Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:58 am

Home » আঞ্চলিক » বায়েকৰ কাম-কাজত সহায় কৰিবলৈ গৈ পাষণ্ড ভিনীয়েকৰ আশীৰ্বাদত ৫ মাহৰ গৰ্ভৱতী ১৩ বছৰীয়া নাবালিকা

বায়েকৰ কাম-কাজত সহায় কৰিবলৈ গৈ পাষণ্ড ভিনীয়েকৰ আশীৰ্বাদত ৫ মাহৰ গৰ্ভৱতী ১৩ বছৰীয়া নাবালিকা

তামাৰহাট : ৰাজ্যখনত সঘনাই বৃদ্ধি পাইছে যৌন নিৰ্যতন, ধৰ্ষণ কাণ্ড। চৰকাৰ-প্ৰশাসন সষ্টম হোৱাৰ পিছতো কিন্তু ৰোধ কৰিব পৰা নাই এই জঘন্য ঘটনাবোৰ। অনুৰূপ ঘটনা সংঘটিত হ’ল এইবাৰ তামাৰহাটত। নিজা ভিনীয়েকৰ হাতত ধৰ্ষিতা হৈ তেৰ বছৰীয়া নাবালিকা এজনী হল পাঁচমহীয়া গৰ্ভৱতী ।
ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পাতানেৰ কুটি গাঁৱত ভিনীয়েকে নিজৰ খুলশালিয়েকক ধৰ্ষণ কৰি পাঁচমহীয়া আন্তঃসত্বা সজালে ৰমজান আলী নামৰ দুই সন্তানৰ পিতৃ। একেখন গাওঁৰে আলী উপাধিৰ দুখীয়া তথা বেমাৰী লোকজনৰ ১৩ বছৰীয়া নাবালিকা ছোৱালীজনী বাইয়েকৰ কাম-কাজত সহায় কৰাৰ বাবে প্ৰায়ে ভিনীয়েকৰ ঘৰত অহা-যোৱা কৰিছিল। অহা যোৱাৰ সুযোগ লৈ ভিনীয়েক ৰমজান আলীয়ে নিজৰ খুলশালিয়েকক পাচ-ছয় মাহ পূৰ্বৰ পৰাই যৌন নিৰ্যাতন কৰি আহিছিল।
খুলশালিয়েকে এনে কুকৰ্মৰ কথা ক’ব খুজিলেই মৃত্যুৰ ভাবুকি দিছিল ভিনীয়েক ৰমজান আলীয়ে। এনেকৈয়ে দিনবোৰ পাৰ হৈছিল, কিন্তু সত্য কেতিয়াও লুকাই নাথাকে। ছোৱালীজনীৰ শাৰিৰীকক গঠন পৰিবৰ্তন হোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ চকু কপালত উঠিল। ছোৱালীজনীক সোধ-পোচ কৰাত সকলো ঘটনা বিবৰি ক’লে ছোৱালীজনীয়ে আৰু তেতিয়া ওলাই পৰিল সকলো ৰহস্য।
এই বিষয়ে ৰমজান আলীক অবগত কৰাৰ পিছতো তেওঁৰ ওচৰত কোনো সমিধান বিচাৰি নাপাই উপায়হীন হৈ পৰিয়ালৰ লোকে দেওবাৰে আবেলি তামাৰহাট থানাত তেওঁৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত তামাৰহাট আৰক্ষীয়ে ১৪৪/১৮ নং গোচৰ ৰুজু কৰি ৩৭৬/আই পি চি / ধাৰা মতে আচামী ৰমজান আলীক আটক কৰি ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি