নিজ গৃহতে নিঃসংগ জীৱন কটাই আহিবলগা হৈছে অধ্যাপিকাগৰাকীয়ে৷ অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা মতে, ময়ূৰী কাকতীৰ পিতৃ-মাতৃৰ দীর্ঘদিন ধৰি গাঁও অথবা চুবুৰিৰ কোনো পৰিয়ালৰ লগত মিলাপ্রীতি নাছিল৷ তদুপৰি, তেওঁলোকে ময়ূৰী কাকতীকো গাঁৱৰ কোনো লোকৰ সৈতে মিলা-মিছা কৰাৰ ক্ষেত্রত কঠোৰভাৱে বাধা আৰোপ কৰিছিল৷ ময়ূৰী কাকতীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হৈ ২০১০ চনত স্থানীয় কলাবাৰী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ চতুর্থ পদত যোগদান কৰে৷
সৰুৰে পৰা মেধাৱী ছাত্রী হিচাপে পৰিচিত ময়ূৰী কাকতীয়ে অধ্যাপনা কৰি থকা কালতে ২০১৪ চনত তেওঁ শ্লেট পৰীক্ষাত উত্তীর্ণ হয়৷ স্থানীয় একাংশ লোকে ব্যক্ত কৰা মতে পিতৃ-মাতৃৰ পৰা নিলগত থাকি নিঃসংগ জীৱনে দিয়া তিক্ততাৰ পৰিণতিত হতাশাগ্রস্ত হৈয়ে আত্মজাহৰ দৰে চৰম পথ গ্রহণ কৰাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ আনহাতে, কিছু সংখ্যক ব্যক্তিয়ে মহাবিদ্যালয়ৰ পদটো প্রাদেশিকীকৰণ নোহোৱাটোও আত্মহত্যাৰ অন্য এক কাৰণ হ’ব পাৰে বুলি ব্যক্ত কৰিছে৷ নিজৰ চিতা নিজে জ্বলাই আত্মজাহ যোৱা অধ্যাপিকাগৰাকীৰ মৃতু্যত কলাবাৰী-হাৱাজান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃতু্যত কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্রীসকলে গভীৰ শোক প্রকাশ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি