Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:23 am

Home » আঞ্চলিক » বাঘবৰৰ বিধায়ক শ্বেৰ্মনৰ সমষ্টিত ব্যাপক দুর্নীতি : তদন্ত আৰম্ভ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ

বাঘবৰৰ বিধায়ক শ্বেৰ্মনৰ সমষ্টিত ব্যাপক দুর্নীতি : তদন্ত আৰম্ভ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ


তদন্ত প্রক্রিয়াত বিভিন্ন ধৰণে বাধা দিয়াৰ অপচেষ্টা বিধায়ক ঘনিষ্ঠৰ

বাঘবৰ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বিধায়ক উন্নয়ন পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযােগ উত্থাপিত হৈছে। ৰাজহুৱা অভিযােগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে বাঘবৰ সমষ্টিৰ বিভিন্ন প্রান্তত চৰজমিন তদন্ত আৰম্ভ কৰিছে। মুখ্যমন্ত্রী তদাৰকী কোষৰ উপআৰক্ষী অধীক্ষক পৰেশ দাসৰ নেতৃত্বত অহা দলটিয়ে সমষ্টিটোৰ বিভিন্ন প্রান্তত উপস্থিত হৈ পথ নির্মাণৰ নামত সংঘটিত বিয়াগােম কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে। সমষ্টিটোৰ বিভিন্ন এলেকাৰ মুঠ চৈধ্যটা পথৰ মাটি পূৰণৰ কামৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটিয়ে।
উল্লেখ্য, এই পথকেইটাত মাটি পেলােৱাৰ নামত ইতিমধ্যে বিধায়ক উন্নয়ন পুঁজিৰ পৰা প্রায় ৬৫ লাখ টকা সৰকাই নিয়া হৈছে। অভিযােগ অনুসৰি, ধন আত্মসাৎ কৰাৰ অভিসন্ধিৰে গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিৰ ধনেৰে নির্মিত চৈধ্যটা মাটিৰ ৰাস্তা পুনৰ ২০১৬-১৭ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজি আঁচনিত অন্তর্ভুক্ত কৰে বিধায়ক শ্বেৰমান আলী আহমেদে। পূৰ্বতে নির্মাণ হৈ থকা ৰাস্তাকেইটা বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ হােৱা দেখুৱাই বিধায়ক শ্বেৰমান আলীৰ ঘনিষ্ঠ একাংশই প্রায় ৬৫ লাখ টকা আত্মসাৎ কৰা বুলি অভিযােগ উত্থাপিত হৈছে।
এনেদৰে কাম নকৰাকৈ ধন সৰকাই নিয়াৰ ঘটনা পােহৰলৈ অহাৰ পিছত মন্দিয়া অঞ্চলত চাৰিজন যুৱকে দিয়া অভিযােগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত আৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দলটোৱে বাঘবৰ সমষ্টিৰ সত্ৰকনৰা ১৫ নম্বৰ ছিট, ৰাজীৱ নগৰ, আগমন্দিয়া আৰু চাছৰা গাঁৱত সোমবাৰৰ পৰা আজিলৈকে চৰজমিন তদন্ত চলাই আছে। ইপিনে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দলটোৱে চৰজমিন তদন্ত চলাই থকাৰ সময়ত বিধায়ক শেৰমান আলীৰ ঘনিষ্ঠসকলে তদন্ত প্রক্রিয়াত বিভিন্ন ধৰণে বাধা দিয়া বুলিও অভিযােগ উত্থাপিত হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি