Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:54 pm

Home » আঞ্চলিক » লিডু-মাৰ্ঘেৰিটাত মৰণফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ নাওঁ চলাই কঠিয়া ৰুই যুৱছাত্ৰৰ অভিনৱ প্ৰতিবাদ

লিডু-মাৰ্ঘেৰিটাত মৰণফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ নাওঁ চলাই কঠিয়া ৰুই যুৱছাত্ৰৰ অভিনৱ প্ৰতিবাদ

লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেখি আপোনাৰ চকু কপালত উঠিব। সংবাদ মাধ্যমত বহুবাৰ বাতৰি সম্প্ৰচাৰিত হৈছে যদিও আজিলৈকে কোনো গুৰুত্ব দিয়া নাই মন্ত্ৰী হিমন্তৰ গড়কাপ্তানী বিভাগে। এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত আছে স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ লগতে অসম চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগটো৷ মন্ত্ৰী -বিধায়কৰ অমনোযোগীতাৰ ফলস্বৰুপে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাতৰ৷ বিশেষকৈ বৰগোলাই, লিডু, টিৰাপ আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ অধিকাংশ সম্প্ৰতি বিধ্বস্ত হৈ পৰাত চুড়ান্ত অসুবিধাৰ সন্মূখীন হব লগা হৈছে সাধাৰন ৰাইজ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰযোটৰ চৰকাৰৰ কাৰ্যকালত স্থানীয় বিধায়ক সকলৰ নিৰ্বাচনী প্রতিশ্রুতিবোৰ যে বৰ্তমান সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছে সেই কথা এতিয়া বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ ব্লক তিনিআলীৰ পৰা টিৰাপ কলিয়ৰীলৈ বুলি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা পৰিভ্ৰমন কৰিলেই জলজল পটপট হৈ পৰিব৷
ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থাই চাইকেল, ৰিক্সা, দুচকীয়া তথা চাৰিচকীয়া যানবাহন সমূহ চলাচল কৰাত চু়ড়ান্ত অসুবিধাৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন জনে বাহনৰ ভাৰসাম্য হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ হব লগীয়া হৈছে৷ ইয়াৰ পিছতো কিন্তু গড়কাপ্টানী বিভাগৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই পথছোৱাৰ মেৰামতিৰ নামত কোনো ধৰনৰ পদক্ষেপ আজিকুপতি গ্ৰহন নকৰিলে৷ যাৰ পৰিপেক্ষিতত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ৰাষ্ট্ৰীয় পথছোৱা শীঘ্ৰেই মেৰামতি কৰাৰ দাবীত টিৰাপ কলীয়ৰীৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে৷ প্ৰায় এক শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰত্যেকেই বিজেপি মুৰ্দাবাদ, ভাষ্কৰ শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমাৰ দাবী মানি লওক আদি বিভিন্ন শ্লগানেৰে আকাশ বতাহ মুখৰিত কৰি তুলে৷ টিৰাপ কলিয়ৰীৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত নাওঁ চলাই, কঠিয়া ৰুই, ৰাষ্ট্ৰীয় ঘাই পথছোৱা বহু সময়ধৰি অৱৰোধ কৰি ৰখাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ অভিনয়ৰে বৰ্তমান চৰকাৰৰ তথাকথিত আশ্বাসৰ নমুনা দাঙি ধৰি চৰকাৰ খনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰা দেখা যায়৷
প্ৰায় ১ঘন্টা ধৰি চলা এই কাৰ্যসূচীয়ে এলেকাটোত বহু যান বাহন পথৰ কাষতেই আৱদ্ধ হৈ পৰা পৰিলক্ষিত হয়৷ অৱশেষত স্থানীয় আৰক্ষী প্ৰশাসন প্ৰতিবাদস্থলীত উপস্থিত হোৱাত এক আলোচনাৰ মাধ্যমেৰে সংগঠনটোৱে নিজৰ প্ৰতিবাদ উঠাই লবলৈ বাধ্য হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি