Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 2:10 am

Home » আঞ্চলিক » শুকমানাহ-মুন্সীপাৰা বালিকা প্রাথমিক বিদ্যালয়ৰ ভূমি বেদখল : চৰকাৰী নিয়মক অংগুষ্ঠ প্রদর্শন

শুকমানাহ-মুন্সীপাৰা বালিকা প্রাথমিক বিদ্যালয়ৰ ভূমি বেদখল : চৰকাৰী নিয়মক অংগুষ্ঠ প্রদর্শন

গুৱাহাটী : বৰপেটা জিলাৰ ভৱানীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৩১১ নং কাউৰপাৰা প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ বিৰুদ্ধে অনিয়মিতভাৱে বিদ্যালয়ৰ মাটি দখল কৰাৰ দৰে এক গুৰুতৰ অভিযােগ উত্থাপিত হৈছে। প্রাপ্ত অভিযােগ অনুসৰি ভৱানীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৩১১ নং কাউৰপাৰা প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক নুৰ হুছেইন খানে পূর্বতে ১৮৭৩ নং শুকমানাহ মুন্সীপাৰা বালিকা প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষক হিচাপে কৰ্মৰত আছিল। বিদ্যালয়খনত সম্প্রতি ভৱানীপুৰ মৌজাৰ শুকমানাহ গাঁৱৰ ৪৪৪ নং পাট্টাৰ ১৯৭ দাগৰ একঠা চাৰে তেৰ লেচা মাটিত অৱস্থিত।
উল্লেখ্য যে ১৯৯৯ চনত চৰকাৰীকৰণ কৰাৰ সময়ত মাটিৰ পৰিমান কম হােৱাত তদানীন্তন প্রধান শিক্ষক নুৰ হুছেইনৰ ৪৪৪ নং পাট্টাৰ ১৯৭ দাগত দুবিঘা মাটি দান হিচাপে বিদ্যালয়খনৰ নামত নামজাৰি কৰি বিদ্যালয়খন চৰকাৰীকৰণ কৰা হয়। বিদ্যালয়খনৰ নামত মাটিখিনি নামজাৰি কৰা হয় যদিও এই দুবিধা মাটি তেওৱেই বেদখল কৰি ভােগ কৰি থাকে। উক্ত ঘটনা স্থানীয় ৰাইজৰ দৃষ্টি গােচৰ হােৱাত এই বিষয়ে জিলাখনৰ উপায়ুক্তক এক অভিযােগ দাখিল কৰা হৈছিল। উক্ত অভিযােগৰ ভিত্তিত অতিৰিক্ত উপায়ুক্তই ঘটনাৰ তদন্তৰ বাবে চক্র বিষয়াক নির্দেশ দিছিল। কিন্তু ৰহস্যজনকভাৱে উক্ত নির্দেশৰ কোনাে প্রতিবেদন আজিলৈকে ৰাজহুৱা নহ’ল। ফলত বিদ্যালয়ৰ মাটি সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা হৈছিল যদিও উপায়ুক্তৰ কার্যালয়ে কোনাে সদুত্তৰ দিবলৈ সক্ষম হােৱা নাই৷ সেয়ে বিষয়টো লৈ ৰাজহ চক্ৰৰ কার্যালয়ত আবেদন কৰাত জোলােঙাৰ মেকুৰী ওলাই পৰে। কিয়নাে প্রধান শিক্ষক নুৰ হুছেইনে ৩১১নং কাউৰপাৰা প্রাথমিক বিদ্যালয়লৈ সলনি হােৱাৰ পিছত ১৮৭৩ নং শুকমানাহ মুন্সীপাৰা বালিকা প্রাথমিকবিদ্যালয়ৰ নামত থকা দুবিঘা মাটি অতি কৌশলেৰে পুনৰ নিজৰ নামত নামজাৰি কৰি লয়।
এই তথ্য পােহৰলৈ অহাত অঞ্চলটোত স্বাভাৱিকতেই তীব্র প্রতিক্রিয়াৰ সৃষ্টি হােৱাৰ লগতে উক্ত ঘটনাক লৈ স্থানীয় ৰাইজে বিভিন্ন বিভাগত অভিযােগ কৰাত দুই-এজনক মাৰি তেওঁ নিজেও আত্মহত্যা কৰিব বুলি বহুজনৰ আগত হুংকাৰ প্ৰদান কৰে।
আনহাতে এই সন্দৰ্ভত প্রধান শিক্ষক নুৰ হুছেইনৰ মন্তব্য জানিব বিচৰাত তেওঁ নিজৰ স্পষ্টীকৰণ হিচাপে তদানীন্তন খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হােৱা এক সাধাৰণ সভাৰ প্ৰস্তাৱমর্মে উক্ত দুই বিঘা মাটি পুনৰ তেওঁৰ নামত নামজাৰি কৰা হয় বুলি উল্লেখ কৰে। উক্ত সাধাৰণ সভাত এই দুই বিঘা মাটি দ’ ঠাইত অৱস্থিত আৰু বিদ্যালয় স্থাপনৰ বাবে অনুপযােগী বুলি অজুহাত দেখুওৱা হয় আৰু এই অজুহাতকেই গুৰুত্ব দি এনে বেআইনী সিদ্ধান্ত গ্রহণ কৰা হয়।
ফলত প্রশ্ন হয়, নিজৰ সাংগাে-পাংগােক লৈ অনুষ্ঠিত কৰা এখন সাধাৰণ সভাৰ জৰিয়তে প্রকৃতার্থত বিদ্যালয় প্রাধিকিকীৰণৰ আইন ভঙ্গ কৰিব পাৰেনে? যদি সচাকৈয়ে সেই মাটি বিদ্যালয় স্থাপনৰ বাবে অনুপযােগী তেন্তে তেনে মাটি কিয় ক্ৰয় কৰা হৈছিল? নে চৰকাৰক ফাঁকি দিয়াৰ উদ্দেশ্যে কেৱল বিদ্যালয়খন চৰকাৰীকৰণৰ লােভতেই এনে কাণ্ড সংঘটিত কৰা হৈছিল।
ইতিমধ্যে এই সমগ্র ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ শিক্ষামন্ত্রীলৈ এক লিখিত অভিযােগ দাখিল কৰা হৈছে। উক্ত অভিযােগ আৰু এই প্রতিবেদনৰ পিছত চৰকাৰী নীতি নিয়মক অংগুষ্ঠ প্রদর্শন কৰি বেআইনীভাৱে চৰকাৰী বিদ্যালয়ৰ মাটি নিজৰ নামত নামজাৰি কৰা প্রধান শিক্ষক নুৰ হুছেইনৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কেনে পদক্ষেপ গ্রহণ কৰে সেয়া অৱশ্যে লক্ষনীয় হ’ব।
মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ নির্দেশ মর্মে শুদ্ধভাৱে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ত পৰিয়ালসহ নিজৰ নাম অন্তর্ভূক্তি কৰাৰ বাবে প্রধান শিক্ষক নুৰ হুছেইনে জমা দিয়া নথি-পত্ৰৰ ক্ষেত্ৰত খেলিমেলি কৰাৰ অভিযােগ পােৱা গৈছে। অৱশ্যে এই সন্দৰ্ভত পৰৱর্তী প্রতিবেদনত বিস্তাৰিতভাৱে প্ৰকাশ কৰা হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি