Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:20 am

Home » আঞ্চলিক » অবড়ো সুৰক্ষা সমিতিৰ সভাপতি আব্দুৰ ৰশিদ ভূঞাৰ দেহাৱসান

অবড়ো সুৰক্ষা সমিতিৰ সভাপতি আব্দুৰ ৰশিদ ভূঞাৰ দেহাৱসান

গোসাঁইগাঁও : যোৱা লোকসভা নিৰ্বাচনত বিটিচিত বিশেষ ভূমিকা গ্ৰহণ কৰা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি আব্দুৰ ৰশিদ ভূঞা দেওবাৰে ৰাতি ১১.৩০ বজাত ইহসংহাৰ ত্যাগ কৰে।কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সদৰ চহৰৰ সংলগ্ন পদ্মবিলৰ কৰিমবজাৰৰ নিৱাসী ভূঞা ৫৮৪ নং হাঁচৰাওবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল৷
মহকুমাখনৰ এগৰাকী বিশিষ্ঠ সমাজ সেৱক, সমাজ সংস্কাৰক তথা বিটিএডিত বসবাস কৰা অবড়ো ৰাইজৰ স্বাৰ্থত মাত মাতি যোৱা মহান ব্যক্তিজনৰ মৃত্যুৎ সমগ্ৰ মহকুমাত গভীৰ শোঁকৰ ছাঁ পৰিছে৷
জানিব পৰামতে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে বিশ্বকাপ ফুটবল মেচ চাই থাকোতে ভূঞাই হঠাৎ শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে৷ লগে লগে পৰিয়ালৰ লোকে তেওঁক গোসাইগাঁও হাব্ৰুবিলস্থিত আৰ এন বি চিকিৎসালয়ত লৈ যায়৷ কিন্তু অৱস্থা সংকটজনক দেখি চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ প্ৰেৰণ কৰে৷ চিকিৎসকৰ পৰামৰ্শ মতে অসুস্থ ভূঞাক ততাতৈয়াকৈ পশ্চিমবংগলৈ লৈ যোৱাৰ সময়তে আদবাটতে নিশা প্ৰায় ১১:৩০ বজাত তেওঁ মৃত্যুক আঁকোৱালি লয়৷
২২ জুলাই, ১৯৪৬ চনত জন্ম গ্ৰহন কৰা আব্দুৰ ৰশিদ ভুঞাই কৈশোৰকালৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ নিজকে সমাজ সেৱাত ব্ৰতী কৰি ৰাখিছিল৷ পিছত তেওঁ শিক্ষকৰ চাকৰি লাভ কৰি বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি অৱশেষত তেওঁ ৫৮৪ নম্বৰ হাচৰাওঁবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব লৈ সুকলমে সকলো দ্বায়িত্বভাৰ পালন কৰি ২০০৬ চনত তেওঁ অৱসৰ গ্ৰহন কৰে৷ সামাজিক সংগঠন জমিয়ত উলেমা হিন্দৰ গোসাইগাঁও জিলা সভাপতিৰ আসন শুৱনি কৰাৰ উপৰি বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত আব্দুৰ ৰশিদ ভুঞাই অবড়ো ৰাইজৰ স্বাৰ্থত অবড়ো সুৰক্ষা সমিতিত যোগদান কৰে৷
তেওঁৰ কৰ্মপন্থা, জ্ঞানৰ পৰিসৰ আৰু কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ প্ৰতি লক্ষ্য কৰি পৰৱৰ্তী সময়ত তেওঁক অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত অধিষ্টিত কৰা হয় আৰু মৃত্যুলৈকে তেওঁ সভাপতিৰ পদ শুৱনি কৰিছে৷ তেঁওৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সহশ্ৰাধিক লোক তেওঁৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ পত্নী, পাচঁ গৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সহ অসংখ্য আত্মীয়-স্বজন তথা গুণমুদ্ধক এৰি থৈ যোৱা বিশিষ্ঠ সমাজ সেৱকগৰাকীৰ জানাজা সোমবাৰে বিয়লি ১.৩০ নিজ গৃহত সম্পন্ন কৰা হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি