Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 3:24 am

Home » আঞ্চলিক » আন্তর্জাতিক নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰােধী দিৱস উদযাপন

আন্তর্জাতিক নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰােধী দিৱস উদযাপন

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস পালন : শিক্ষাৰ্থীসকলে নিচা জাতীয় সামগ্ৰী সেৱন কৰাৰ বিৰুদ্ধে প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান

কোকৰাঝাৰ/গুৱাহাটী : আজি ২৬ জুন৷ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস। এই দিনটো আজি বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা দৰেই বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰতো পালন কৰিছে জিলা আৰক্ষী-প্ৰশাসনে। কোকৰাঝাৰ সদৰ চহৰস্থিত আৰক্ষী থানাৰ চৌহদৰ পৰা উলিয়াই এটি সজাগতামূলক সমদল। সজাগতামুলক সমদলটি আৰক্ষীৰ পতাকা জোকাৰি উদ্ধোধন কৰি দিয়ে উপ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, সহযোগি আৰক্ষী অধীক্ষক (নিৰাপত্তা) কমল কুমাৰ গুপ্তাই।
কোকৰাঝাৰৰ সকলো আৰক্ষী জোৱানৰ লগতে আৰ এন বি অসামৰিক চিকিৎসালয়ৰ বহু সংখ্যক নাৰ্চেও হাতে হাতে নিচা জাতীয় দ্ৰব্য সেৱন কৰা পৰা দূৰত থাকক, নিচা এৰক নিৰোগী হঁওক আদি শ্লোগানৰ ফেষ্টুন, বেনাৰ, প্লেকাৰ্ড লৈ উলিওৱা সমদল থানা প্ৰাংগনৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ চহৰৰ হষ্পিতাল ৰোড, জে ডি ৰোড পথেৰে চহৰখন পৰিক্ৰমণ কৰি পুনৰ আৰম্ভণিস্থানতে অন্ত পৰে৷
সমদলত অংশগ্ৰহণ কৰি সহযোগি আৰক্ষী অধীক্ষক(নিৰাপত্তা) কমল কুমাৰ গুপ্তাই কয় যে— নিচা জাতীয় সামগ্ৰী সেৱন কৰাৰ বিৰোধীতা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ সৈতে সকলো ৰাইজে সহযোগিতা আগবঢ়াব লাগিব। অৱশ্যে নিচা সেৱন কৰাৰ কোনো অভিযোগ কোকৰাঝাৰ আৰক্ষীয়ে বৰ্তমান লাভ কৰা নাই বুলি জনাই। আনহাতে চহৰৰ কিছুমান ঠাইত বিশেষকৈ কলেজীয়া শিক্ষাৰ্থী সকলে কলেজত অহাৰ নামতে চিগাৰেট, চাদা আদিৰ বাহিৰে একাংশ যুৱকে ডেন্দ্ৰাইট আদিৰ নিচা জাতীয় সামগ্ৰী সেৱন কৰা দেখা যায়।

নিচাযুক্ত দ্রব্য ৰােধ কৰাৰ ওপৰত মন্ত্রী প্রমীলা ৰাণী ব্ৰহ্মৰ গুৰুত্ব আৰােপ

সমাজৰ পৰা নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহৰােধ কৰাৰ ওপৰত সমাজ কল্যাণ মন্ত্রী প্রমীলা ৰাণী ব্ৰহ্মই গুৰুত্ব আৰােপ কৰি এই ক্ষেত্ৰত গণমাধ্যমকে ধৰি সমাজৰ সকলাে স্তৰৰ লােকৰ পূর্ণ সহযােগিতা আহ্বান কৰিছে। আজি আন্তর্জাতিক নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰােধী দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত সমাজ কল্যাণ বিভাগৰ দ্বাৰা উদ্যাপন কৰাঅনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্রীগৰাকীয়ে এইদৰে কয়। তেওঁ ভাষণ প্রসংগত আশা ব্যক্ত কৰি কয় যে, স্কুল পর্যায়ৰ পৰাই যােগ শিক্ষাৰ লগতে অন্যান্য নীতিশিক্ষামূলক পাঠদান সংযােজন কৰি এই সামাজিক ব্যাধি ৰােধ কৰিব পৰা যাব।
অনুষ্ঠানত অংশ গ্রহণ কৰি বিশিষ্ট মনােৰােগ বিশেষজ্ঞ ডা’ জয়ন্ত দাসে কয় যে, নিচাযুক্ত দ্রব্যৰ পৰা সৃষ্টি হব পৰা সমস্যাৰ বিষয়ে সকলােকে সজাগ কৰি মানসিকভাৱে সৱল কৰি তুলিব পাৰিলেহে সমাজৰ পৰা মাদক দ্রব্য সেৱন তথা অবৈধ সৰবৰাহৰ পৰা সৃষ্টি হােৱা সমস্যা সমূহ দূৰ কৰিব পৰা যাব। অনুষ্ঠানত ভাষণ দি আন এগৰাকী অগ্রণীমনােৰােগ বিশেষজ্ঞ ডা’ চিৰঞ্জীৱ কাকতিয়ে নিচাযুক্ত দ্রব্য সেৱনেই হৈছে ক্রমাগতভাৱে বৃদ্ধি হােৱা দুর্ঘটনা আৰু অন্যান্য সমাজ বিৰােধী ঘটনাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰি তেওঁ মাদক দ্রব্যৰ সামাজিক বৈধতা দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।
প্রতিদিন টাইমচ চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই অনুষ্ঠানত অংশ গ্রহণ কৰি কয় যে, নিচাযুক্ত দ্রব্য বিৰােধী দিৱসটোৰ তাৎপর্য হৃদয়ংগম কৰিবলৈ প্রাথমিক পর্যায়ৰ পৰাই এই বিষয়সমূহ পাঠ্যক্ৰমত অন্তর্ভূক্ত কৰাটো নিত্যান্ত প্রয়ােজন। এই ক্ষেত্ৰত সজাগতামূলক পদক্ষেপৰ বাবে টেলিভিছন চেনেল সমূহেও সহযােগিতা আগবঢ়োৱাতাে প্রয়ােজন বুলি শইকীয়াই মন্তব্য কৰে।
অনুষ্ঠানত অংশগ্রহণ কৰি সমাজ কল্যাণ বিভাগৰ সচিব এচ, এচ, মিনাক্ষী সুন্দৰমে আদৰণি ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন গুৰুত্বপূর্ণ আলােচনা চক্র আয়ােজন কৰে য’ত বহুকেইজন বিশেষজ্ঞ, এনজিঅ’ৰ প্রতিনিধি, নিচাসক্ত লােকৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে।এই দিৱসৰ তাৎপর্য আৰু নিচাযুক্ত দ্রব্যৰ প্রতি সজাগতা সৃষ্টি কৰাৰ উদ্যেশ্যে পুৱাভাগত বিভিন্ন এনজিঅ’ৰ দ্বাৰা বাটৰ নাট প্রদর্শন কৰে আৰু নাৰ্কতিক কন্ট্রোল ব্যুৰােৰদ্বাৰা এক সজাগতামূলক শােভাযাত্রাৰ আয়ােজন কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি