Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:10 am

Home » আঞ্চলিক » এন আৰ চিত নাম বাদ পৰিব সর্বাধিক ৫০ হাজাৰ : হাজেলাৰ শেহতীয়া স্থিতিক লৈ ৰহস্য

এন আৰ চিত নাম বাদ পৰিব সর্বাধিক ৫০ হাজাৰ : হাজেলাৰ শেহতীয়া স্থিতিক লৈ ৰহস্য

ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রতীক হাজেলাৰ তাৎপর্যপূর্ণ মন্তব্য :

গুৱাহাটী : ৰাজ্যত লাখ লাখ বাংলাদেশীয়ে আশ্রয় গ্ৰহণ কৰি আছে বুলি আছুকে ধৰি বিভিন্ন দল-সংগঠনে দাবী কৰি অহাৰ। সময়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয় প্রতীক হাজেলাইউক্ত দাবীক নস্যাৎ কৰি তাৎপর্যপূর্ণ মন্তব্য কৰিছে। অসম আৰু অসমীয়াৰ সুৰক্ষাৰ দলিল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ চমুকৈ এন আৰ চিত সর্বাধিক ৫০ হাজাৰ লােকৰ নাম বাদ পৰিব। কিন্তু এই বাদ পৰা লােকসকলৰ এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে আন এটা বিশেষ সুবিধা লাভ কৰিব। এই মন্তব্য এন আৰ চিৰ ৰাজ্যিক সমন্বয় প্রতীক হাজেলাৰ।
ৰাষ্ট্রীয় সংবাদ পত্র ‘দ্য হিন্দু’ৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ মন্তব্যৰ উদ্ধৃতি দি এই তথ্য প্রকাশ পাইছে। ‘দ্য হিন্দু’ৰ সাংবাদিকৰ সন্মুখত প্রতীক হাজেলাই এই বুলিও উল্লেখ কৰিছে যে— এন আৰ চিৰ পৰা কিমান মানুহৰ নাম কর্তন হ’ব সেয়া এই মুহূর্তত মন্তব্য দিয়া কঠিন যদিও সর্বাধিক ৫০ হাজাৰ লােকৰ নাম বাদ পৰাৰ আশংকা আছে। যিসকল লােকৰ নাম এন আৰ চিৰ পৰা বাদ পৰে সেইসকলে পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণৰ সুযােগ লাভ কৰিব। এন আৰ চি সন্দৰ্ভত সৃষ্টি হােৱা আতংকক লৈ হাজেলাই এই বুলিও মন্তব্য কৰে যে অসমবাসী ৰাইজে অযথা আতংক হােৱাৰ কোনাে কাৰণ নাই।
মন কৰিবলগীয়া যে অসমত ৫০ লাখতকৈ অধিক বাংলাদেশী লােক আছে বুলি বিভিন্ন সময়ত আছুকে ধৰি বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰি অহাৰ সময়তে এন আৰ চিত সর্বাধিক ৫০ হাজাৰ লােকৰ নাম বাদ পৰাৰ তথ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সন্মুখত দিয়া সাক্ষাৎকাৰে দল-সংগঠনৰ প্ৰকৃত চৰিত্ৰটোক উন্মােচিত কৰিছে। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাবধানত চলি থকা এন আৰ চিৰ কাম সম্পূৰ্ণৰূপে চোৱাচিতা কৰি আছে প্রতীক হাজেলাই। এন আৰ চিত কিমানসংখ্যক ভাৰতীয় লােকৰ নাম অন্তর্ভুক্ত হ’ব আৰু কিমানসংখ্যক বিদেশী চিনাক্তকৰণ হ’ব সেয়া এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পােৱাৰ পিছতেই স্পষ্ট হ’ব। তেনেস্থলত প্রতীক হাজেলাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত সর্বাধিক ৫০ হাজাৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব বুলি কৰা মন্তব্যই প্রতিক্রিয়াৰ সৃষ্টি হৈছে।
এইক্ষেত্ৰত বিভিন্ন দল-সংগঠনৰ দাবীসমূহ এক প্রকাৰ মিছা বুলি প্রমাণিত হৈছে। দীর্ঘ বছৰ ধৰি ৰাজ্যত বিদেশী সমস্যাক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰি আহিছিল। ৰাজ্যত কিমান বিদেশী আছে সেয়া স্পষ্ট তথ্য প্রকাশ নােহােৱা সত্ত্বেও বিভিন্ন দল-সংগঠনৰ মতামত বেলেগ বেলেগ। কোনােবাই ঘােষণা কৰিছে ৰাজ্যত ৫০ লাখ বাংলাদেশী আছে আৰু কোনােবাই মন্তব্য কৰিছে এক কোটি। তেনেস্থলত দল-সংগঠনৰ মন্তব্য সত্য নে প্রতীক হাজেলাৰ মন্তব্য সত্য তাক লৈয়ো প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কিয়নাে এন আৰ চি প্রকাশ হােৱাৰ পিছতেই বিদেশীৰ সংখ্যা স্পষ্ট হ’ব। এন আৰ চিৰ দায়িত্বত থকা প্রতীক হাজেলাই নিশ্চয় বিদেশীৰ কিছু আভাস পাই এই তথ্য ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰিছে বুলি একাংশই আশংকা ব্যক্ত কৰিছে।
যি কি নহওক প্রতীক হাজেলাৰ মন্তব্যই বিভিন্ন দল সংগঠনৰ মিথ্যাচাৰৰ মুখাটো খুলি দিছে। আনহাতে, হাজেলাৰ এই মন্তব্যক লৈও ৰহস্য ঘনীভূত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে প্রতীক হাজোলাই জাৰি কৰা ২ মে’ৰ নির্দেশনা বাহাল ৰাখিছে। হাজেলাই ২ মে’ত নির্দেশনা জাৰি কৰি ‘ডি’ ভােটাৰ অথবা বিদেশী ঘােষিত পৰিয়ালৰ নাম এন আৰ চিৰ পৰা স্থগিত ৰখাৰ নির্দেশ দিছে। উক্ত নির্দেশনা অনুসৰি প্রায় ২০ লাখ লােকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা সম্ভাৱনা আছে।
উল্লেখ্য যে ইতিমধ্যে ৯২ হাজাৰ লােক বিদেশী বুলি ঘােষিত হৈছে। আনহাতে, ১,৪৮,০০০ লোেক ডি ভােটাৰ হিচাপে বিদেশী ন্যায়াধিকৰণত বিচাৰ চলি আছে। প্রতীক হাজেলাৰ ২ মে’ নির্দেশনা অনুসৰি উল্লেখিত ডি ভােটাৰ আৰু বিদেশী ঘােষিত পৰিয়ালৰ প্রায় ২০ লাখ লােকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তেনেস্থলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সন্মুখত প্রতীক হাজেলাই এন আৰ চিৰ পৰা সর্বাধিক ৫০ হাজাৰ লােকৰ নাম বাদ পৰিব বুলি কৰা মন্তব্যই শেহতীয়াকৈ বিভ্রান্তিৰ সৃষ্টি কৰিছে।
মন কৰিবলগীয়া অসমৰ এন আৰ চিৰ প্ৰসংগ ইতিমধ্যে ৰাষ্ট্ৰসংঘ পাইছে গৈ। এন আৰ চিক লৈ চলা ষড়যন্ত্র আৰু লাখ লাখ লােকৰ নাম বাদ পৰাৰ আশংকা ব্যক্ত কৰি ইতিমধ্যে ৰাষ্ট্ৰসংঘই কেন্দ্রীয় চৰকাৰলৈ এক পত্র প্ৰেৰণ কৰিছে। মূলতঃ অসমৰ এন আৰ চিৰ প্ৰসংগই বিশেষভাবে স্থান লাভ কৰিছে ৰাষ্ট্ৰসংঘত। এন আৰ চি প্রকাশ পােৱাৰ পিছতেই নাম বাদ পৰা লাখ লাখ লােক ক’ত যাব সেই সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰিছিল ৰাষ্ট্ৰসংঘই। তেনেস্থলত ৰাষ্ট্ৰসংঘৰ পৰাই কেন্দ্রীয় গৃহ মন্ত্রণালয়ত জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে প্রতীক হাজেলাই হঠাৎ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে এন আৰ চিৰ পৰা সর্বাধিক ৫০ হাজাৰ লােকৰ নাম বাদ পৰে বুলি কৰা মন্তব্যই তাৎপর্য বহন কৰিছে। হাজেলাৰ মন্তব্যত এক ৰহস্য জড়িত হৈ আছে বুলিও একাংশই অভিযােগ কৰে। আনহাতে, বিগত সময়ত অসমৰ সংবাদ মাধ্যমৰ সন্মুখতাে প্রতীক হাজেলাই কেইবা লাখ লােকৰ নাম বাদ পৰিব বুলি আশংকা ব্যক্ত কৰি মন্তব্য প্রকাশ কৰিছিল। তেনেস্থলত হঠাৎ প্রতীক হাজেলাই সুৰ সলনি কৰি এনেদৰে কৰা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে ৰাজ্যৰ বিজেপি মিত্রজোট চৰকাৰৰ একাংশ বিধায়কে বিভিন্ন সময়ত মন্তব্য কৰি আহিছে যে অসমত ৮০ লাখ বাংলাদেশী আছে। মূলতঃ দাড়ি অথবা লুংগী দেখিলেই এইসকলক বাংলাদেশীৰ ভূতে খেলে। প্রতীক হাজেলাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্যই একপ্ৰকাৰ দল-সংগঠনৰ লগতে শাসকীয় দলৰ বিধায়কসকলৰ মুখতাে এক তামাচা বুলি সকলােৱে অভিহিত কৰিছে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলা সত্য নে ৰাজ্যৰ দল-সংগঠন সত্য সেয়া এন আৰ চি প্রকাশ পিছতে স্পষ্ট হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি