সমগ্ৰ বিশ্ব ফুটবল জ্বৰত আক্ৰান্ত হোৱাৰ সময়তে ফুটবল মহাৰণত নামিল নগাঁৱৰ ৰাইডঙীয়াৰ একাংশ মহিলা। চাদৰ মেখেলা পিন্ধি খেলপথাৰত মহিলাৰ দুভৰিৰ যাদু। ৰাইডঙীয়াৰ কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত আৰ্জেণ্টিনা আৰু ব্ৰাজিল দলৰ নাম লৈ খেলপথাৰত নামিল অঞ্চলটোৰ মহিলাসকল।