Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:44 pm

Home » আঞ্চলিক » জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত মতানৈক্য : উপদেষ্টা, যুটীয়া সম্পাদক-ক্রীড়া সম্পাদকৰ পদত্যাগ

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত মতানৈক্য : উপদেষ্টা, যুটীয়া সম্পাদক-ক্রীড়া সম্পাদকৰ পদত্যাগ

ৰঙিয়া : ৰাজ্যৰ অন্যতম শক্তিশালী আঞ্চলিকতাবাদী সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিগৰাকীকৈ শীর্ষ নেতাই পদত্যাগ কৰাক লৈ সংগঠনটোৰ মজিয়াত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে। অৱশ্যে সাংগঠনিকভাৱে বিষয়টো বর্তমানলৈকে গােপনে ৰখা হৈছে। এক সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে, পৰিষদৰ পৰা পদত্যাগ কৰা নেতা তিনিগৰাকী হ’ল ক্ৰমে কেন্দ্রীয় সমিতিৰ উপদেষ্টা তথা প্রাক্তন ভাৰপ্রাপ্ত সভাপতি ৰঞ্জন উপাধ্যায়, যুটীয়া সম্পাদক বিদ্যুৎ ডেকা আৰু ক্রীড়া সম্পাদক তৰুণ কলিতা।
পৰিষদৰ আদৰ্শৰ পৰিপন্থী আন সংগঠনৰ সৈতে যৌথভাৱে আন্দোলন কৰা আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ বিষয়ক লৈ কেন্দ্রীয় সভাপতি পুতুল দত্তৰ সৈতে হােৱা মতানৈক্যৰ বাবে উক্ত নেতাকেইগৰাকীয়ে পদত্যাগ কৰা বুলি সূত্ৰটোত প্ৰকাশ। এই বিষয়টোক লৈ সংগঠনটোৰ কৰ্মীসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে উপদেষ্টা উপাধ্যায়ৰ পদত্যাগ গৃহীত হৈছে যদিও বাকী দুগৰাকী নেতাক পদত্যাগ প্রত্যাহাৰৰ বাবে অহা ৩০ জুনলৈকে সময়সীমা নির্ধাৰণ কৰি দিছে সংগঠনটোৱে।
সূত্ৰটোৰ মতে, যােৱা মাহত ৰঙিয়া ষ্টেচন ৰােডত নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰােধিতা আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবীত উপাধ্যায়ৰ নেতৃত্বত এক প্রতিবাদী কাৰ্যসূচী পালন কৰা হৈছিল। উক্ত কাৰ্যসূচীত আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী সন্নিৱিষ্ট কৰাক লৈ সভাপতি দত্তই পিছদিনাখন উপাধ্যায় অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে কটু বাক্য শুনায়।
স্বাভাৱিকতে সুদীর্ঘ ৩৩ বছৰ ধৰি সংগঠনটোৰ বিভিন্ন দায়িত্ব পালন কৰি অহা উপদেষ্টাগৰাকী এনে অনাকাংক্ষিত দুর্ব্যৱহাৰত হতভম্ব হৈ পৰে। পৰিষদৰ দাবীসমূহৰ ভিতৰত অন্যতম আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী কেতিয়াৰ পৰা বাদ পৰিল, সেই বিষয়ে জানিব বিচৰাত সভাপতিগৰাকীয়ে কোনাে সদুত্তৰ দিবলৈ সক্ষম নহ’ল। লগতে পৰিষদৰ নীতি-আদৰ্শৰ পৰিপন্থী আন এটা সংগঠনৰ লগত যৌথভাৱে আন্দোলন কৰা বিষয়টোক লৈও বাকবিতণ্ডা হয়। সভাপতিগৰাকীয়ে যুক্তিসংগতভাৱে উত্তৰ দিয়াৰ পৰিৱর্তে তেওঁক বিভিন্ন ধৰণৰ তুচ্ছ-তাচ্ছিল্য কৰি অপমান কৰে।
তিনি দশকজুৰি সততা আৰু নিষ্ঠাৰে সংগঠনটোৰ বাৰে সেৱা আগবঢ়াই অহা উপাধ্যায়ে সভাপতিৰ এনে আচৰণত ক্ষুব্ধ আৰু আৱেগিক হৈ কিছুদিন পূর্বে পদত্যাগপত্র দাখিল কৰে। সংগঠনটোৰ অধিকাংশ নেতা-কর্মীয়ে তেওঁক বুজাই-বঢ়াই পৰিষদত ৰখাৰ বাবে চেষ্টা কৰাটো বিচাৰিছিল যদিও তাৎক্ষণিকভাৱে পদত্যাগপত্র গৃহীত কৰে। সভাপতি নেতৃত্বত হােৱা এনে সংগঠনটোৰ স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্তত বিভিন্ন জিলা আৰু আঞ্চলিক পর্যায়ৰ নেতাকর্মীসকল অসন্তুষ্ট হৈ পৰে। এনে সময়তে যােৱা ২০ জুনত কেন্দ্রীয় যুটীয়া সম্পাদক বিদ্যুৎ ডেকা আৰু ক্রীড়া সম্পাদক তৰুণ দাসে উপাধ্যায়ৰ পদত্যাগ তাৎক্ষণিকভাৱে গৃহীত কৰাৰ সিদ্ধান্ত প্রতিবাদ জনাই পদত্যাগ-পত্ৰ সভাপতি আৰু সম্পাদকক প্রদান কৰে। কিন্তু উক্ত পদত্যাগ প্রত্যাহাৰ কৰাৰ বাবে পৰিষদে দুয়ােগৰাকী নেতাক অহা ৩০ জুনলৈকে সময়সীমা নির্ধাৰণ কৰি দিয়ে। কিন্তু শীর্ষ নেতৃত্বই সংগঠনটোৰ সাংবিধানিকভাৱে সময়ােপযােগী সিদ্ধান্ত লােৱাত ব্যর্থ হােৱা বাবে ক্ষুব্ধ উক্ত নেতাদ্বয়ে পদত্যাগ প্রত্যাহাৰ নকৰাটো নিশ্চিত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে তিনিওগৰাকী পদত্যাগী নেতাৰ ঘৰ ৰঙিয়াত। ১৯৮৫ চনত পৰিষদৰ ৰঙিয়া আঞ্চলিক সমিতিত যােগদান কৰাৰ পিছৰ পৰাই বিভিন্ন ঘাত-প্রতিঘাত আৰু সংগ্ৰামৰ মাজেদি আন্তৰিকতা আৰু দায়িত্বশীলভাৱে সেৱা আগবঢ়াই অহা উপাধ্যায়ৰ সাংস্কৃতিক ক্ষেত্ৰখনতাে এক সুনাম আছে। অসমীয়া চিনেমা আৰু মঞ্চত বলিষ্ঠ অভিনয় কৰি দৰ্শকক মন্ত্রমুগ্ধ কৰি অহা এইগৰাকী নেতা পেছাত এগৰাকী গেলামাল দোকানী। এনে এগৰাকী নিষ্ঠাৱান জনপ্রিয় নেতা ওলাই অহাটো পৰিষদৰ বাবে এক মােক্ষম আঘাতৰূপে বিবেচিত হৈছে। ইতিমধ্যে পৰিষদৰ আৰু অধিক নেতা-কর্মীয়ে উক্ত ঘটনাত ক্ষুব্ধ হৈ পদত্যাগ কৰিব বুলি সূত্ৰটোত প্ৰকাশ। পৰৱর্তী সময়ত পদত্যাগী নেতা কেইগৰাকীয়ে অন্য দলত যােগদান কৰাৰ সম্ভাৱনা থকা বুলি সূত্ৰটোত প্রকাশ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি