Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 12:27 pm

Home » আঞ্চলিক » যুৱ কংগ্ৰেছৰ নির্বাচনক লৈ লবী ৰাজনীতিত ৩ ভাগত বিভক্ত কংগ্রেছ

যুৱ কংগ্ৰেছৰ নির্বাচনক লৈ লবী ৰাজনীতিত ৩ ভাগত বিভক্ত কংগ্রেছ


গুৱাহাটী : অসম প্রদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নির্বাচনক কেন্দ্ৰ কৰি এতিয়া তুংগত উঠিছে লবীকেন্দ্রিক ৰাজনীতি। আজিৰে পৰা ভােটগ্রহণ আৰম্ভ হােৱা যুৱ কংগ্ৰেছৰ নির্বাচনত পছৰ প্রার্থী বিজয়ী কৰাবলৈ যুদ্ধংদেহি তৎপৰতা চলাইছে বিৰােধী দলটোৰ একাংশ শীর্ষ নেতাই।
উল্লেখযােগ্য যে আজি ৰাজ্যৰ ২৪ খন জিলাৰ ৩৫ টা বিধানসভা সমষ্টিত প্রথম পর্যায়ৰ ভােটগ্রহণ অনুষ্ঠিত হয়। কাইলৈ ৪০ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ ভােটগ্রহণ। কাইলৈ ভােটগ্রহণ অনুষ্ঠিত হ’ব বৰপেটা জিলাৰ ভৱানীপুৰ, বাঘবৰ, চেঙা, বিশ্বনাথৰ গহপুৰ, কাছাৰৰ শিলচৰ, বৰখােলা, চৰাইদেউৰ মাহমৰা, চিৰাঙৰ বিজনী, দৰঙৰ কাইগাঁও, ধেমাজিৰ জোনাই, ধুবুৰীৰ গৌৰীপুৰ, গােলকগঞ্জ, ডিব্ৰুগড়ৰ মৰাণ, টিংখাং, নাহৰকটীয়া, গােৱালপাৰাৰ দুধনৈ, গােৱালপাৰা পূব, গােৱালপাৰা পশ্চিম, গােলাঘাটৰ বােকাখাত, খুমটাই, হাইলাকান্দি, হােজাই, যােৰহাটৰ টীয়ক, যােৰহাট, কামৰূপ মহানগৰৰ পূব গুৱাহাটী, কামৰূপৰ বকো, পলাশবাৰী, কাৰ্বি আংলঙৰ হাওৰাঘাট, কৰিমগঞ্জৰ দক্ষিণ কৰিমগঞ্জ, লখিমপুৰৰ বিপুৰীয়া, নাওবৈচা, মৰিগাঁৱৰ লাহৰীঘাট, নগাঁৱৰ বঢ়মপুৰ, চামগুৰি, নগাঁও, নলবাৰীৰ বৰক্ষেত্ৰী, শিৱসাগৰ আৰু শােণিতপুৰ জিলাৰ ঢেকীয়াজুলি, বৰছলা তথা ৰঙাপৰা সমষ্টিত।
এইবাৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে দহগৰাকী প্রার্থীয়ে। তেওঁলােকৰ ভিতৰত আছে অংকিতা দত্ত, অৰূপ তালুকদাৰ, প্ৰণৱ কলিতা, ৰাতুল পাটোৱাৰী, কামৰুল ইছলাম চৌধুৰী, মৃণাল হাজৰিকা, ৰণােজ পেগু, জিতু গগৈ, মহিম পায়েং আৰু মূৰ ছফিকুল ৱাজিদ।
আটাইকেইগৰাকী প্রার্থীয়ে নির্বাচনী অভিজ্ঞান তীব্রতৰ কৰি তােলাৰ সময়তে লক্ষণীয়ভাৱে প্রদেশ কংগ্ৰেছৰ একাংশ শীর্ষ নেতাই পছন্দৰ প্রার্থী বিজয়ী কবলৈ উঠি-পৰি লাগিছে। কার্যতঃ যুৱ কংগ্ৰেছ নির্বাচনৰ নামত এতিয়া লবীকেন্দ্রিক ৰাজনীতি তুংগত উঠিছে প্রদেশ কংগ্ৰেছৰ অভ্যন্তৰত। বিৰােধী দলটোৰ এটা শীর্ষ সূত্রই জনােৱামতে বিৰােধী দলপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই ৰাতুল পাটোৱাৰীক যুৱ কংগ্রেছৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ চলাইছে বিশেষ অভিযান।
একেদৰে প্রাক্তন মন্ত্রী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ পছন্দৰ প্রার্থী হ’ল কামৰুল ইছলাম চৌধুৰী। আনহাতে আন এগৰাকী প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ নেতা প্রদ্যুৎ বৰদলৈয়ে প্রক্ষেপ কৰিছে অৰূপ তালুকদাৰক। এন এছ ইউ আইৰ প্রাক্তন সভাপতি মৃণাল হাজৰিকাক কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে সমর্থন জনােৱাৰ সমান্তৰালকৈ একাংশ বিধায়কে প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি প্রয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তক প্রক্ষেপ কৰা বুলি জানিব পৰা গৈছে।
সূত্ৰটোৱে জনােৱামতে তিনি দিন ধৰি ভােটগ্রহণ চলিবলগীয়া যুৱ কংগ্ৰেছৰ এইবাৰৰ ৰ্বিাচনত অৰূপ তালুকদাৰ, কামৰুল ইছলাম চৌধুৰী, ৰাতুল পাটোৱাৰী, অংকিতা দত্ত আৰু মৃণাল হাজৰিকাৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব বুলি চর্চা চলিছে। প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কামৰুল ইছলাম চৌধুৰীক বিজয়ী কৰােৱাৰ স্বাৰ্থত ধনবলবাহুবল প্রয়ােগ কৰাৰাে অভিযােগ উঠিছে। অৱশ্যে প্রাক্তন মন্ত্রীগৰাকীয়ে চেষ্টা চলালেও কামৰুক যুৱ কংগ্ৰেছৰ পৰৱর্তী সভাপতিৰূপে বিচৰা নাই দলৰে অধিকাংশ নেতা-কর্মীয়ে।
মূলতঃ বিজেপিক প্রতিহত কৰাৰ স্বাৰ্থতে এইবাৰ সংখ্যালঘু নেতাক যুৱ কংগ্ৰেছ সভাপতি পদত অধিষ্ঠিত হােৱাটো বিচৰা নাই বিৰােধী দলটোৰ নেতা-কর্মীসকলে। সংখ্যালঘু নেতাই যুৱ কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হলে বিজেপিয়ে কংগ্ৰেছক সংখ্যালঘুৰ তােষণকাৰীৰ দল বুলি অভিহিত কৰাৰ সুবিধা পাব বুলি আশংকা কৰিয়েই বিৰােধী দলটোৰ নেতা-কর্মীসকলে সংখ্যাগুৰু নেতা এজনক সভাপতি পদত অধিষ্ঠিত কৰাব বিচাৰিছে।
এনে প্রেক্ষাপটত প্রাক্তন মন্ত্রী প্রদ্যুৎ বৰদলৈয়ে আঁৰৰ পৰা সমর্থন জনােৱা প্রার্থী অৰূপ তালুকদাৰ, গৌৰৱ গগৈয়ে প্রক্ষেপ কৰা প্রার্থী মৃণাল হাজৰিকা, দেৱব্ৰত শইকীয়াই সমর্থন কৰা ৰাতুল পাটোৱাৰী আৰু একাংশ বিধায়কে প্রক্ষেপ কৰা অংকিতা দত্তৰ মাজত মূল যুঁজখন সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ ছবিখনৰ কিছু পৰিবর্তন ঘটিছে।
উল্লেখযােগ্য যে ৰাতুল পাটোৱাৰীক অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই সমর্থন জনােৱা বুলি তেওঁৰ একাংশ সমর্থকে প্রচাৰ চলাইছিল যদিও সভাপতি বৰাই কালি নিজৰ স্থিতি স্পষ্ট কৰি কয় যে তেওঁ কোনাে প্রার্থীকে সমর্থন জনােৱা নাই বা বিৰােধিতা কৰা নাই।
ছ’চিয়েল মিডিয়াযােগে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়— ‘প্রদেশ কংগ্ৰেছৰ সভাপতি হিচাপে প্ৰতিগৰাকী প্রার্থীয়ে মােৰ দৃষ্টিত সমান। দলৰ বাবে সকলাে প্রার্থীয়ে সমানে গুৰুত্বপূর্ণ। সেয়ে মই বিশেষ কোনাে প্রার্থীক সমর্থন জনােৱাৰ প্রশ্ন মুঠে। মই আশা কৰিম নিজ স্বার্থসিদ্ধিৰ বাবে কোনােৱে যেন মােৰ নামটো ব্যৱহাৰ নকৰে আৰু প্রার্থীবিশেষক সমর্থন দিছাে বুলি অপপ্ৰচাৰ নচলায়।
ৰিপুণ বৰাৰ এনে ঘােষণাৰ পিচতেই স্বাভাৱিকতে শ’লঠেকত পৰিছে ৰাতুল পাটোৱাৰী। প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰাৰ পিচত যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ ছবিখনলৈও পৰিবৰ্তন আহিছে। সূত্ৰটোৱে জনােৱামতে ৰিপুণ বৰাৰ এনে ঘােষণাৰ পিচত লাভান্বিত হৈছে অৰূপ তালুকদাৰ, মৃণাল হাজৰিকাকে ধৰি প্ৰাৰ্থীসকল। অৰূপ তালুকদাৰ, মৃণাল হাজৰিকা আৰু অংকিতা দত্তই এতিয়া তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে অন্যান্য প্রার্থীসকলৰ সন্মুখত। তেওঁলােকৰ মাজতে মূল যুঁজখন আবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে। এনে প্রেক্ষাপটত যুৱ কংগ্ৰেছৰ পৰৱর্তী সভাপতিৰূপে কোনে শেষ হাঁহি মাৰে সেয়া সম্প্রতি বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি