Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:49 pm

Home » ক্ৰীড়া » এছিয়ান গেমছত ভাৰতীয় বেডমিন্টন দলত অসমৰ অস্মিতা

এছিয়ান গেমছত ভাৰতীয় বেডমিন্টন দলত অসমৰ অস্মিতা

গুৱাহাটী : সমাগত এছিয়ান গেমছৰ বাবে ঘােষিত ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ প্ৰতি ভাৱান শ্বাট লাৰ অস্মিতা চলিহাই। শেহতীয়াকৈ ভাৰতীয় বেডমিন্টন দলত অসমৰ অস্মিতা হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপত স্বর্ণপদক জয়ৰ সূত্রে ১৯ বর্ষীয় শ্বাটলাৰগৰাকীয়ে।
বুধবাৰে ঘােষিত ২০জনীয়া ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে সুদীর্ঘ ৩২ বছৰৰ বিৰতিত তেওঁ অসমৰ প্ৰথমগৰাকী বেডমিন্টন খেলুৱৈ হিচাপে এছিয়ান গেমছত দর্শক প্রতিনিধিত্ব কৰিব। ইয়াৰ পূর্বে অসমৰ মল্লিকা বৰুৱাই ভাৰতীয় বেডমিন্টন দলৰ হৈ এছিয়ান গেমছত খেলাৰ সৌভাগ্য অর্জন কৰিছিল।
১৯৯৯ৰ ১৮ অক্টোবৰত গুৱাহাটীত জন্মলাভ কৰা অস্মিতাই বিগত প্রায় এটা বছৰত কেইবাখনাে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতা উন্নত প্রদর্শনেৰে দেশৰ ক্ৰীড়া মহলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। চলিত বৰ্ষত দ্বাদশ শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ। শ্বাটলাৰগৰাকীয়ে ২০১৭ত ইণ্ডোনেছিয়াত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন চেম্পিয়নশ্বিপতাে ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছিল।
মন কৰিবলগীয়া যে ছাইনা নেহৱাল, পি ভি সিন্ধু আৰু উত্তেজিতা ৰাওৰ পিছত অসমৰ অস্মিতা হ’ল এছিয়ান গেমছত দেশক প্রতিনিধিত্ব কৰাৰ সুযােগ লাভ কৰা দেশৰ চতুর্থ কনিষ্ঠ খেলুৱৈ। উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন সন্থাই ঘােষণা কৰা পুৰুষ দলটোক কিদাম্বি শ্রীকান্ত আৰু এইচ এছ প্রণয়ে নেতৃত্ব দিব।
একেদৰে মহিলা দলটোৰ নেতৃত্বত থাকিব বিশ্বৰ তৃতীয় স্থানপ্রাপ্ত তাৰকা শ্বাটলাৰ পি ভি সিন্ধু আৰু দশম স্থানপ্রাপ্ত ছাইনা নেহৱাল। ইফালে, চীনত ৩০ জুলাই-৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ সুযােগ পাইছে অসমৰ নিংছি ব্লক হাজৰিকাই। ডিব্ৰুগড়ৰ শ্বাটলাৰগৰাকীয়ে প্রতিযােগিতাখনৰ মহিলা ডাবলছ ইভেণ্টত প্রতিদ্বন্দ্বিতা আগবঢ়াব।
একেদৰে জাকার্টাত ১৪-২২ জুলাইত অনুষ্ঠিত হ’বলগীয়া বেডমিণ্টন এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে ঘােষিত ভাৰতীয় দলটোত এগৰাকী অসম সন্তানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় বেডমিণ্টন সন্থাই ঘােষণা কৰা দলটোত স্থান লাভ কৰা খেলুৱৈগৰাকী হ’ল প্রতিভাৱান শ্বাটলাৰ অৰিজিৎ চলিহা। ভাৰতীয় দললৈ নির্বাচিত খেলৱৈসকলক বাইৰ সভাপতি ড° হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি