Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:22 pm

Home » Uncategorized » কাৰ নেতৃত্বত চলিছে তীৰ-জুৱাৰ ৰমৰমীয়া বেহা : তামৰহাটত আটক ৩

কাৰ নেতৃত্বত চলিছে তীৰ-জুৱাৰ ৰমৰমীয়া বেহা : তামৰহাটত আটক ৩


তামাৰহাট : ধুবুৰী জিলাৰ বিভিন্ন স্থানত অসামাজিক কাম-কাজ দিনক দিনে বৃদ্ধি পোৱাৰ লগতে সমান্তৰাল কৈ তামাৰহাট অঞ্চলতো ব্যাপক হাৰত বৃদ্ধি পাইছে অবৈধ তীৰ, জুৱাৰ ৰমৰমীয়া বেহা। একাংশ তীৰ মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি দীর্ঘদিনৰে পৰা তীৰ-জুৱাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। এই তীৰ জুৱাৰ অবৈধ বেহাৰ ফলত অঞ্চলটোত আৰ্থ-সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে। তীৰ খেলৰ প্ৰতি আকৃষ্ট হৈ বহু ব্যাক্তিয়ে আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে।
আচলতে কাৰ নেতৃত্বত চলিছে এই তীৰ খেল সেয়া কিন্তু ৰহস্যৰ আবৰ্তত। আৰক্ষী প্ৰশাসনেও বন্ধ কৰিব পৰা নাই এই মাফিয়া চক্ৰটোৱে চলাই অহা অবৈধ বেহা। তীৰ মাফিয়াৰ দপ-দপনিত তামাৰহাটৰ একাংশ সচেতন মহলে অতিষ্ঠ হৈ পৰিছে। কিন্তু একো ব্যৱস্হা ল’ব পৰা নাই আৰক্ষী প্ৰশাসন৷ এই তীৰ খেলে তামাৰহাট অঞ্চলৰ হাতীধূৰা, খৰখৰী, বাসন্তিপুৰ, আদি কৰি বিভিন্ন ভিতৰুৱা অঞ্চলত তীৰৰ এজেন্টসকলে আৰক্ষীৰ চকুত ধুলি দি তীৰৰ টিকট বিক্ৰী কৰে।
আনহাতে জানিব পৰা মতে, তামাৰহাট আৰক্ষীয়ে এক গোপন সূত্ৰে খবৰ পাই তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবৰাজ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে দিনৰ ভাগত তামাৰহাট বজাৰত অভিযান চলাই দীপংকৰ সাহা, চুলতান আলী শ্বেখে আৰু জীৱন সাহা নামৰ তামাৰহাটৰ তিনি তীৰ খেলৰ এজেন্টক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুবক তিনিজনৰ লগত এটাকৈ মোবাইল, জিয়ো ৱাই ফাই, মোটা অংকৰ টকা আৰু বহুতো আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু প্ৰকৃতাৰ্থে কাৰ নেতৃত্বত চলিছে এই তীৰ জুৱাৰ ৰমৰমীয়া বেহা সেয়া আৰক্ষীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হবনে ? এয়াই কিন্তু এতিয়া সচেতন মহলৰ মাজত এক ডাঙৰ প্ৰশ্ন। তিনিও যুবকক আৰক্ষীয়ে ১৪৮/১৮ নম্বৰৰ গোচৰ ৰুজু কৰি Assam Game & Betting Act.1970 ধাৰামতে তিনিওকে ধুবুৰী জেললৈ প্ৰেৰণ কৰে।
ইপিনে এক গোপন সূত্ৰে জানিব পৰা মতে বৰ্তমানো কাচাৰিগাঁও, খৰখৰি, বাসন্তীপূৰ, হাতীধুৰা, আদি বজাৰত ব্যাপক হাৰত এই তীৰ জুৱা খেল চলি আছে। এই ঠাইত চলি থকা তীৰ জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াই হ’ব লক্ষণীয় বিষয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি